
কেৱল শ্ৰেণীকোঠাৰ শিক্ষাৰ মাজতে আবদ্ধ নাথাকি শিক্ষাৰ্থীসকল গ্ৰন্থমুখী হ’ব লাগিব। এই উদ্দেশ্য আগত ৰাখি কাৰ্বি আংলঙৰ বকলীয়াঘাট (Bokoliaghat of Karbi Anglong)ৰ ৰুকাছেন মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰ (Central Library of Rukasen College) কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এক অনন্য পদক্ষেপ। শনিবাৰে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “Books are for use” শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।
অনুষ্ঠানত মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰিক বিজুমণি দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰে। আনহাতে, অনুষ্ঠানৰ আৰম্ভণিতে পুথিভঁৰাল বিজ্ঞানৰ পিতৃ ডঃ এছ আৰ ৰংগনাথন আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰা হয়।

আনহাতে, মহাবিদ্যালয়ৰ অধ্যক্ষ লংকেশ্বৰ হাইনাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থাগাৰ বিজ্ঞান বিভাগৰ তৃতীয় ষাণ্মাসিকৰ শিক্ষাৰ্থীসকলে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ‘মায়াবিনী’ পৰিবেশন কৰি সমগ্ৰ পৰিৱেশটো জীপাল কৰি তোলে। লগতে ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা নৃত্য-গীতে প্ৰেক্ষাগৃহটো মুখৰিত কৰে।
এই সভাতে নতুন শিক্ষাবৰ্ষৰ প্ৰথম ষাণ্মাসিকৰ দুগৰাকী ছাত্ৰীয়ে গ্ৰন্থৰ গুৰুত্ব সম্পৰ্কে নিজৰ মনোভাব ব্যক্ত কৰে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ডঃ প্ৰসেনজিত মুছাহাৰীৰ উপৰি বিভিন্ন বিভাগৰ মুৰব্বী, অধ্যাপক-অধ্যাপিকা, গ্ৰন্থাগাৰ কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।













