
পদ্মশ্রী সন্মানেৰে সন্মানিত বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভা (Asam Sahitya Sabha)ৰ প্ৰাক্তন সভাপতি (Former president) ৰংবং তেৰাং অসুস্থ (Rongbong Terang sick)। বিগত দুদিন ধৰি পেটৰ সমস্যাত ভোগি আছিল ৰাজ্যৰ বিশিষ্ট সাহিত্যিকগৰাকী। ইয়াৰ পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি মঙলবাৰে পৰিয়ালৰ লোকে তেওঁক ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায়। ৯০ বছৰীয়া বিশিষ্ট সাহিত্যিকগৰাকীৰ বুধবাৰে স্বাস্থ্যৰ বিভিন্ন পৰীক্ষা কৰা হয়।

অৱশ্যে বিশিষ্ট সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি পৰিয়ালৰ সূত্রৰ পৰা জানিব পৰা গৈছে। ইফালে বিশিষ্ট সাহিত্যিকগৰাকীৰ শাৰীৰিক অসুস্থতাৰ খবৰ লাভ কৰি আজি পুৱা কার্বি আংলং জিলাৰ আয়ুক্ত আৰণ্যক শইকীয়াই ডিফু মেডিকেল কলেজলৈ গৈ তেওঁক সাক্ষাৎ কৰি তেওঁৰ সৈতে কথা পাতে আৰু তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰে। লগতে আয়ুক্ত আৰণ্যক শইকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অধীক্ষকৰ সৈতেও আলোচনা কৰি তেওঁৰ দ্রুত আৰোগ্যৰ বাবে সম্ভাৱ্য সকলো ধৰণৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।
শেহতীয়া খবৰ অনুসৰি, ৰংবং তেৰাংক উন্নত চিকিৎসাৰ বাবে আজিৰ আবেলি গুৱাহাটীলৈ পঠিওৱা হৈছে। কিন্তু তেখেত বৰ্তমানে সংকটমুক্ত বুলি জনা গৈছে।











