
পুৱা ৭ বজাত শিলচৰৰ পৰা গুৱাহাটী অভিমুখে যাত্রা কৰিছিল ১৫৬১৮ নং শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ (Silchar-Guwahati passenger) ৰে’লখন। বদৰপুৰ ষ্টেচনৰ পৰা পুৱা ৮ বজাত গুৱাহাটী অভিমুখে যাত্রা কৰাৰ পিচত ৰে’লখনে বদৰপুৰ-কাটিগড়া সংযোগী দলং পাৰ হৈ যোৱাৰ সময়ত ৰে’লখন ইঞ্জিন লাইনচ্যুত হৈ যায়। লগে লগে যাত্রীসকলৰ মাজত হাহাকাৰ লাগে।
যদিও যাত্রীসকল আহত হোৱাৰ খবৰ পোয়া নাই। ইয়াৰ পিছতে যাত্ৰী ভৰ্তি ডবাকেইখন পুনৰ বদৰপুৰ ষ্টেচনলৈ লৈ যোৱা হয়। ৰেলপথৰ পৰা আঁতৰি যোৱা ইঞ্জিনটো এতিয়াও দলঙত আছে। যাৰ বাবে বদৰপুৰ-গুৱাহাটী ৰেল যোগাযোগ বন্ধ। এই ৰেলপথৰ সকলো ৰেল সেৱা আপাততঃ বন্ধ কৰি দিয়া হৈছে। ইঞ্জিনটো আঁতৰোৱাৰ প্ৰচেষ্টা চলি আছে।












