
কাৰ্বি আংলং (Karbi Anglong) জিলাত শিক্ষানুষ্ঠানৰ সমীপ (Near the school)ত ষ্টিং আৰু অন্যান্য এনাৰ্জী ড্ৰিংকছৰ (Sting and other energy drinks) বিক্ৰীত বাধা আৰোপ (Sales restriction) কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ স্মাৰক-পত্ৰ (Memorandum to the Karbi Anglong Autonomous Council)। কাৰ্বি ছাত্ৰ সন্থা আৰু এ এছ ডি চি যুৱ মৰ্চাই এই স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰখন সংশ্লিষ্ট কৰ্তৃপক্ষৰ হৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ বিভাগৰ উপ-সচিব তথা এচিএছ বিষয়া ইবন টেৰনে গ্ৰহণ কৰে।
বিশেষকৈ বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ ওচৰত অৱস্থিত দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত কেফেইনযুক্ত এনাৰ্জী ড্ৰিংকছৰ সহজ উপলব্ধতা আৰু সেৱনৰ বাবে ছাত্ৰ আৰু যুৱ সংগঠনসমূহে উদ্বেগ প্ৰকাশ কৰে।

তেওঁলোকে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষৰ (এফ এছ এছ এ আই) বজাৰত বা এনাৰ্জী ড্ৰিংকছ হিচাপে লেবেল লগোৱা পানীয়সমূহৰ সম্পৰ্কে নিয়ন্ত্ৰণমূলক নিৰ্দেশনা আৰু লেবেলিং প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। লগতে প্ৰযোজ্য খাদ্য সুৰক্ষা আৰু লেবেলিং বিধানসমূহ মানি নচলা সামগ্ৰীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনায়।
সংগঠনকেইটাই মহাৰাষ্ট্ৰ চৰকাৰে শিক্ষানুষ্ঠানৰ পৰা ৫০০ মিটাৰৰ ভিতৰত এনাৰ্জী ড্ৰিংক বিক্ৰী কৰাত বাধা আৰোপ কৰা ব্যৱস্থাৰ দৰেই কাৰ্বি আংলং স্বায়ত্ত পৰিষদক নিষেধাজ্ঞা প্ৰৱৰ্তনৰ কথা চিন্তা কৰিবলৈ আহ্বান জনায়।
কাৰ্বি ছাত্ৰ সন্থা আৰু এ এছ ডি চি যুৱ মৰ্চাই কয় যে ছাত্ৰ-ছাত্ৰীসকলক অত্যধিক কেফেইনযুক্ত পানীয় সেৱনৰ পৰা ৰক্ষা কৰাৰ লগতে কাৰ্বি আংলঙত সুস্থ শৈক্ষিক পৰিৱেশ নিশ্চিত কৰিবলৈ অধিক শক্তিশালী প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়।












