
কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ অন্তৰ্গত বৰজানৰ সমীপত মঙলবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৪ জন গুৰুতৰভাৱে আহত হয়। তীব্ৰ বেগী ডাম্পাৰে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে, দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ চালকজনে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

দুৰ্ঘটনাটোত নিহত লোক দুজনক জ্ঞানলাল হৰিজন (৩০) আৰু সৌৰজিত হৰিজন (২৮) বুলি চিনাক্ত কৰা হৈছে। আহতকেইজন হৈছে সজল দাস (২৫), স্বপন দাস (৫৭), নিপুৰ মজুমদাৰ (৪০) আৰু কৃষ্ণা দেৱনাথ (৫৫) । ইয়াৰে ভিতৰত কৃষ্ণা দেৱনাথৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, ডিফুৰ পৰা হাওৰাঘাট অভিমুখে এখন অ’টোত এই ৬ জন লোক গৈ থকা অৱস্থাত মাঞ্জা বাইপাছৰ ২৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰজানৰ সমীপত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত লোকসকলক সংকটজন অৱস্থাত ডিফু মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও জ্ঞানলাল আৰু সৌৰজিত হৰিজনক চিকিৎসক মৃত ঘোষণা কৰে। আন ৪জন বৰ্তমানো তাত চিকিৎসাধীন হৈ আছে আৰু কৃষ্ণা দেৱনাথৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সন্দৰ্ভত মাঞ্জা আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰি ডাম্পাৰ চালকজনৰ সন্ধান অব্যাহত ৰাখিছে।













