ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত ষষ্ঠ অনুসূচীৰ ওপৰত আলোচনা-চক্ৰ : প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ভাৰ্চুৱেল অংশগ্ৰহণ

উপস্থিত নাথাকিল জে আই কাথাৰ, হলিৰাম তেৰাঙসহ কেইবাৰাকী বিৰোধী নেতা

News Desk by News Desk
November 15, 2021
Reading Time: 1 min read
A A
0

RELATED POSTS

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

New Logo Very Smal | ASSAM TIMES POST

ছাইদুল ইছলাম

ডিফু : ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীৰ ওপৰত দেওবাৰে ডিফুৰ বৃক্ষ উদ্যাণ আৰু শিল্প কেন্দ্ৰত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ আলোচনা চক্ৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সৌমিত্ৰ শইকীয়া, জ্যেষ্ঠ অধিবক্তা বিজয় হানচিৰীয়া, দেৱজিৎ শইকীয়া, ননীগোপাল মহন্তকে ধৰি বিভিন্নজনৰ অংশগ্ৰহণ কৰে ৷ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত আজি ডিফুৰ আৰবৰেটৰিয়ামত Sixth Scheduled of the Constitution of India, Autonomy to Autonomous Council and headway in the perspective of Assam বিষয়ৰ ওপৰত দিনজোৰা কাৰ্যসূচীৰে এখন আলোচনা চক্ৰ সম্পন্ন হয় ৷ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সভাপতিত্বত সম্পন্ন হোৱা আলোচনা চক্ৰত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই ভাৰচুৱেলি অংশগ্ৰহণ কৰে ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জন গগৈয়ে ষষ্ঠ অনুসুচীৰ ইতিহাত , সংশোধনী; ৰাজ্যপালৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে ৷ ন্যায়াধীশ শইকীয়াই নিজৰ ভাষণত কাষ্টমাৰী লৰ ওপৰত আলোকপাত কৰি পৰিষদক কাষ্টমাৰী আদালত প্ৰতিষ্ঠা কৰাৰ বাবে থকা সুবিধাৰ বিষয়ে কয় ৷ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদক ষষ্ঠ অনুসুচীয়ে যথেষ্ট ক্ষমতা দিয়া বুলি তেওঁ মন্তব্য কৰে ৷

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰীয়াই গোপীনাথ বৰদলৈয়ে কি দৰে বহুতৰ বিৰোধিতা পিছতো পাহাৰীয়া জনজাতিৰ সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত সংবিধানত ষষ্ঠ অনুসুচীৰ অন্তৰ্ভুক্ত কৰিছিল সেয়া ব্যাখ্যা কৰে ৷ তেওঁ কয় ষষ্ঠ অনুসুচীয়ে পৰিষদসমূহক বহুত ক্ষমতা দিছে ৷ কিন্তু কিছুমান নীতিৰ বাবে তেওঁলোকে সেয়া ভালদৰে উপভোগ কৰিব পৰা নাই ৷ তেওঁ কয় যে, পৰিষদৰ সদনত গৃহিত হোৱা কোনো বিল বা সদনত কৰিব লগা কোনো প্ৰশ্নৰ বাবে ৰাজ্যপালৰ হৈ উপায়ুক্তৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই ৷ পৰিষদৰ সদনত গৃহীতসকলো বিল পোনে পোনে ৰাজ্যপালৰ ওচৰলৈ যাব লাগে ৷ পৰিষদৰ সদনত গৃহীত বিল ৰাজ্যপালৰ অনুমতি লাভ কৰিলেই আইন হ’ব বুলি তেওঁ মত ব্যক্ত কৰে ৷ তেওঁ সকলো পৰিষদ একগোট হৈ ইয়াৰ বাবে আগবাঢ়িব লাগে বুলি কয় ৷ তেওঁ কেন্দ্ৰীয় চৰকাৰে সংসদত বিল আনি ষষ্ঠ অনুসুচিৰ পৰিষদলৈ পোনপতিয়াকৈ পুঁজি প্ৰেৰণৰ বাবে পৰিষদসমূহক একগোট হৈ চৰকাৰক হেচাঁ দিয়াৰ আহবান জনায় ৷ বিত্তীয় ক্ষমতা নাথাকিলে কেৱল ৰাজনৈতিক ক্ষমতাই উন্নতি কৰিব নোৱাৰে বুলি কৈ এই বিসংগতিসমূহ সংশোধন কৰাৰ পৰামৰ্শ দিয়ে ৷ অসম চৰকাৰৰ এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াই নিজৰ ভাষণত শেহতীয়া এম অ এচত ১০ খন আসন সংৰক্ষিত নকৰাৰ সপক্ষে যুক্তি দি কয় যে বছৰ বছৰ ধৰি ষষ্ঠ অনুসুচীৰ এলেকাত বসবাস কৰা লোকসকলে নিৰ্বাচনত প্ৰতিদন্দিতা কৰাৰ সুবিধা পোৱা উচিত ৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড: ননীগোপাল মহন্তই ভূপেন্দ্ৰ সিং আয়োগৰ প্ৰতিবেদৰ পৰা, পাহাৰৰ ৰাজ্য দাবী আন্দোলন, সশস্ত্ৰ বিদ্ৰোহ, ১৯৯৫ চনৰ এম অ ইউ, ২০১১ চনৰ আৰু ২০২১ চনৰ এম অ এছৰ ওপৰতো বক্তব্য ৰাখি পৰিষদৰ বৰ্তমানৰ ক্ষমতা এখন ৰাজ্যতকৈ কোনো গুণে কম নহয় বুলি কয় ৷ ষষ্ঠ অনুসুচীয়ে জনজাতিসকলক সুৰক্ষিত কৰি ৰাখিছে বুলি তেওঁ মন্তব্য দিয়ে।

মহন্তই কয়, গোপীনাথ বৰদলৈৰ পিছত হিমন্ত বিশ্ব শৰ্মাই হৈ জনজাতিসকলৰ আন্তৰিকতাৰে উন্নয়ন বিছৰা মুখ্যমন্ত্ৰী ৷ সেয়ে তেওঁ জনজাতি সকলৰ বুকুৰ আপোন ৷ প্ৰাক্তন সাংসদ ডাক্তৰ জয়ন্ত ৰংপিয়ে কয় যে, ১৯৯৫ চনৰ এম অ ইউৰ জড়িয়তে পৰিষদৰ ক্ষমতা বৃদ্ধিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ তাৰ পিছত দুখনকৈ শান্তি চুক্তিয়ে পৰিষদলৈ অধিক ক্ষমতা আনিছে ৷ এই প্ৰক্ৰিয়াটো স্বায়ত্ত্বশাসিত ৰাজ্য প্ৰাপ্তৰ একোটা ধাপ ৷ কিন্তু চৰকাৰে কিছুমিন বিধায়িনী ক্ষমতা চুক্তিত দিছে যদিও বাস্তৱত বহু ক্ষমতা দিয়া নাই ৷ পৰিষদৰ নিৰ্বাচিত এগৰাকী সদস্যই সদনত প্ৰশ্ন কৰিবলৈও উপায়ুক্তৰ অনুমতিৰ প্ৰয়োজন ৷ একেদৰে পুজিঁৰ ক্ষেত্ৰতো একেই ৷ সেয়ে এই আসোঁৱাহ সমূহ দূৰ কৰিব লাগিব ৷

মুখ্য কাৰ্যবাহী সদস্যৰ উপদেষ্টা এলউইন টেৰণে কয় যে, পুজিঁ আবল্টন আৰু পৰিষদৰ ক্ষমতাক লৈ ৰাজ্য চৰকাৰৰ লগত পৰিষদৰ সংঘাত আছে ৷ সময়ে সময়ে ৰাজ্য চৰকাৰে পৰিষদৰ ক্ষমতাত হস্তক্ষেপ কৰি এই সংঘাতৰ সৃষ্টি কৰি আহিচে। আন এগৰাকী বক্তা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ধৰমছিং টেৰনেও ষষ্ঠ অনুসুচীৰ ক্ষমতাক লৈ হোৱা সংঘাতৰ ওপৰত আলোকপাত কৰে। উচ্চ ন্যায়ালয়ৰ অধিবক্তা জয়ন্ত চশটীয়াই আলোচনা চক্ৰত দ্বিতীয় পৰ্ব পৰিচালনা কৰে ৷ এই গুৰুত্বপূৰ্ণ আলোচনাচক্ৰখনি কৰি APHLC-ৰ নেতা জন ইংতি কাথাৰ, প্ৰাক্তনমন্ত্ৰী হলিৰাম তেৰাং, জাকাছৰ অধ্যক্ষ খৰছিং টেৰণ উপস্থিত নাথাকিল যদিও আলোচনা চক্ৰত পাহাৰৰ প্ৰায় সকলো দল-সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰি বক্তাসকলক বিভিন্ন প্ৰশ্ন কৰি মনৰ খুদুৱনি নিবাৰণ কৰে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে ষষ্ঠ অনুসূচীৰ ওপৰত অনুষ্ঠিত হোৱা আলোচনা পজিটিভ হোৱাৰ লগতে ইতিমধ্যে সম্পন্ন হোৱা তিনিখনকৈ চুক্তিৰ ওপৰতো বিশদভাবে আলোচনা কৰা হয় ৷ বহু আকাংখিত আলোচনা চক্ৰখন সফল কৰাৰ বাবে দেশৰ আৰু ৰাজ্যৰ সৰ্বোচ্চ পদত অধিস্হিত ন্যায়াধীশ, অধিবক্তাসকলৰ লগতে জিলাখনৰ বিশিষ্ট লোকসকলৰ শলাগ লৈ এই আলোচনা চক্ৰই নতুন বাটৰ সন্ধান দিয়া বুলি মন্তব্য কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share7Tweet5Send

Related Posts

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
50
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
50
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
60
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d