
‘লোকতন্ত্ৰ বাচাও, অৰাজকতা হাটাও’ শীৰ্ষক বিজেপিৰ পদ যাত্ৰাই কঁপালে ডিফু চহৰৰ ৰাজপথ।
দেশত বিৰোধীয়ে অব্যাহত ৰখা অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগত ডিফুতো কাৰ্বি আংলং জিলা বিজেপিয়ে এই বিশাল প্ৰতিবাদী পদযাত্ৰা আৰম্ভ কৰা বুলি উল্লেখ কৰে কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙে।

ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা বাহিৰ কৰা এই বিশাল পদযাত্ৰাক নেতৃত্ব প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰছিং তিছ’ৰ লগত জিলা বিজেপিৰ জ্যেষ্ঠ নেতৃবৰ্গই।
সহস্ৰাধিক বিজেপি কৰ্মীয়ে অংশ গ্ৰহণ কৰা পদযাত্ৰাই ‘লোকতন্ত্ৰ বাচাও অৰাজকতা হাটাও’, ‘কংগ্ৰেছক লাগে অনুপ্ৰৱেশকাৰী, বিজেপিক লাগে SIR’ আদি শ্ল’গানেৰে ডিফু চহৰ কঁপাই তোলে।












