![]()
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ১১১ নং ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক ড° তুলিৰাম ৰংহাঙে মঙলবাৰে শ্বহীদ মেজৰ দুৰ্গা মল্লাহৰ স্মৃতিত ৮৩’ সংখ্যক বলিদান দিৱসত অংশগ্ৰহণ কৰে । তেওঁ লগতে হাৱাইপুৰত পশুপতি শিৱ মন্দিৰো উদ্বোধন কৰে।

ইয়াৰ পিছত তেওঁ ডিমা হাচাও জিলাৰ উমৰাংছ’ত কাৰ্বি ভৱনৰ আধাৰশিলা স্থাপন কৰে। তেওঁৰ লগত এই কাৰ্যসূচীত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ চিইএম দেৱলাল গোৰ্লোছা, বিধায়ক ৰূপালী লাংথাছা আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কেইবাজনো কাৰ্যবাহী সদস্য উপস্থিত থাকে।
উক্ত অনুষ্ঠানসমূহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পত্নী কাচে টেৰনপি, সাংসদ অমৰ ছিং টিছ’, অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ হাব্বে টেৰন, বোকাজানৰ বিধায়ক সূৰ্য ৰংফাৰ, হাওৰাঘাটৰ বিধায়ক লুনছিং টেৰন আৰু ডিফুৰ বিধায়ক নিছ’ তেৰাংপিৰ লগতে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কেইবাজনো কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থাকে।












