ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

নিউজ ডেস্কঃ

News Desk by News Desk
August 25, 2026
Reading Time: 1 min read
A A
0
Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

RELATED POSTS

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

New Logo Smal 3 | ASSAM TIMES POST

চেনিৰ মূল্যৰ (Sugar price) বাবে ক্ৰেতাৰ উশাহ বন্ধ হ’ব ধৰিছে। এনে পৰিস্থিতিত কেন্দ্ৰই চেনিৰ ক’লা বজাৰ বন্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। সোমবাৰে দেশৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক নতুন অধিসূচনা জাৰি কৰি কয় যে আন দেশৰ পৰা আমদানি কৰা চেনি (Imported sugar) দুমাহৰ ভিতৰত প্ৰক্ৰিয়াকৰণ বা শোধন (Processing or refining) কৰি মুকলি বজাৰত বিক্ৰী (Selling in the open market) কৰিব লাগে। চেনিৰ ক’লা বজাৰ (Sugar black marketing) বন্ধ কৰাৰ বাবে কেন্দ্ৰৰ এই পদক্ষেপ বুলি ধাৰণা কৰা হৈছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰই কৈছিল যে আমদানিকৃত চেনি নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰক্ৰিয়াকৰণ বা শোধন কৰিব লাগে। ইয়াৰ পিছত ৩১ অক্টোবৰৰ ভিতৰত বিক্ৰী কৰিব লাগিব। পূৰ্বৰ গাইডলাইনত চেনি শোধনৰ কামৰ বাবে কোনো নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হোৱা নাছিল আৰু উৎসৱৰ বতৰত ঘৰুৱা চাহিদাৰ কথা মনত ৰাখি ৩১ অক্টোবৰৰ ভিতৰত বজাৰত চেনি বিক্ৰী কৰাৰ আদেশ আছিল। কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত সেই সময় আগুৱাই অনা হ’ল। লগতে কোৱা হ’ল যে দুমাহৰ ভিতৰত বিক্ৰী কৰিব লাগিব। ব্যৱসায়ী সমাজৰ এটা অংশই বিশ্বাস কৰে যে চাহিদা আৰু যোগানৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে কেন্দ্ৰই এনে পদক্ষেপ গ্ৰহণ কৰিছে।

sugar1 | ASSAM TIMES POST
মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

সমগ্ৰ দেশতে মাত্ৰ ১৫ দিনতে চেনিৰ মূল্য প্ৰায় ৪০ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ বৰষুণৰ ফলত কুঁহিয়াৰৰ খেতিৰ ক্ষতি আৰু যোগানৰ তুলনাত চাহিদা বৃদ্ধি হোৱা বুলি কোৱা হয়। কুঁহিয়াৰৰ খেতিৰ বতৰৰ কথা মনত ৰাখি অক্টোবৰৰ পৰা ছেপ্টেম্বৰ মাহলৈকে সাধাৰণতে চেনি উৎপাদনৰ বিত্তীয় বৰ্ষ বুলি গণ্য কৰা হয়। চলিত চেনিৰ বিত্তীয় বৰ্ষৰ আৰম্ভণিতে (২০২৫ চনৰ ১ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈ) উৎপাদন বৃদ্ধি পাব বুলি ভবা হৈছিল। তেনে ক্ষেত্ৰত চেনি ৰাহি হ’লহেঁতেন৷ বাণিজ্যিক সংস্থা ‘ইণ্ডিয়ান ছুগাৰ এণ্ড বায়’-এনাৰ্জী মেনুফেকচাৰ্ছ এছ’চিয়েশ্যনে’ প্ৰথমে ভাবিছিল যে পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত চেনিৰ উৎপাদন ১৮.৩ শতাংশ বৃদ্ধি পাব।

এই হিচাপৰ ভিত্তিত কেন্দ্ৰই ঋতুৰ আৰম্ভণিতে আন দেশলৈ চেনি ৰপ্তানিৰ বাবে অনুমতি দিয়ে। চেনি উৎপাদনৰ বাবে বিত্তীয় বৰ্ষৰ আৰম্ভণিতে যোৱা বছৰৰ নৱেম্বৰ মাহত ১৫ লাখ টন চেনি ৰপ্তানিৰ বাবে সেউজ সংকেত দিয়া হৈছিল। ফেব্ৰুৱাৰী মাহত আৰু পাঁচ মিলিয়ন টন চেনি ৰপ্তানিৰ বাবেও ক্লিয়াৰেন্স দিয়া হৈছিল। আনহাতে, ২০২৪-২৫ বিত্তীয় বৰ্ষত জানুৱাৰী (২০২৫) মাহত মাত্ৰ ১০ লাখ টন চেনিহে ৰপ্তানি কৰিবলৈ অনুমতি দিয়া হৈছিল।

মে’ মাহত চৰকাৰ আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে চেনি উৎপাদনৰ পূৰ্বাভাস সলনি কৰিছিল। মে’ মাহত চৰকাৰে ঘোষণা কৰিছিল যে ৩০ ছেপ্টেম্বৰলৈকে আন দেশলৈ চেনি ৰপ্তানি কৰা নহ’ব। জুলাই মাহত চৰকাৰে চেনিকলৰ ওপৰত নিয়ন্ত্ৰণ কটকটীয়া কৰিছিল। আগষ্ট মাহত কেন্দ্ৰই মাহেকীয়া চেনিৰ বিক্ৰী ২২.৫ লাখ টন নিৰ্ধাৰণ কৰিছিল। যোৱা বছৰ এই ধনৰাশি প্ৰায় অপৰিৱৰ্তিত হৈ আছে। কিন্তু ঋতুৰ আৰম্ভণিতে উৎপাদন বৃদ্ধিৰ ইংগিত পোৱাৰ লগে লগে বিক্ৰী যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Sugarpricehike
Share4Tweet3Send

Related Posts

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

by News Desk
August 25, 2026
50
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

by News Desk
August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d