
অহা ১০ নৱেম্বৰত মুক্তি পাব কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ (Sonia Gandhi) স্মৃতিগ্ৰন্থ ‘বিলংগিং: এ জাৰ্নি অব লাভ’ (Belonging: A Journey of Love) । গ্ৰন্থখনত যুদ্ধবিধ্বস্ত ইটালীৰ শৈশৱ, ভাৰতৰ সৈতে তেওঁৰ আধ্যাত্মিক সম্পৰ্ক, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে প্ৰথম সাক্ষাৎ আৰু জীৱনৰ বিভিন্ন ব্যক্তিগত আৰু ৰাজনৈতিক উত্থান-পতনৰ ইতিহাস লিখা হৈছে।
আলফ্ৰেড এ নপ প্ৰকাশন সংস্থাই বিশ্বজুৰি প্ৰকাশ কৰিব এই গ্ৰন্থখন। কিন্তু ভাৰতত প্ৰকাশৰ অধিকাৰ সন্দৰ্ভত কিছু জটিলতা দেখা দিছিল। মূল খচৰাৰ কেইবাটাও সম্পাদনা আৰু সংশোধনৰ বাবে পেংগুইন ৰেণ্ডম হাউছৰ সৈতে মতানৈক্যৰ বাবে ছোনিয়া গান্ধীৰ প্ৰতিনিধিসকলে পিছুৱাই যায়। অৱশেষত ছোনিয়া গান্ধীৰ আত্মজীৱনীৰ ভাৰতীয় সংস্কৰণ অহা ১০ নৱেম্বৰত মুক্তি পাব হাৰ্পাৰকলিন্স ইণ্ডিয়াৰ সহযোগত।
ইফালে ছোনিয়া গান্ধীয়ে ইংগিত দিছে যে গ্ৰন্থখন মুক্তি পোৱাৰ পূৰ্বেই ৰাজনৈতিক মহলত আলোড়ন আৰম্ভ হৈছে। তেওঁ নিজেই কৈছে যে এই কিতাপখনক কেন্দ্ৰ কৰি এটা ‘কৌতুহল’ অনিবাৰ্য। শেহতীয়াকৈ ইনষ্টাগ্ৰাম আৰু এক্সত আত্মপ্ৰকাশ কৰি তেওঁ ভিডিঅ’ বাৰ্তাযোগে কয় যে বছৰ বছৰ ধৰি তেওঁৰ বিষয়ে যি লিখা হৈছে তাৰ এটা বৃহৎ অংশ হয় মনেসজা নহয় অতিৰঞ্জিত।

তেওঁৰ জীৱনটো আনৰ কলমেৰে সংজ্ঞায়িত হ’বলৈ দিয়াতকৈ নিজৰ ভাষাত প্ৰকৃত সত্যটো উপস্থাপন কৰিবলৈ এই কিতাপখন লিখাৰ সিদ্ধান্ত লয়। গ্ৰন্থখন মুক্তি পোৱাৰ পিছত সাধাৰণ ৰাইজ আৰু পাঠকৰ কি প্ৰতিক্ৰিয়া হ’ব পাৰে সেই সন্দৰ্ভতো অৱলোকন কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
তেওঁ স্পষ্টকৈ কয়, “এই কিতাপখন পঢ়াৰ পিছত বহুতে মোৰ বিষয়ে পুৰণি ধাৰণা সলনি কৰিব পাৰে। কিছুমানৰ দৃষ্টিভংগী ইতিবাচক হ’ব পাৰে । আনহাতে, আন কিছুমানৰ দৃষ্টিত মোৰ ভাবমূৰ্তি বেয়া হ’ব পাৰে।” কিন্তু কিতাপ লিখাৰ সময়ত এনে সমালোচনা আৰু প্ৰতিক্ৰিয়া অনিবাৰ্য বুলি তেওঁ মুকলিকৈ স্বীকাৰ কৰিছে। তেওঁ কয়, “আনৰ ক্ষেত্ৰতো আগতে এনেকুৱা হৈছে। এইবাৰ মোৰ পাল।” ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনৰ এই বিৱৰণীত ছোনিয়াই স্বামী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৰাজনৈতিক জীৱনৰ প্ৰাৰম্ভিক দিনৰ স্মৃতিবোৰো চুই গৈছে।
ৰাজীৱ গান্ধীক যেতিয়া প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰস্তাৱ দিয়া হৈছিল তেতিয়া তেওঁ সেই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল। দীৰ্ঘদিন ধৰি উত্তেজনা আৰু জল্পনা-কল্পনাৰ অন্তত এই আত্মজীৱনীখন পাঠকৰ কাষ চাপিবলৈ অপেক্ষা কৰি আছে। এই গ্ৰন্থখনে আগন্তুক দিনত ৰাজনৈতিক মহলত এক নতুন আলোচনাৰ ধুমুহা সৃষ্টি কৰিব বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে।










