ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

-কবিতা-

ASSAM TIMES POST by ASSAM TIMES POST
September 18, 2019
Reading Time: 4 mins read
A A
0
sky1 poem final | ASSAM TIMES POST

RELATED POSTS

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

আহিন তুমি অভিমানী বৰ
ক্ষীৰদা শইকীয়া দাস

এয়া যে আহিনৰ বতৰ
অ’ আকাশ তোৰ বুকুতেই
অভিমানী ডাৱৰ

নামি আহা ডাৱৰ
নিয়ৰকনা হৈ
আহিনৰ প্ৰথম পুৱাতে
জীপাল কৰা মোৰ
সাঁচতীয় মন

হে ডাৱৰ নামি আহা
সিঁচি দিয়া
হিয়া গলি যোৱা
শেৱালিৰ সুবাস
ৰাতিৰ নিৰ্জনতাত ।।।
***************************

ত‌ই তয়েই
(শ্ৰদ্ধাৰে সকলো নাৰীৰ হাতত )
উৎপল ভট্টাচাৰ্য

কাৰ চোতালত ফুলিলি শেৱালি
কাৰ চোতালত বিলাৱ সুঁবাস?
কাৰ চোতালত জ্বলাই থৈ হিয়াখন
কাৰ বাহি চোতাল সাৰিচ পুৱা?
কাৰ পিৰালীত এৰি চাৰি ভৰি
কাৰ বাবে গুজিলি চাৰিখন হাত,
দু-ওঁঠত আকি লোঁৱা কুলিৰ কোমল মাত
হেৰালেহি চোন কোনোবা অচিন বুকুৰ ছাঁত।
আয়েৰৰ আঁচলত এৰি থৈ পৰিচয়
কাৰ ঠিকনা হ’লিহি ত‌ই
ঠিকনা হেৰুৱাইও থাক স্থিৰহৈ
নালাগেনে বুকুত ভয়?

ত‌ই আই, তই বাই
ত‌ই পত্নী, ত‌ই ভগ্নী
ত‌ই কন্যা, ত‌ই যে ত্যাগৰ বন্যা।

ত‌ই তয়েই,
আছে জানো তোৰ তুলনা?
**********************************

অন্বেষণ জীৱনৰ
চন্দনা ভাগৱতী

পোহৰৰ অন্বেষণেই সঁচা জীৱন
সঁচা জীৱনৰ বাবেই পোহৰৰ অন্বেষণ

চেতন মনেহে অচেতন মনৰ
এন্ধাৰ দূৰ কৰে

মনৰ শব্দ,
কেতিয়াবা স্থাৱৰ, কেতিয়াবা অস্থাৱৰ

সকলো শব্দই বুকুৰ গভীৰত
অজানিতে এখন খেল পাতে

শব্দবোৰ কেতিয়াবা
বৰ অভিমানী হয়
অত্যাচাৰ কৰে বুকুৰ গভীৰত
অতি সংগোপনে

আচলতে,
দুচকুত চকু থলেই
বুজিব পাৰি
বাংময় জীৱনৰ মাদকতা
ব্যঞ্জনাপূৰ্ণ যেন,নন্দনকানন

সেয়ে, সাগৰসম গভীৰতাত ডুবে
জীৱন আজীৱন৷
***************************
নিমন্ত্ৰণ
প্ৰভাত কলিতা

আহক !
মানুহক ভালপোৱা মানুহবোৰ
এদিন একেলগ হঁও
যিদৰে একেলগ হয়
উজানৰ মাছ, পৰিভ্ৰমী চৰাই
অথবা জোনাকৰ পোহৰ।

যিকোনো ঠাইতেই হ’ব পাৰে
এই সন্মিলন
ভোগালীৰ শইচ তোলা পথাৰ
ম’হৰ যুঁজৰ থলি
বহাগৰ দুপৰীয়া যুৰীয়া আহঁতৰ তল
অথবা আঘোণৰ পূৰ্ণিমা ৰাতি
‘মহহো’ বা কোনো ‘অৰিমাগা’ চোতাল
যিকোনো ঠাইতেই হ’ব পাৰে
এই সন্মিলন।

সাগৰ মহাসাগৰেদি
উজাই বা ভটিয়াই আহক
অলেখ পালতৰা নাও
লুইতত মাৰক খুটি
গিৰিপথেৰে নামি আহক
খিলখিল হাঁহিৰে
এজাক পাহুৱাল যুটি ।
চাল বা চুলিৰ বৰণ নহয়
তেজৰ ৰঙেই হওক
অভ্যাগতৰ পৰিচয়।

আহক !
মানুহক ভাল পোৱা মানুহবোৰ
এদিন একেলগ হঁও।
খুলি পেলাও দেহৰ আভৰণ
মছি পেলাও মুখৰ ৰং।
হৈ পৰক পৃথিৱী
এখন গাঁও!
মানুহৰ গাঁও!!
দূৰভাষঃ ৯৪৩৫৩-১৯৭৯৮
**********************************
আড্ডাত আশাৰ ৰেঙণি
চম্পক ভট্টাচাৰ্য

চন্দ্ৰ সূৰ্য য’ত জ্যোতিষ্মান
মই মাথোঁ এটি কণ মাণি তৰা তাত
পপীয়া তৰা নহওঁ কেতিয়াও
কক্ষ পথ যে মোৰ সুদৃহৃ।
ভৱ সাগৰত যেন মই সাঁতুৰিছো
টঙিয়াল হৈ মই টঙিকে ৰখিছো
টান শামুকৰ খোলাত টুকুৰীয়াই মানিক বিচাৰিছো৷
চাৎমৰা পোহৰত সপোন বুটলো
ৰহঘৰাৰ ৰসেৰে
য’ত জীৱন ৰসাল হ’ব
ৰ’দৰ পিৰালিত আড্ডা পাগ ল’ব৷
কবিতাৰ সুবাসেৰে
বিশ্ব জিনিব
তামাম দুনিয়াই আমাক ৰ’ লাগি চাব৷
******************************
পূৰ্বৰাগত তুমি-ম‌ই
কিংকৰ দাস

সপোন দেখা যদি মোৰ দুচকুত
নবজাবা বাঁহীৰ বিষাদ সুৰ
চেঁচা পৰা মোৰ বুকুত
তোমাৰ তপত উশাহৰ সান্নিধ্যত
বিচাৰে মৰমৰ উম।
***************************
হেৰাই থাকিল সপোনৰ সপোনটো
কল্পনা শৰ্মা

‌জোনাক গচকি ওলাই আহে
‌হিম শীতল বতাহ এজাক
‌নিয়ৰৰ বৰষুণত জুৰুলি-জুপুলি হৈ
‌আহিনৰ তলসৰা শেৱালীৰ দৰে
‌সৰি পৰে মাটিৰ বুকুত
‌আকাশলে মূৰ তুলি চাই
‌মনত পৰে, শৈশৱত লগৰীয়াৰ স’তে
‌চিলা উৰোৱাৰ কথা
‌যৌৱনত, হালধীয়া পথাৰত
‌প্ৰেয়সীৰ স’তে কটোৱা
‌আবেগ মধুৰ মূহুৰ্তবোৰৰ কথা !!
‌সপোনবোৰ সজাব লওঁতেই
‌ভাগি-চিগি সুলকি পৰিল
‌বতাহজাকৰ বুককুৱেদি৷
**********************************
জলমগ্নৰ দৃশ্য
ৰাশ্বেল চৌধূৰী

জলমগ্নৰ পৰা উঠি আহো
পেচাদাৰী মাছমৰীয়াৰ বৰশীৰ টোপত
পাচফালৰ পৰা কোনেবাই ঠেলিদিয়ে
ধূলিময় পৃষ্ঠালৈ

মই চু়ই দিবও নোৱাৰো
ভয় লাগে
টুকুৰা টুকুৰ হাড়ৰ বিষ
আৰু তেজৰ কেঁচা গোন্ধৰ বাবে নহয়
ভয় লাগে,
যদি ধূলিবোৰ একেলগে উৰি আহে
আৰু মই অন্ধ হৈ যাওঁ

যদি অপাৰেচনৰ বাবে লৈ গৈ
হাতত এটা পাত্ৰ দি
মোক বহাই থয়
গনেশ গুৰিৰ চাৰি আলিত !

পিতাই কৈছিল-
কিছুমান পৃষ্ঠা পঢ়িবই লাগিব
য’ত চল্লিছ কিলোগ্ৰামৰ কবিতা আছে

মোৰ ভয় লাগে
যদি অৰ্থটোৰ বিকৃতি হয়
আৰু ভাবি লওঁ
এটা চুইচাইড নোট

তাত যে বৰ্ণ নাই
আছে ৰং
ভাষা নাই
আছে চিত্ৰ
কাহিনী নাই
সংলাপ নাই
মাথোঁ প্ৰতীক !!

Untitled 2 1 | ASSAM TIMES POST

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FeaturedFeatured2poem
Share78Tweet49Send

Related Posts

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

by ASSAM TIMES POST
August 27, 2026
50
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

by News Desk
August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

by News Desk
August 27, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

by News Desk
August 27, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
ADVERTISEMENT
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d