
জম্মু-কাশ্মীৰৰ পুঞ্চত অৰণ্যৰে আগুৰি থকা পাহাৰীয়া গুহাত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থান বিচাৰি উলিয়াইছে ভাৰতীয় সেনাই। চোৰাংচোৱাৰ সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু সেনাৰ যৌথ বাহিনীয়ে মেন্ধাৰৰ কছবালাৰী অঞ্চলত অভিযান চলায়ই এটা গুহাৰ সন্ধান লাভ কৰে।
সেনাৰ সূত্ৰ অনুসৰি, গুহাটোত প্ৰৱেশ কৰাৰ লগে লগে দেখা বৃহৎসংখ্যক অস্ত্ৰ-শস্ত্ৰ জমা হৈ থকা প্ৰত্যক্ষ কৰে। ইয়াৰ উপৰি কাপোৰ, আক্ৰমণৰ বাবে প্ৰয়োজনীয় কেইবাটাও সঁজুলিও উদ্ধাৰ কৰা হয়। বহু খাদ্য-সামগ্ৰীও উদ্ধাৰ কৰা হৈছে। এটা আইইডি, এটা ৭.৬২ এলএমজি মেগজিন, এটা ক’লা বেগ, এটা এলুমিনিয়ামৰ পাত্ৰ, দুটা এডাপ্টৰ আৰু কেইবাটাও টিফিন বক্স উদ্ধাৰ কৰা হৈছে। টিফিন বক্সত বিস্ফোৰক ভৰাই এই আক্ৰমণৰ পৰিকল্পনা ৰচনা কৰা বুলি সন্দেহ কৰা হৈছে।

কিন্তু সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান থকাৰ পিছতো কোনো সন্ত্ৰাসবাদী সন্ধান পোৱা হোৱা নাই। পাহাৰৰ ঘন অৰণ্যৰ গুহাবোৰক অস্ত্ৰ-শস্ত্ৰ আৰু আত্মগোপন স্থান হিচাপে বাছি লোৱা হৈছে। এনেধৰণৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান পূৰ্বেও পোৱা গৈছিল। অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে। এজন সেনা বিষয়াৰ মতে, “সন্ত্ৰাসবাদীয়ে এনে গুহাক ঢাল হিচাপে ব্যৱহাৰ কৰি আছে। পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে স্থানীয় সন্ত্ৰাসবাদীৰ সহযোগত এই গুহাবোৰক আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰি আক্ৰমণ চলাই আহিছে।”
সেনাৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ তালাচী চলোৱা হৈছে। সন্দেহজনক কোনো লোক দেখা পালে আৰক্ষীক অৱগত কৰাৰ বাবেও আশে-পাশে থকা অঞ্চলসমূহত বাৰ্তা প্ৰেৰণ কৰা হৈছে।












