ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

নিউজ ডেস্কঃ

News Desk by News Desk
October 29, 2026
Reading Time: 1 min read
A A
0
Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

RELATED POSTS

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

New Logo Smal 1 | ASSAM TIMES POST

এসময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ৪ বিলিয়ন মাৰ্কিন ডলাৰ। তেওঁৰ দুটা ব্যক্তিগত দ্বীপ আছিল। কম্পিউটাৰ আৰু টেলিকম ব্যৱসায়ৰ জগতখনত তেওঁ এক ধুমুহাৰ সৃষ্টি কৰিছিল। কিন্তু এতিয়া তেওঁ দেউলীয়া। হয়, ইয়াত ব্যৱসায়ী চিন্নান্নন শিৱশংকৰনৰ (Chinnakannan Sivasankaran) কথা উল্লেখ কৰা হৈছে। শিৱশংকৰন টেলিকম কোম্পানী এয়াৰচেলৰ প্ৰতিষ্ঠাপক। তেওঁ ‘ষ্টাৰলিং কম্পিউটাৰ’ নামৰ কম্পিউটাৰ কোম্পানীটো গঢ়ি তুলিছিল। এসময়ত কোটিপতি শিৱশংকৰন বিলাসী জীৱনশৈলীৰ বাবেও পৰিচিত আছিল।

কিন্তু এয়াৰচেলৰ পতনৰ পিছত আইনী যুদ্ধ আৰম্ভ হয়। তেওঁ প্ৰায় ৭ হাজাৰ কোটি টকা হেৰুৱায়। আৰু এতিয়া তেওঁ সকলো হেৰুৱাই দেউলীয়া হৈছে। শিৱশংকৰনে নিজেই কৈছে, “মই দুখীয়া নহয়। মই দেউলীয়া হৈছোঁ।” কোটিপতিৰ পৰা দেউলীয়ালৈ গতি কৰা ভাৰতৰ বহু অন্যতম আগশাৰীৰ ব্যৱসায়ী শিৱশংকৰণৰ কাহিনী যথেষ্ট চাঞ্চল্যকৰ। ১৯৫৬ চনৰ ২৯ জুলাইত তামিলনাডুৰ চেন্নাইত জন্মগ্ৰহণ কৰিছিল চিন্নান্নন শিৱশংকৰনে। ভাৰতত জন্মগ্ৰহণ কৰিলেও বৰ্তমান তেওঁ ছিচিলিৰ নাগৰিক। ভাৰতীয় মোবাইল নেটৱৰ্ক অপাৰেটৰ এয়াৰচেল, শিৱা কম্পিউটাৰ আৰু ডিচনেটৰ প্ৰতিষ্ঠাপক শিৱশংকৰন।

শিৱশংকৰনে ১৯৮৫ চনত ৰবাৰ্ট অমৃতৰাজৰ পৰা ষ্টাৰলিং কম্পিউটাৰ ক্ৰয় কৰি ব্যৱসায়িক কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁৰ নেতৃত্বত ষ্টাৰলিং ভাৰতৰ শীৰ্ষ তিনিটা কম্পিউটাৰ কোম্পানীৰ ভিতৰত অন্যতম। ১৯৯২ চনত শিৱশংকৰনে চৰকাৰী কোম্পানী এমটিএনএলৰ সৈতে পাঁচ বছৰীয়া চুক্তি স্বাক্ষৰ কৰে। এমটিএনএলে মুম্বাই আৰু দিল্লীত দূৰসংযোগ সেৱা চলাইছিল। শিৱশংকৰনে নিজৰ ব্যৱসায় চেন্নাইৰ পৰা নতুন দিল্লীলৈ স্থানান্তৰিত কৰে। ১৯৯৮ চনত শিৱশংকৰনে দেশৰ প্ৰথমটো DSL ইণ্টাৰনেট সেৱা প্ৰদানকাৰী ডিচনেট ডিএছএল মুকলি কৰে। ২০০৪ চনত ইয়াক ভিএছএনএলক বিক্ৰী কৰা হয় আৰু পিছলৈ ২০০৮ চনত টাটা গ্ৰুপে ইয়াক অধিগ্ৰহণ কৰে। ২০০৪ চনত শিৱশংকৰনে দিল্লী আৰু আন তিনিটা টেলিকম চক্ৰৰ বাবে চেলুলাৰ টেলিফোনিৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম হয়। এই অনুজ্ঞাপত্ৰসমূহ তেওঁ চেন্নাইৰ এছাৰ গ্ৰুপৰ শশী ৰুইয়াক ১০৫ মিলিয়ন ডলাৰত বিক্ৰী কৰিছিল। ২০০৪ চনত শিৱশংকৰনে তেওঁৰ কোম্পানী ফ্ৰেছ এণ্ড হনেষ্টৰ জৰিয়তে কেফে কোম্পানী বৰিস্তাৰ ৬৫ শতাংশ মালিকীস্বত্ব ক্ৰয় কৰিছিল। ফ্ৰেছ এণ্ড হনেষ্ট আছিল ষ্টাৰলিং গ্ৰুপৰ সহযোগী কোম্পানী। পিছত ষ্টাৰলিং গ্ৰুপে টাটা কফিৰ মালিকীস্বত্বৰ অংশীদাৰিত্বও ক্ৰয় কৰে।

শিৱশংকৰনে তিৰুৱন্নমলাই জিলাৰ চেয়াৰ তালুকৰ কোভিলুৰ গাঁৱৰ পৰা এয়াৰচেল প্ৰতিষ্ঠা কৰে। ১৯৯৯ চনত তামিলনাডুত কাম আৰম্ভ কৰা এই কোম্পানীটোৱে ওড়িশা, অসম আৰু উত্তৰ-পূবৰ টেলিকম মহলত উল্লেখযোগ্য স্থান দখল কৰিছিল। ইয়াৰ উপৰি এসময়ত এয়াৰচেল তামিলনাডুৰ শীৰ্ষ টেলিকম বজাৰ আছিল। ৰিলায়েন্স কমিউনিকেচনৰ সৈতে একত্ৰীকৰণৰ আলোচনা বিফল হোৱাৰ পিছত তেওঁলোকৰ ভইচ সেৱা আৰু অন্যান্য ২জি আৰু ৩জি সেৱা সকলোতে বন্ধ কৰি দিয়া হয়। ২০০৫ চনত মালয়েছিয়াৰ টেলিকম কোম্পানী মেক্সিছ কমিউনিকেশ্যনে এয়াৰচেলৰ ৭৪ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছিল। বাকী ২৬ শতাংশ শ্বেয়াৰৰ মালিক সুনীতা ৰেড্ডীৰ ‘চিণ্ডিয়া ছিকিউৰিটিজ এণ্ড ইনভেষ্টমেণ্টছ’।

air1 1 | ASSAM TIMES POST
চিন্নান্নন শিৱশংকৰন

অৱশ্যে এয়াৰচেল-মেক্সিছৰ চুক্তিত আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ কৰা হৈছিল যে মালয়েছিয়াৰ মেক্সিছক প্ৰভাৱ পেডলিঙৰ জৰিয়তে এয়াৰচেলত বিনিয়োগ কৰাৰ অনুমতি অবৈধভাৱে দিয়া হৈছিল। ২০১৮ চনৰ জানুৱাৰী মাহত এয়াৰচেলে গুজৰাট, মহাৰাষ্ট্ৰ, হাৰিয়ানা, হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ চক্ৰত নিজৰ কাম-কাজ বন্ধ কৰি দিছিল। তাত কোম্পানীটোৱে কোনো লাভৰ মুখ দেখা নাছিল। দৰাচলতে বজাৰত শুল্ক যুদ্ধ আৰম্ভ হোৱাৰ পাছত এসময়ৰ লাভজনক এয়াৰচেলে ক্ৰমান্বয়ে প্ৰতিযোগিতাত স্থান হেৰুৱাই পেলায়। ইয়াৰ মূল কোম্পানী মেক্সিছো ধন সংগ্ৰহৰ ক্ষেত্ৰত পিছপৰি ৰ’ল। ২০১৮ চনত এয়াৰচেল ভয়াৱহ আৰ্থিক সংকটৰ সন্মুখীন হয়। কোম্পানীটোৰ ওপৰত ঋণৰ বোজা পৰে। সেই সমস্যাৰ সমাধান বিচাৰি এয়াৰচেলে নিজকে দেউলীয়া ঘোষণা কৰিবলৈ মুম্বাইৰ নেশ্যনেল কোম্পানী ল’ ট্ৰিবিউনেল (এনচিএলটি)ত আবেদন দাখিল কৰে। দেউলীয়া এয়াৰচেলৰ প্ৰতিষ্ঠাপক শিৱশংকৰনে ইউটিউবাৰ ৰণবীৰ ইলাহাবাদীৰ সৈতে প’ডকাষ্টত গভীৰ দুখ প্ৰকাশ কৰে। তাত একালৰ উদ্যোগীগৰাকীয়ে ৭ হাজাৰ কোটি টকা হেৰুওৱাৰ অভিজ্ঞতা আৰু তাৰ পৰা উদ্ধাৰৰ বাবে কৰা সংগ্ৰামৰ কথা উল্লেখ কৰে। তেওঁ দুটা সহজ কাৰকৰ উল্লেখ কৰে, যাৰ ফলত তেওঁৰ বৃহৎ আৰ্থিক লোকচান হৈছিল। প্ৰথম, হিন্দী শিকিব নোৱাৰা আৰু দ্বিতীয় কেৰিয়াৰৰ আৰম্ভণিতে দিল্লী বা মুম্বাইৰ দৰে ডাঙৰ চহৰলৈ স্থানান্তৰিত নোহোৱা। শিৱশংকৰনে কয়, “মই হিন্দী শিকিলে ১.৪ বিলিয়ন ভাৰতীয়ৰ কাষ চাপিব পাৰিলোহেঁতেন।” তেওঁ লগতে কয়, “আৰু আৰম্ভণিতে যদি মই দিল্লী বা মুম্বাইলৈ গ’লোহেঁতেন তেন্তে নিশ্চিতভাৱে ১ লাখ কোটি টকা উপাৰ্জন কৰিলোঁহেঁতেন।” স্ব-প্ৰতিষ্ঠিত উদ্যোগপতিজনে বুজাই দিয়ে যে ভৌগোলিক অৱস্থান আৰু ভাষাৰ বাধাৰ বাবে তেওঁ ভাৰতৰ ক্ষমতাৰ কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল।

ইলাহাবাদীয়াক কয়, “মই ঋণ ল’ব নিবিচাৰো, টকা মোৰ ওচৰলৈ আহে।” তেওঁ লগতে কয়, “৬৮ বছৰ বয়সতো মই কেতিয়াও ব্যক্তিগত প্ৰয়োজনৰ বাবে ১০০ টকাও ঋণ লোৱা নাই।” এজন উদ্যোগী হিচাপে শিৱশংকৰে কয় যে তেওঁৰ ব্যৱসায়ৰ আটাইতকৈ ডাঙৰ দুৰ্যোগ দূৰদৰ্শিতাৰ অভাৱৰ বাবে নাছিল। বৰঞ্চ সঠিক যোগাযোগৰ অভাৱৰ বাবেই সেইবোৰ ঘটিছিল। শিৱশংকৰে কয়, “মই দুটা ভুল কৰিলোঁ। হিন্দী শিকিব নোৱাৰিলো আৰু দিল্লী বা মুম্বাইলৈ নগ’লোঁ।” প’ডকাষ্টৰ আন এটা খণ্ডত উদ্যোগীজনে দেউলীয়া হোৱাৰ আগতে কৰা আটাইতকৈ দামী ক্ৰয়ৰ কথাও প্ৰকাশ কৰে। শিৱশংকৰনে কয় যে তেওঁ ৰিয়েল ইষ্টেট খণ্ডত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছিল আৰু পৃথিৱীৰ বিভিন্ন ঠাইত কেইবাটাও ঘৰ কিনিছিল। ৰণবীৰ ইলাহাবাদিয়াই তেওঁক সোধে, “আপুনি কিনা আটাইতকৈ দামী বস্তুটো কি আছিল?” উত্তৰত শিৱশংকৰনে কয়, “এটা দ্বীপ।” তেওঁ কয় যে ছিচিলিত তেওঁৰ দুটা দ্বীপ আছিল, যিবোৰ তেওঁ এতিয়া বিক্ৰী কৰিছে। শিৱশংকৰনে লগতে কয় যে তেওঁ নিজৰ নিৰ্মিত এখন দেশত বাস কৰাৰ সপোন লৈ দ্বীপসমূহ ক্ৰয় কৰিছিল। তেওঁ এই দ্বীপটোৰ নাম ৰাখিছিল ‘শিৱ গণৰাজ্য’। তেওঁ কয়, “তাৰ পিছত মই ছিচিলি, আমেৰিকা, কানাডা আৰু লণ্ডনত ঘৰ কিনিলোঁ। মই বিচাৰিছিলো প্ৰতিখন মহাদেশতে থাকিবলৈ এটা ঠাই হওক। সেয়েহে মই সেইবোৰ কিনিলোঁ।”

শিৱশংকৰনে লগতে কয়, “যেতিয়া মই ঘৰবোৰ কিনিছিলো তেতিয়া মই এটা বিলাসী ঘৰত বাস কৰিছিলো, যাৰ মূল্য আছিল ৫২৪ কোটি টকা আৰু তাত আছিল ৭১টা শোৱনিকোঠা। পিছত সেইটো ভাঙি পেলোৱা হৈছিল। অৱশ্যে সেই ঘৰৰ আধা অংশ মই পুনৰ ক্ৰয় কৰিছো। এতিয়া মোৰ হাতত ২ একৰ মাটি আছে। কিন্তু মই এতিয়াই তাত ঘৰ সাজিব নিবিচাৰো। মই প্ৰথমে সকলো সমস্যা সমাধান কৰিব বিচাৰো।”
শিৱশংকৰনে লগতে কয় যে দেউলীয়া হোৱাৰ আগতে কেলিফ’ৰ্ণিয়াৰ ফ্ৰেমণ্টত ১৪ একৰ মাটিত তেওঁৰ ঘৰ আছিল। তাত হেলিপেড এটাও আছিল। ইয়াৰ উপৰি কানাডাত তেওঁৰ এটা বিশাল অট্টালিকাও আছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AircelCEObudget 2019
Share4Tweet3Send

Related Posts

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ
National-International

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

by News Desk
October 29, 2026
50
Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত
National-International

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

by News Desk
October 29, 2026
50
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

by News Desk
October 28, 2026
52

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ
National-International

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ

by News Desk
October 28, 2026
52
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

by News Desk
October 28, 2026
51
ADVERTISEMENT
Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী
National-International

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

October 29, 2026
50
PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ
National-International

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

October 29, 2026
50
Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত
National-International

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

October 29, 2026
50
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

October 28, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

October 29, 2026
PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

October 29, 2026
Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

October 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d