
নিৰ্বাচন আয়োগৰ আন এগৰাকী শীৰ্ষ বিষয়াৰ কৰ্মশৈলীক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই প্ৰশ্ন উত্থাপন কৰিছে দুই নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে। সান্ধু আৰু যোশীয়ে কেবিনেট সচিবালয়লৈও এখন পত্ৰ লিখি আয়োগৰ জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্ত মনীষ গাৰ্গৰ (By-election commissioner Manish Garg) কৰ্মশৈলীক লৈ প্ৰশ্ন উত্থাপন কৰে। কিন্তু সেই পত্ৰৰ পৰিপ্ৰেক্ষিতত কেবিনেট সচিবালয়ে কোনো ব্যৱস্থা ল’ব বিচৰা নাই। তথ্য জনাৰ অধিকাৰ আইনৰ (আৰটিআই) অধীনত কৰা এক প্ৰশ্নৰ উত্তৰত এই কথা পোহৰলৈ আহিছে।
সংবাদ সংস্থা পিটিআয়ে আৰটিআইৰ প্ৰশ্ন সন্দৰ্ভত প্ৰতিবেদনত বিতংভাৱে প্ৰকাশ কৰিছে। ইয়াত কোৱা হৈছে যে এই সন্দৰ্ভত ২৯ জুলাইত নিৰ্বাচন আয়ুক্ত দুজনে পৃথকে পৃথকে কেবিনেট সচিব টিভি সোমনাথনলৈ এখন পত্ৰ লিখিছিল। কিন্তু কেবিনেট সচিবালয়ে সেই পত্ৰখনক ব্যক্তিগত পদক্ষেপ হিচাপে গণ্য কৰিছিল। সমাজকৰ্মী ক’ম’ডৰ লোকেশ কে বাট্ৰাৰ এক প্ৰশ্নৰ উত্তৰত কেবিনেট সচিবালয়ে কয় যে যদিও অভিযোগটো গুৰুত্বসহকাৰে লোৱা হৈছে, তথাপিও আয়োগে আনুষ্ঠানিকভাৱে এই অভিযোগ উত্থাপন কৰা নাছিল। সেই পৰিস্থিতিত আয়োগৰ কাম-কাজত কোনো ধৰণৰ ব্যৱস্থা লোৱা বা হস্তক্ষেপ কৰাটো উপযুক্ত নহ’লহেঁতেন বুলি আৰটিআইৰ তথ্যত উল্লেখ কৰা হৈছে। পিটিআইৰ প্ৰতিবেদন অনুসৰি, আৰটিআইৰ এক প্ৰশ্নৰ উত্তৰত কেবিনেট সচিবালয়ে কয়, “নিৰ্বাচন আয়ুক্তসকলে নিজাববীয়াকৈ পত্ৰ প্ৰেৰণ কৰিছে। যদিও বিষয়টো গুৰুত্বসহকাৰে লোৱা হৈছে, তথাপিও সমগ্ৰ নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে একো জনোৱা নাই।” আৰটিআইৰ তথ্য অনুসৰি, কেবিনেট সচিবালয়ে এই পত্ৰ লাভ কৰা বুলি স্বীকাৰ কৰিছে। ইয়াৰ উপৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ প্ৰধান ব্যক্তিগত সচিবলৈও প্ৰেৰণ কৰিছে পত্ৰখনৰ প্ৰতিলিপি। কেবিনেট সচিবালয়ে কয় যে ভৱিষ্যতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত এই পত্ৰ দুখন বিবেচনা কৰা হ’ব।

আৰটিআইৰ তদন্তত প্ৰকাশ পাইছে যে নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্ত মনীষ গাৰ্গে ‘স্বেচ্ছাচাৰী’ হোৱা বুলি দুই নিৰ্বাচন আয়ুক্ত সান্ধু আৰু যোশীয়ে অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি, সংশ্লিষ্ট শীৰ্ষ বিষয়াৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্ত, উপ-নিৰ্বাচন আয়ুক্ত, সঞ্চালক প্ৰধান আৰু অন্যান্য বিষয়াসকলৰ মাজত দায়িত্ব বিতৰণ কৰিছে। বহুবাৰ মৌখিক নিৰ্দেশৰ ভিত্তিত বিষয়াসকলৰ দায়িত্ব বিতৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। যোশীয়ে লগতে তেওঁ অনুৰোধ কৰাৰ পিছতো আয়োগৰ প্ৰশাসনিক বিভাগে তেওঁক জৰুৰী ফাইলটো প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে।
একাংশই প্ৰশ্ন উত্থাপন কৰিছে যে নিৰ্বাচন আয়ুক্ত দুগৰাকীয়ে তেওঁলোকৰ অধীনত থকা এজন বিষয়াৰ কৰ্মশৈলীক লৈ প্ৰশ্ন উত্থাপন কৰি কেবিনেট সচিবলৈ পত্ৰ লিখিছিল। আয়োগে কিয় আভ্যন্তৰীণভাৱে বিষয়টো সমাধান কৰিব পৰা নাই বুলিও প্ৰশ্ন উত্থাপন হৈছে। এই সন্দৰ্ভত স্পষ্টীকৰণৰ দাবী জনাইছে প্ৰাক্তন নিৰ্বাচন আয়ুক্ত অশোক লাভাছাই। তেওঁৰ মতে, উত্থাপিত অভিযোগ আয়োগৰ ভিতৰত সঠিকভাৱে আলোচনা হৈছিল নে নাই, সেয়া ৰাজহুৱা কৰা উচিত।
উল্লেখ্য যে ২৩ ছেপ্টেম্বৰত ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ তদন্তমূলক প্ৰতিবেদনক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ৰাজনীতিত আলোড়নৰ সৃষ্টি হৈছে। প্ৰতিবেদন অনুসৰি, সান্ধু আৰু যোশীয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকক অন্ধকাৰত ৰাখি কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মূলতঃ ভোটাৰ তালিকাৰ স্বচ্ছতা বজাই ৰখা, ৬ নং প্ৰপত্ৰত অবৈধভাৱে বক্তব্য সলনি কৰা, এছআইআৰৰ পিছত ভোটাৰৰ নাম বাদ পৰা আৰু সংযোজন কৰা আদি কেইবাটাও বিষয়ত জ্ঞানেশৰ এই কাৰ্যক লৈ আপত্তি কৰিছে সান্ধু আৰু যোশীয়ে। আয়োগৰ এই সিদ্ধান্তত বিগত ১০ মাহত ১৪ বাৰ আপত্তি কৰিছে। বিতৰ্কৰ সন্মুখত আয়োগৰ ব্যাখ্যা হ’ল নিৰ্বাচন আয়ুক্তসকলৰ মাজত মতানৈক্য থাকিলেও ঐক্যমতৰ ভিত্তিত সিদ্ধান্ত লোৱা হয়। আয়োগে এই ব্যাখ্যা দিয়াৰ পিছতো বিতৰ্ক বন্ধ নহ’ল। ইয়াৰ বিপৰীতে ককৰোচ জনতা পাৰ্টীৰ লগতে বিভিন্ন বিৰোধী দল-সংগঠনে আয়োগৰ বিৰুদ্ধে মাত মাতি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনাইছে। এনে পৰিস্থিতিত আৰটিআইৰ তথ্যই জ্ঞানেশ কুমাৰ আৰু শাসকীয় শিবিৰৰ অস্বস্তি বৃদ্ধি কৰিব বুলি ধাৰণা কৰা হৈছে।













