
ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এই অভিযানত অসম আৰক্ষীয়ে আন এক সফলতা লাভ কৰিছে। মঙলবাৰে নিশা আমিনগাঁৱত আৰক্ষীৰ অভিযানত জব্দ হয় প্ৰায় ৩ কোটি টকা মূল্যৰ নিচাজাতীয় দ্ৰব্য আফিং। এই জব্দকৃত আফিঙখিনিৰ ওজন প্ৰায় ২০ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে। এএছ-০১-পিচি-০৭৩০ পঞ্জীয়ন নম্বৰৰ এখন মালবাহী বাহনৰ অতিৰিক্ত টায়াৰৰ ভিতৰত এই ড্ৰাগছখিনি লুকুৱাই আনিছিল। জানিব পৰা মতে, এই নিষিদ্ধ দ্ৰব্যখিনি মণিপুৰৰ সেনাপতি অঞ্চলৰ পৰা নামনি অসমলৈ আনিছিল।
ঘটনা সন্দৰ্ভত ড্ৰাগছ সৰবৰাহকাৰী তথা বাহনখনৰ চালক চাহিল আলীক (৪২) আৰক্ষীয়ে আটক কৰিছে। চাহিল আলীৰ ঘৰ নলবাৰী জিলাৰ মুকালমুৱাৰ চাউলখোৱাত। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তথা এছটিএফৰ অতিৰিক্ত অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল।










