
হোটেলৰ ভাৰাৰ বিবাদৰ বাবেই পাঁচজনকৈ লোকে মৃত্যুক সাৱটিবলগা হয় । এই মন্তব্য হেলেনা ভৰালীৰ ভাগিনীয়েক জ্যোতিষ দাসৰ। তেওঁ প্ৰকাশ কৰা অনুসৰি, ১১ মাহৰ বাবে ঘনকান্ত গগৈয়ে হোটেল লীজত লৈছিল। কিন্তু আগধন দিয়াৰ পিছত বাকী ভাৰা তেওঁ পৰিশোধ নকৰাৰ অভিযোগ। প্ৰায় ৩০,৮০,০০০ হাজাৰ টকা ভাৰা অনাদায় হৈ থকা বুলি হেলেনা ভৰালীৰ পৰিয়ালে দাবী কৰিছে। ইয়াৰ উপৰি বাৰে বাৰে সময় বিচাৰিও প্ৰতিশ্ৰুতি অনুসৰি ধন পৰিশোধ নকৰাৰ অভিযোগ উত্থাপন কৰে।
আনহাতে, পূজাৰ পিছত দিবলগা সকলো ধন ঘনকান্তই আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰে। ঘটনাৰ দিনা হোটেলৰ অংশীদাৰসকলৰ সৈতে বৈঠকত ভাৰা পৰিশোধ আৰু নতুন চুক্তি কৰাৰ কথা আছিল। লগতে হোটেল খালী কৰিবলৈ চূড়ান্ত সকীয়নি দিয়া হৈছিল বুলি উল্লেখ কৰে। ইফালে ভাৰা নিদিয়াৰ বাবে হোটেলৰ পানীযোগান আৰু বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

আনহাতে, ঘটনাৰ দিনা হোটেলত ভাৰা আৰু হোটেল খালী কৰাক লৈ তৰ্কাতৰ্কি হোৱা বুলি হেলেনা ভৰালীৰ ভাগিনীয়েকে উল্লেখ কৰি কয় যে মাজতে ঘনকান্ত গগৈ হোটেলৰ পৰা ওলাই গৈছিল যদিও পুনৰ সোমাই আহে। উল্লেখ্য যে হেলেনা ভৰালী, উদয় ভৰালী আৰু পৰিয়ালৰ আন সদস্যসকলৰো হোটেলখনৰ সৈতে ব্যৱসায়িক সম্পৰ্ক থকা বুলি উল্লেখ কৰে। উল্লেখ্য যে ঘটনাৰ দিনা হেলেনা ভৰালী, উদয় ভৰালী আৰু ইলেক্ট্ৰিচিয়ান নাৰায়ণ দাসৰ লগতে উদয় ভৰালীৰ পুত্ৰ আৰু বোৱাৰীৰো মৃত্যু হয়।
আনহাতে, উদয় ভৰালীৰ কন্যাও বৈঠকলৈ অহাৰ কথা আছিল যদিও দেউতাকে তেওঁক বাধা দিয়া বুলি পৰিয়ালৰ লোকে দাবী কৰে। ইফালে ঘনকান্ত গগৈৰ কন্যাই পঢ়ি থকা ‘লিটিল জিনিয়াছ স্কুল’ৰ মাচুল অনাদায় হৈ থকাৰ প্ৰসংগও উত্থাপন হৈছে। অৱশ্যে কিমান পৰিমাণৰ আৰু কেতিয়াৰ পৰা অনাদায় হৈ আছে সেয়া স্পষ্ট নহয়।













