ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
August 19, 2026
Reading Time: 1 min read
A A
0
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

RELATED POSTS

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

New Logo Smal 2 | ASSAM TIMES POST

বুধবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ ডিফুত উপস্থিত হয় ৰাজ্য চৰকাৰৰ কৃষি আৰু জলসিঞ্চন (Agriculture and Irrigation) বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা (Minister Piyush Hazarika)। কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে ডিফুৰ তাৰালাংছ’স্থিত কাজিৰ ৰংহাংপী অতিথিশালাৰ প্ৰেক্ষাগৃহত কৃষি, জলসিঞ্চনৰ লগতে কেইবাটাও বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।
ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

বৈঠকত মন্ত্ৰীগৰাকীয়ে কৃষি-উদ্যোগীসকলক ৩ শতাংশ সুতৰ ৰেহাই থকা ২ কোটি টকালৈকে ঋণ প্ৰদান কৰা কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক ঘোষণা মৰ্মে প্ৰৱৰ্তন কৰা ‘মুখ্যমন্ত্ৰী কৃষি উৎকৃষ্টতা বঁটা’ৰ অধীনত এই বছৰ ১,০০০ গৰাকী প্ৰগতিশীল তথা শিক্ষিত কৃষকক ১ লাখ টকাকৈ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

অহা ৫ বছৰত মুঠ ১০,০০০ গৰাকী কৃষকক এই বঁটাৰে পুৰস্কৃত কৰাৰ লক্ষ্য লোৱা হৈছে। ইফালে ‘পি এম কিষাণ’ ৰ সুবিধা বৰ্তমান ৰাজ্যৰ ১৮ লাখ ৬০ হাজাৰ কৃষকে লাভ কৰি আছে আৰু এই সংখ্যা আৰু ১০ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে দৈনিক গড়ে ৬,০০০ জনকৈ কৃষকক পঞ্জীয়ন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙত বৰ্তমান মাত্ৰ ৩৫,০০০ কৃষকেহে এই সুবিধা পাই থকা বাবে স্থানীয় প্ৰশাসনক যোগ্য কৃষকসকলৰ মাটিৰ স্বত্বজনিত সমস্যাসমূহ সমাধান কৰি পঞ্জীয়ন নিশ্চিত কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত অহা ২৪ আগষ্টত গুৱাহাটীত ভূমি ৰেকৰ্ড আৰু জৰীপ সঞ্চালকালয়ৰ সৈতে এক বৈঠক অনুষ্ঠিত হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

ইয়াৰ উপৰিও, দুয়োখন জিলাতে তৈল খেজুৰ আৰু আনাৰসৰ প্ৰক্ৰিয়াকৰণত গুৰুত্ব দি ১০ বিঘা মাটিত তৈল খেজুৰ খেতিৰে প্ৰায় ৬ লাখ টকাৰ লাভাৰ্জন কৰিব পৰা সম্ভাৱনাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰতি বছৰে ৫ কোটিকে মুঠ ২৫ কোটি উদ্যান শস্যৰ পুলি বিতৰণ কৰাৰ লক্ষ্য পূৰণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়াৰ লগতে কৃষকমহলক তামোল, ক’ক’, নাৰিকল, আনাৰস আৰু মাখনা খেতিৰ জৰিয়তে উপাৰ্জন বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

জলসিঞ্চন বিভাগৰ পৰ্যালোচনাকালত জিলাখনৰ ১৯ হাজাৰ হেক্টৰ কৃষিভূমি সামৰি লোৱা ৭ টা সম্পূৰ্ণ সক্ৰিয় আৰু ২৮১ টা আংশিকভাৱে সক্ৰিয় আঁচনিৰ বুজ লোৱাৰ লগতে বিকল হৈ থকা ১১৯ টা আঁচনি পুনৰ কাৰ্যক্ষম কৰাৰ সম্ভাৱনা পৰীক্ষা কৰা হয়। ৰাজ্যজুৰি ৪ লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে ‘পি এম কুসুম’ , লিফ্ট ইৰিগেশ্যন আৰু কেনেল ব্যৱহাৰত গুৰুত্ব দিবলৈ অভিযন্তাসকলক নির্দেশ দিয়া হয়।

ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে তৰালাংছ’স্থিত ছেৰতাছিন প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘কৃষি আন্তঃগাঁথনি পুঁজি’ বিষয়ক এক ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে। জিলাখনৰ প্ৰগতিশীল কৃষক, কৃষি-উদ্যোগী আৰু অগ্ৰণী বেংক বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰী হাজৰীকাই ৩% সুতৰ ৰেহাই থকা ২ কোটি টকালৈকে ঋণ প্ৰদান কৰা আঁচনিখনৰ সৰ্বোচ্চ সুবিধা গ্ৰহণ কৰি নিজকে সফল কৃষি-উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ সমবেত কৃষক তথা উদ্যমী যুৱক-যুৱতীসকলক আহ্বান জনায়।

ইয়াৰ উপৰিও কাৰবি আংলং জিলাত বৰ্তমান মাত্ৰ ৮ টা কৃষক উৎপাদক সংগঠন (FPO) থকা বিষয়টো উল্লেখ কৰি অতি সোনকালে FPO ৰ সংখ্যা আৰু বৃদ্ধি কৰাৰ দিশত কাম কৰিবলৈ জিলা কৃষি বিষয়াক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যৰ ৪ লাখ হেক্টৰ কৃষিভূমি জলসিঞ্চনৰ আওতালৈ অনাৰ লক্ষ্যৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে তামোল, ক’ক’, নাৰিকল, আনানস আৰু মাখনাৰ অধিক খেতিৰে নিজৰ আয় বৃদ্ধি কৰিবলৈ কৃষকসকলক উৎসাহ যোগায়। উক্ত ৰাজহুৱা সভাতে মন্ত্ৰীগৰাকীয়ে AIF আঁচনিৰ অধীনত নির্বাচিত এজন হিতাধিকাৰীৰ হাতত আনুষ্ঠানিকভাৱে ঋণৰ চেক প্ৰদান কৰে।

আনহাতে, কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ কংগ্ৰেছে কৰা বিৰোধ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে নিজৰ শাসনকালত কাজিৰঙাৰ গঁড় হত্যা কৰা কংগ্ৰেছ দলে কাজিৰঙাৰ কথা কোৱাটো লজ্জাজনক। নাম নোলোৱাকৈ গৌৰৱ গগৈক কটাক্ষ কৰি পীযুষ হাজৰিকাই কয় যে বিদেশত পঢ়ি অহা দলটোৰ মুৰব্বীগৰাকীয়ে ‘Eco Sensitive Zone’ আৰু ‘Economic Sensitive Zone’-ৰ মাজৰ পাৰ্থক্য বুজি নাপায়। সেই দলে কি আন্দোলন কৰিব জনা আছে বুলি উল্লেখ কৰে কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে কিয় গঁড় হত্যা কৰিছিল সেই কথা প্ৰথমতে অসমৰ ৰাইজৰ আগত প্ৰকাশ কৰক।উক্ত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়কসকলৰ লগতে জিলা আয়ুক্ত উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা
Share5Tweet3Send

Related Posts

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
52
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

by News Desk
August 16, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

by News Desk
August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

by News Desk
August 13, 2026
53
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
ADVERTISEMENT
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
50
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?
National-International

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
50
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d