ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

দুদিনীয়া কাৰ্যসূচীলৈ ডিফুত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা:

ছাইদুল ইছলাম:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 15, 2022
Reading Time: 1 min read
A A
0
দুদিনীয়া কাৰ্যসূচীলৈ ডিফুত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা:

RELATED POSTS

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

logo new 2 1 | ASSAM TIMES POST

“আঠশৰো অধিক টেট শিক্ষকক নিযুক্তি, সাংবাদিক, লেখক সকললৈ বীমা আৰু আৰু আইনৰ স্নাতক সকলৰ মাজত এককালীন সাহায্যৰ চেক বিতৰণ”

শুকুৰবাৰে দুদিনীয়া কাৰ্যসূচীলৈ বিহুৰ প্ৰথম দিনটোতে কাৰবি আংলঙ ভ্ৰমণলৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মা ৷ হেলিকাপ্তাৰ যোগে তাৰাংলাংচত অৱতৰণ কৰা মুখ্যমন্ত্ৰী গৰাকীয়ে ডিফু চহৰত উপস্থিত হৈ প্ৰথমে ডিফু মূল চহৰৰ ওপৰেৰে ২৪৩ কোটি টকা ব্যয় সাপেক্ষে ১’৩ কিঃমিটাৰ দৈৰ্ঘৰ ডিফু ষ্টেডিয়ামৰ পৰা ডাকঘৰলৈকে নিৰ্মাণ হবলগীয়া চাৰিলেনযুক্ত উৰণীয়া সেঁতুৰ ভূমি পূজাত অংশ গ্ৰহণ কৰে ৷

উৰণীয়া সেঁতুৰ ভূমি পূজাইয়াৰ পিছত ডিফুৰ জয়ছং দলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত অংশ গ্ৰহণ কৰি জিলাখনৰ ৩২ গৰাকী সাংবাদিকলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে আগবঢ়োৱা ১০লাখ টকাৰ বীমাৰ প্ৰিমিয়াম, জিলাখনৰ নৱীন প্ৰৱিন লেখক সকললৈ বীমাৰ প্ৰিমিয়াম আৰু ২০১৭ চনৰ পৰা বৰ্মানলৈকে আইনৰ স্নাতক হোৱা ৮৮ গৰাকী ছাত্ৰ-ছাত্ৰীক এককালীন সাহায্য প্ৰদান কৰাৰ লগতে বিশেষকৈ জিলাখনৰ টেট যোগ্যতাপ্ৰাপ্ত ৮৮৪ ব্যক্তিৰ মাজত শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

মুখ্যমন্ত্ৰী ইয়াৰোপৰি ইতিমধ্যে মৃত্যু বৰণ কৰা সাংবাদিকৰ পৰিয়াল সকললৈ ও ৫০ হাজাৰ টকাৰ এককালীন সাহায্য আজি প্ৰদান কৰা হয় ৷
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই আদৰণি ভাষণ দিয়া সভাখনত উপস্থিত থাকে সাংসদ হৰেণছিং বে, মন্ত্ৰী যোগেন মোহন, বিধায়ক সকল ক্ৰমে, বিদ্যাছিং ইংলেঙ, দৰছিং ৰংহাঙ, ৰুপছিং টেৰণ, বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙ ৷

A good teaching environment with efficient & dedicated teachers can play a big role in Karbi Anglong's development journey that has picked momentum recently.
Teachers shall know they're in a noble profession & I won't mind calling those not attending school as enemies of society. pic.twitter.com/Ujp9QJyy5M

— Himanta Biswa Sarma (@himantabiswa) April 15, 2022

উক্ত সভাত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম, ডাঃ তুলিৰাম ৰংহাঙ নিজৰ ভাষণ প্ৰসংগত কয়যে, —-শিক্ষা জাতিৰ মেৰুদণ্ড স্বৰূপ ৷ শিক্ষাই সকলো ৷ দল সংগঠনৰ দাবীৰ মৰ্মে তদানীন্তন শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কাৰবি পৰিষদৰ টেট নিযুক্তি ক্ষমতা প্ৰদান কৰাৰ লগতে উক্ত শিক্ষক সকলৰ দৰমহাও পৰিষদে বহন কৰাৰ ক্ষমতা প্ৰদান কৰিছিল ৷

৮৮৪ গৰাকী টেট নিযুক্তিআনহাতে মুখ্য অতিথিৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোক মংগলময় দিন আখ্যা দিয়ে ৷ আৰু ডিফুৰ পৰাই অসমবাসী ৰাইজক বিহু শুভেশ্ছা জ্ঞাপন কৰে ৷ তেওঁ কয়যে ৰাজ্য চৰকাৰে শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগত জিডিপি ৬ শতাংশকৈ মুঠ ১২ শতাংশ খৰছ কৰা হয় ৷

উক্ত সময়ছোৱাত ২৪ টা মেডিকেল কলেজৰ ভিতৰত ৮ খন নিৰ্মিয়মান, ৮খন নিৰ্মান সম্পূৰ্ণ আৰু ৮ খন নিৰ্মাণ হব লগীয়া আছে বুলি কয ৷ইয়াৰ জৰিয়তে ভয়াবহ ক’ভিড কালতো স্বাস্থ্যখণ্ডৰ উজ্জলময় প্ৰতিচ্ছবি পৰিলক্ষিত হৈছে

১০ বছৰে কাৰবি আংলঙত বিকাশৰ নৱজাগৰণৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি কাৰবি আংলঙৰ উন্নয়নে নৱ দিগন্ত স্পৰ্শ কৰিছে বুলিও মন্তব্য কৰে ৷ যিখন সমাজত শিক্ষা সংস্কৃতি, যুৱ মানসিকতা আৰু খেলাধূলা নাথাকে সেই সমাজখনে প্ৰাণ পাই নুঠে ৷

টেট নিযুক্তিগুণোৎসৱত কাৰবি আংলঙৰ ফলাফল উন্নত নহয়, শিক্ষাৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানৰ বাবে ধাৱমান হৈছে ৷শিক্ষক নিযুক্তি হৈছে যদিও চৰকাৰী বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী ব্যক্তিগত বিদ্যালয়লৈ গৈছে ৷ বাটপথ , হাস্পাতাল, চিকিংসা আদিৰ বাবে যেনেদৰে মুখ্যমন্ত্ৰী দায়বদ্ধ তেনদৰে চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী হ্ৰাস পোৱাৰ বাবে শিক্ষক সকল দায়বদ্ধ বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

চৰকাৰৰ পৰা দৰমহা লৈ শিক্ষক স্কুললৈ নগলে তেও সমাজৰ শত্ৰু ৷ দুৰ্গম এলেকাৰ বিদ্যালয়লৈ যাব নোৱাৰিলে নিযুক্তি পত্ৰ লব নালাগে বুলি কৈ কোনোৱে কাকো দৰমহা দিয়া নাই, ৰাইজৰ পৰা সংগ্ৰহ কৰা কৰেৰেৰে দৰমহা পৰিশোধ কৰে সেয়ে ৰাইজক শিক্ষক সকলে নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰিবলৈ পৰামৰ্শ দিয়ে ৷

কাৰবি সকলেও অসমীয়াভাষা কব শিকিব লাগে ৷ অসমীয়া হিন্দী ইংৰাজী ভাষা শিকি ললে অসম, ভাৰত আৰু বিশ্ব আমাৰ হব বুলি কয় ৷ আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়যে, ৮৮৪ গৰাকী টেট নিযুক্তি প্ৰাপ্ত শিক্ষকক অভিনন্দন জনোৱাৰ লগতে এই সকল শিক্ষকে শৈক্ষিক জীৱনৰ শ্ৰীবৃদ্ধি আৰু জনজীৱনলৈ অৰিহনা যোগাব বুলি কয় ৷

ডাঃ হিমন্ত বিশ্ব শৰ্মা

আনহাতে যোৱা ১২ এপ্ৰিলত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত জনজাতীয় বিশ্বাস আৰু সুৰক্ষা মঞ্চৰ উদ্যোগত অনুষ্ঠিত বিশাল জনজাতীয় সমাৰোহত নিৰ্দিষ্ট বক্তা হিছাপে গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডাঃ জ্ঞানেন্দ্ৰ বৰ্মণে ধৰ্মান্তৰিত হোৱা জনজাতি সকলৰ জনজাতিৰ মৰ্যদা কৰ্তন কৰিব লাগে বুলি দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়যে, তেনে ব্যক্তিৰ লগত ৰাজ্য চৰকাৰ, বিজেপি আৰুইয়াৰ কৰ্মী সকলৰ দূৰ-দূৰণিলৈকে সম্পৰ্ক নাই ৷

দুদিনীয়া কাৰ্যসূচীলৈ ডিফুত মুখ্যমন্ত্ৰীমানুহৰ মাজত একতা হোৱাটো তেও বিচাৰে জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিশেষকৈ জনজাতি সকলৰ মাজত সমপ্ৰিতী কামনা কৰাৰ লগতে জনজাতি সকলৰ কোনো ধৰণৰ সংঘাত সৃষ্টি নোহোৱাকৈ মিলা প্ৰিতীৰে থাকিব লাগে বুলি মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CM Himanta bishwa sarmaডিফুত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মা
Share6Tweet4Send

Related Posts

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

by News Desk
August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
ADVERTISEMENT
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

August 26, 2026
50
Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ
National-International

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

August 26, 2026
50
US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ
National-International

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

August 26, 2026
Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d