
নলবাৰীৰ বালিকৰিয়াত প্ৰায় ২ কোটি টকা মূল্যৰ অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ। স্হানীয় লোকে উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ ঔষধৰ বান্দিল৷ পৰহি নিশা নিবাৰণ বৰ্মন নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ এটা পৰিত্যক্ত বাসগৃহত মজুত কৰি ৰাখিছিল ঔষধৰ বান্দিলসমূহ৷ অৱশ্যে লাবন্য বৰ্মন নামৰ মানুহগৰাকী উক্ত ঘৰটোত কিছুবছৰৰ পৰা ভাৰতীয়া হিচাপে বাস কৰি আছে৷ ইতিমধ্যে উক্ত ঘটনাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ইপিনে স্থানীয় ৰাইজে এই ঘটনা সম্পৰ্কত আৰক্ষী আৰু ঔষধ পৰিদৰ্শক অৱগত কৰিছে। এতিয়ালৈকে ঔষধ মজুতকৰণৰ প্ৰকৃত তথ্য পোহৰলৈ অহা নাই।












