
কালি নিশা তেজপুৰৰ গোটলং নামপাৰাত সংঘটিত হৈছে এই ঘটনা। গুলজাৰ হুছেইন নাম এজন ব্যক্তিয়ে সুৰহাব আলী (৫৮) নামৰ এজন লোকক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ।
মৃত ব্যক্তিজন নিজৰ কন্যাৰ ঘৰলৈ আহি গুলজাৰ হুছেইনৰ সৈতে কাজিয়াত লিপ্ত হৈছিল, য’ত গুলজাৰ হুছেইনে ডিঙি চেপি হত্যা কৰা বুলি জানিব পৰা গৈছে। অভিযুক্ত গুলজাৰ হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।












