
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বান সাহায্য প্ৰদান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বান সাহায্য হিচাপে ৫১ লাখ টকাৰ চেক প্ৰদান।

এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কয়, “আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ হৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ৫১ লাখ টকাৰ এখন চেক অৰ্পণ কৰোঁ।”
তেওঁ লগতে কয়, “অসমৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হোৱা বানৰ ফলত ক্ষতিগ্ৰস্ত আমাৰ ভাই-ভনীসকলক সহায় কৰাৰ দিশত এয়া এক বিনম্ৰ অৱদান। মই আন্তৰিকতাৰে আশা কৰিছোঁ যে এই সাহায্য যিমানেই সামান্য নহওক কিয়, এই কঠিন সময়ত কষ্টৰ সন্মুখীন হোৱা পৰিয়ালসমূহক সকাহ আৰু সহায় আগবঢ়োৱাৰ দিশত ই অৰিহণা যোগাব।”
বান সাহায্য প্ৰদান সন্দৰ্ভত তেওঁ লগতে কয়, “ক্ষতিগ্ৰস্ত সকলোৰে সৈতে কাৰ্বি আংলঙৰ ৰাইজে একেলগে থিয় দিছে। বানপীড়িত পৰিয়ালসমূহৰ বাবে মোৰ প্ৰাৰ্থনা। তেওঁলোকৰ শক্তি, নিৰাপত্তা আৰু স্বাভাৱিক অৱস্থালৈ সোনকালে ঘূৰি অহাৰ কামনা কৰিলোঁ।”
উল্লেখ্য যে চেক প্ৰদানৰ সময়ত চিইএম ৰংহাঙৰ সৈতে উপস্থিত থাকে বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লুংছিং তেৰণ।













