
চৌদি আৰৱৰ (Saudi Arabia) কিং ফাহাদ বিমানবন্দৰত (King Fahd Airport) আক্ৰমণ। এতিয়ালৈকে এই আক্ৰমণত দুজন লোকৰ মৃত্যু (Two people died) হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত এজন ভাৰতীয়ও আছে। আন বহু লোক গুৰুতৰভাৱে আহত হৈছে। ইয়াৰ ভিতৰত ভাৰতীয়, পাকিস্তানী, বাংলাদেশী আদি লোক আছে। ভাৰতে এই আক্ৰমণক গৰিহণা দিছে।
ৰিয়াধত থকা ভাৰতীয় দূতাবাসে এই আক্ৰমণ সন্দৰ্ভত অধিক তথ্য সংগ্ৰহ কৰি থকা বুলি জানিবলৈ দিয়ে। কেৱল সেয়াই নহয়, মৃত আৰু আহতসকলৰ পৰিয়ালৰ সৈতেও যোগাযোগত আছে। অৱশ্যে এই আক্ৰমণৰ আঁৰত কোন আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। যদিও ইৰাণ সমৰ্থিত হুথী গোটটোৱে পূৰ্বতে চৌদি বিমানবন্দৰত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি আহিছে। চৌদি আৰৱৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই কয় যে এই আক্ৰমণৰ ফলত কিং ফাহাদ বিমানবন্দৰৰ ক্ষতিৰ পৰিসৰৰ মূল্যায়ন কৰি আছে। সাময়িকভাৱে বিমানবন্দৰৰ কাম-কাজ বন্ধ কৰি দিয়া হয়। অৱশ্যে কিছু সময়ৰ পাছতে সেৱাসমূহ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিযোগে এই আক্ৰমণক গৰিহণা দিয়ে। নতুন দিল্লীয়ে কয়, “আমি পুনৰ কওঁ যে সাধাৰণ নাগৰিক আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত এনে আক্ৰমণ কোনো ধৰণে গ্ৰহণযোগ্য নহয়। এনে আক্ৰমণ তৎক্ষণাত বন্ধ হ’ব লাগে। আমি চৌদি আৰৱৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত ছৌদি আৰৱৰ জনসাধাৰণ আৰু চৰকাৰৰ ওচৰত থিয় দিছো। আমি আশা কৰিছো যে অঞ্চলটোত অতি সোনকালে শান্তি আৰু স্বাভাৱিকতা ঘূৰি আহিব।”
চলিত মাহত প্ৰায় প্ৰতিদিনেই হুথীয়ে চৌদি আৰৱত আক্ৰমণ চলাই আহিছে। কিছুদিন পূৰ্বে য়েমেনৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠনে ৰিয়াধৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডাম্মাম বিমানবন্দৰত আক্ৰমণ চলাইছিল। বিগত কিছুদিন ধৰি চৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক লক্ষ্য কৰি লৈছে হুথীয়ে। ১০ অক্টোবৰত তেওঁলোকে বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। কমেও ১২ জন লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয়। আহতসকলৰ ভিতৰত আছে ১১জন ভাৰতীয়। ভাৰতে এই আক্ৰমণকো গৰিহণা দিয়ে। চৌদি ডাম্মাম বিমানবন্দৰ আৰু শক্তি কোম্পানী আৰামকোৰ কেইবাটাও শোধনাগাৰকো আক্ৰমণ কৰে হুথীয়ে।













