
প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ পুত্ৰ ৰাইহান ৰাজীৱ ভাদ্ৰাৰ প্ৰদৰ্শনীক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, প্ৰদৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে দিল্লীত ছাত্ৰ আৰু যুৱ প্ৰতিবাদৰ সৈতে জড়িত ছবিসমূহ আঁতৰাবলৈ কৰ্তৃপক্ষই নিৰ্দেশ দিছে। যাৰ ফলত প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত ১০৫ খন ছবিৰ ভিতৰত ৭৪ খন ছবি আঁতৰাবলগীয়া হয়। এই ঘটনাত প্ৰিয়ংকা আৰু তেওঁৰ পুত্ৰই কৰ্তৃপক্ষৰ বিৰুদ্ধে মাত মাতিছে।
বুধবাৰে দিল্লীৰ বিকানেৰ হাউছত ৰাইহানৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। প্ৰদৰ্শনীখনৰ নাম দিয়া হৈছিল ‘ন’ আইডিয়া ইজ ফাইনেল’ বা ‘কোনো ধাৰণাই চূড়ান্ত নহয়’। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা আৰু ব্যৱসায়ী ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰ ৰাইহান এজন পেছাদাৰী চিত্ৰশিল্পী আৰু ফটোগ্ৰাফাৰ। সিদ্ধান্ত লোৱা হয় যে তেওঁ তোলা কেইবাখনো ছবি প্ৰদৰ্শনীত ৰখা হ’ব। ইয়াৰ ভিতৰত বিগত ছমাহ ধৰি দিল্লীত ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ছবিও আছিল। অভিযোগ অনুসৰি, এই ছবিসমূহৰ ওপৰত বিকানেৰ হাউছ কৰ্তৃপক্ষই আপত্তি কৰে। ২৬ বছৰীয়া ৰাইহানে অভিযোগ কৰে যে বুধবাৰৰ পৰা প্ৰদৰ্শনী আৰম্ভ হোৱাৰ তিনি ঘণ্টা পূৰ্বে কৰ্তৃপক্ষই তেওঁক কেইবাখনো ছবি আঁতৰাবলৈ কয়। তেওঁ কয়, “লিখিত আপত্তিটো বিয়লি প্ৰায় ৩.৩০ বজাত প্ৰেৰণ কৰা হৈছিল। প্ৰদৰ্শনী আৰম্ভ হোৱাৰ মাত্ৰ তিনি ঘণ্টা আগতে ১০৫ খন ছবিৰ ভিতৰত ৭৪ খন ছবি আঁতৰাবলৈ ৩০ মিনিট সময় দিয়া হৈছিল।”

প্ৰিয়ংকাৰ পুত্ৰই কয় যে বিকানেৰ হাউছে তেওঁক কৈছিল যে ছবিসমূহ ‘সময় আৰু প্ৰসংগৰ ফালৰ পৰা উপযুক্ত নহয়’। যিহেতু সমগ্ৰ দিল্লী এতিয়াও কটকটীয়া নিৰাপত্তাৰ বেষ্টনীত আছে, সেয়েহে ৰাইহানে দাবী কৰে যে তেওঁক কোনো ধৰণৰ ৰাজনৈতিক ছবি জনসাধাৰণৰ মাজলৈ অনাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তেওঁ কয় যে তেওঁৰ দলৰ সদস্যসকলে ৭৪ খন ছবি আঁতৰোৱাৰ পিছত তেওঁলোকে কেৱল খালী ঠাইবোৰত ফ্ৰেম লগাই ৰাখিছিল। প্ৰিয়ংকাৰ পুত্ৰই কয় যে তেওঁলোকে সেইবোৰতো আপত্তি কৰিছিল আৰু পিছত খুলি দিয়া হৈছিল।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ সংস্থা পিটিআইক প্ৰিয়ংকাই কয়, “এই ধৰণৰ পদক্ষেপ আচৰিত। সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ কণ্ঠক নিস্তব্ধ কৰাৰ প্ৰয়াস কৰা হৈছে। আজি তেওঁৰ (ৰাইহান) ক্ষেত্ৰতো এনেকুৱাই হৈছে। কাইলৈ আন যিকোনো শিল্পীৰ ক্ষেত্ৰতো এনেকুৱা হ’ব পাৰে।” প্ৰিয়ংকাৰ পুত্ৰই কয় যে তেওঁ মাত্ৰ শিল্পীজনৰ চকুৰে মানুহৰ সমাৱেশক বন্দী কৰিবলৈ চেষ্টা কৰিছিল। ৰাইহানে কয়, কলাত বাধা সৃষ্টি কৰাটো ঠিক নহয়।












