
ভাৰত আৰু পাকিস্তানৰ সংঘাত বন্ধ কৰাৰ স্বাৰ্থত দুয়োখন দেশৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়া বুলি পুনৰ দাবী কৰিছে ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছে যে ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত দক্ষিণ এছিয়াৰ দুয়োখন পাৰমাণৱিক শক্তিচালিত ৰাষ্ট্ৰৰ মাজত হোৱা সংঘাত সেই সতৰ্কবাণীৰ বাবেই ৰোধ হৈছিল। শুকুৰবাৰে ফ্ল’ৰিডাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ট্ৰাম্পে কয়, “মই ভাৰত আৰু পাকিস্তানৰ নেতাসকলক সকীয়াই দিছিলোঁ- যদি তেওঁলোকে যুদ্ধ বন্ধ নকৰে তেন্তে তেওঁলোকে আমেৰিকাৰ সৈতে কোনো ধৰণৰ বাণিজ্য কৰিব নোৱাৰিব আৰু তেওঁলোকৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপ কৰা হ’ব।” ট্ৰাম্পে দাবী কৰে যে তেওঁৰ এই ভাবুকিৰ সন্মুখত নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফে সংঘাতৰ অন্ত পেলাবলৈ সন্মত হৈছে।
ইয়াৰ উপৰি ট্ৰাম্পে ২০২৫ চনৰ ৭-১০ মে’ৰ ভিতৰত সামৰিক সংঘাতত ১১ খন বিমান ধ্বংস হোৱা বুলিও দাবী কৰে। উল্লেখ্য যে ২০২৫ চনৰ ২২ এপ্ৰিলত পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় বায়ুসেনাই ২০২৫ চনৰ ৭ মে’ত পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানী ভূখণ্ডত ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰে। তাৰ পিছত দুয়োখন দেশে যুদ্ধত লিপ্ত হয় । অৱশ্যে তিনিদিনৰ ভিতৰতে নতুন দিল্লী আৰু ইছলামাবাদে যুদ্ধ বন্ধ কৰাৰ সিদ্ধান্ত লয়। তেতিয়াৰে পৰাই ট্ৰাম্পে দাবী কৰি আহিছে যে তেৱেঁই এই সংঘাত বন্ধ কৰি দিছিল। কিন্তু নতুন দিল্লীয়ে কেতিয়াও ট্ৰাম্পৰ দাবী মানি লোৱা নাই। অৱশ্যে ইছলামাবাদে ট্ৰাম্পৰ মধ্যস্থতাকাৰীৰ ভূমিকা মুকলিকৈ স্বীকাৰ কৰিছে।
২০২৫ চনৰ ১০ মে’ত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে পাকিস্তানৰ ডিজিএমঅ’ই ভাৰতীয় ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰি যুদ্ধবিৰতিৰ অনুৰোধ জনায়। ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত স্থল, আকাশ আৰু সাগৰত সামৰিক অভিযান বন্ধ কৰাৰ চুক্তি হয়।

আনহাতে, আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’য়ো ২০২৫ চনৰ ১০ মে’ত কয় যে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁ ভাৰত আৰু পাকিস্তানৰ শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগ কৰিছিল। অৰ্থাৎ আমেৰিকাৰ কূটনৈতিক যোগাযোগৰ তথ্য আছে যদিও সেই যোগাযোগ সংঘটিত হোৱাৰ বাবেই ইয়াৰ দ্বাৰা প্ৰমাণিত নহয় যে ২৫০ শতাংশ শুল্কৰ ভাবুকি আছিল যুদ্ধবিৰতিৰ নিৰ্ণায়ক কাৰণ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত কৈছিল যে কোনো বিশ্ব নেতাৰ কথাৰ বাবেই সংঘাত বন্ধ হোৱা নাইল। কেন্দ্ৰীয় চৰকাৰৰ মতে, যুদ্ধবিৰতি বিচাৰিছিল পাকিস্তানে। তাত ভাৰতে সন্মতি দিয়ে। কিন্তু তাৰ পাছতো ট্ৰাম্পে কেইবাবাৰো দাবী কৰিছে যে তেওঁৰ বাবেই ভাৰত-পাকিস্তানৰ সংঘাত বন্ধ হৈ গ’ল। যোৱা বছৰ দক্ষিণ কোৰিয়া ভ্ৰমণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু পাকিস্তানী নেতাৰ সৈতে কথা পতা বুলি দাবী কৰিছিল। ট্ৰাম্পে কয়, “মই কৈছিলোঁ, মই দুয়োখন দেশৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপ কৰিম।
অৰ্থাৎ তেওঁলোকে আৰু কেতিয়াও ব্যৱসায় কৰিব নোৱাৰিব।” শুকুৰবাৰে ফ্ল’ৰিডাত অনুষ্ঠিত মধ্যকালীন নিৰ্বাচনী সভাত ৰিপাব্লিকান দলৰ প্ৰবীণ নেতাগৰাকীৰ মন্তব্য, “মই কৈছিলোঁ, ‘বন্ধুসকল, যদি আপুনি এই কাম কৰে তেন্তে আপুনি কেতিয়াও আমেৰিকাৰ সৈতে ব্যৱসায় কৰিব নোৱাৰিব। মই আপোনালোক দুয়োৰে ওপৰত এক বৃহৎ শুল্ক জাপি দিম— ২৫০ শতাংশ, যাতে আপোনালোকে কোনো ব্যৱসায় কৰিব নোৱাৰে। আৰু সেইটোৱেই কাম কৰিলে।”











