
নুনমাটি আৰক্ষী আৰু আমিনগাঁও আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। লেপটপ ৪টা, মোৱাইল- ২টা, DSLR- কেমেৰা ১টা, টেৱলেট ডিভাইচ ১টা, আৰু ১টা AIRPODS-. উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আমিনগাঁৱৰ ৰেলৱে বজাৰৰ “প্ৰসাদ ষ্টোৰ” নামৰ দোকানখনত জমা ৰাখিছিল চোৰাং সামগ্ৰীখিনি। ঘটনা সংক্ৰান্তত গোভাইট চোৰ কিশোৰ ৰাজবংশী ওৰফে মুন সিং ওৰফে মুন্নাক আটক কৰিছে আৰক্ষীয়ে।

আনহাতে, চুৰি সামগ্ৰী মজুত ৰাখি, বিক্ৰী কৰিবলৈ সুবিধা দিয়াৰ অভিযোগত আটক কৰিছে আমিনগাঁৱৰ সঞ্জিত প্ৰসাদক। সঞ্জিত প্ৰসাদে দীৰ্ঘদিন ধৰি চুৰি সামগ্ৰী বিক্ৰী কৰাত সহায় কৰিছিল চোৰৰ গেং টোক। আৰক্ষীয়ে ইতিমধ্যে সঞ্জিত প্ৰসাদৰ “প্ৰসাদ ষ্টোৰ” নামৰ দোকানখন চিল কৰি দিছে।













