
ৰাজস্থানৰ (Rajasthan) দৌছাত এগৰাকী গৰ্ভৱতী মহিলাক (Pregnant woman rape) পথৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষণৰ অভিযোগ। ঘটনাস্থলীতে প্ৰসৱ কৰে মহিলাগৰাকীয়ে। অভিযুক্তই পলায়ন কৰাত নিজেই নৱজাতকক লৈ চিকিৎসালয় পায়গৈ। চিকিৎসকে শিশুটিক পৰীক্ষা কৰি মৃত ঘোষণা কৰে। বৃহস্পতিবাৰে এই ঘটনাৰ খবৰ দিয়ে আৰক্ষীয়ে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দৌছা জিলাৰ কলবা থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষী অধীক্ষক কুন্দন কাঁৱৰিয়াই জানিবলৈ দিয়া মতে, ভুক্তভোগীৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে। অভিযুক্তৰ সন্ধানত বিশেষ দল গঠন কৰা হৈছে। চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মাতৃগৰাকী। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ।

প্ৰাৰম্ভিক তদন্তত মহিলাগৰাকীয়ে বন্ধুৰ বাইকেৰে ঘৰৰ পৰা চিকিৎসালয়লৈ গৈ আছিল বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, ঘৰৰ পৰা কিছু দূৰৈত এদল যুৱকে পথ অৱৰোধ কৰে। ইয়াৰ পিছত তেওঁক বলপূৰ্বকভাৱে দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ ওচৰৰ নিৰ্জন স্থানলৈ লৈ যায়। তাতেই দলবদ্ধ ধৰ্ষণৰ অভিযোগ। আৰক্ষীৰ সূত্ৰ মতে, সেই ঘটনাৰ পিছতে তেওঁৰ প্ৰসৱ যন্ত্ৰণা আৰম্ভ হয়। ইয়াৰ পিছত তাতে সন্তানটো প্ৰসৱ কৰে। সেই অৱস্থাতে তেওঁ স্থানীয় চিকিৎসালয় পায়হি। তেওঁক দেখাৰ লগে লগে চিকিৎসালয় কৰ্তৃপক্ষই তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰি আৰক্ষীক খবৰ দিয়ে।
এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, অভিযুক্তক চিনাক্ত কৰাৰ কাম চলি আছে। এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে।












