
সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ লাংঠা গাঁৱত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। মানৱতাক ভূলুণ্ঠিত কৰি এগৰাকী পঞ্চাশোৰ্ধৰ মহিলাক ধৰ্ষণ এক পাষণ্ডৰ। অৱশেষত মানৱ সমাজক লজ্জানত কৰা এই কাণ্ডৰ মূল অভিযুক্ত বিষ্ণু গগৈক গ্ৰেপ্তাৰ। চুঙাজানৰ পৰা ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে সৰুপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত বিষ্ণু গগৈক। উল্লেখ্য যে দেওবাৰে নিশা বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত লাংঠা গাঁৱত মহিলাগৰাকীক ধৰ্ষণ কৰি হাবিত পেলাই থৈ গৈছিল।
আনহাতে, এই ঘটনা সংঘটিত কৰিয়ে পলাতক অৱস্থাত আছিল যুৱকজন। অৱশেষত গোপন সূত্রৰ পম খেদি অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানৰ পৰা আৰক্ষীয়ে লম্পটটোক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি অভিযুক্ত যুৱকজনক জে’ল হাজোতলৈ প্ৰেৰণ কৰি এই ঘটনাৰ সৈতে আৰু কোনোবা জড়িত আছে নেকি আৰক্ষীয়ে তাৰ তদন্ত অব্যাহত ৰাখিছে।












