
আহি আছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ (Sonia Gandhi) বহু প্ৰত্যাশিত আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’। ১০ নৱেম্বৰত মুক্তি পাবলগীয়া এই স্মৃতিগ্ৰন্থখনে তেওঁৰ জীৱনৰ বহু অচিনাকি অধ্যায় উন্মোচন কৰিছে। এই লেখাৰ কিছু খচৰা প্ৰকাশন প্ৰতিষ্ঠান হাৰ্পাৰ কলিন্সে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে।

ইটালীৰ পৰা ভাৰতলৈ আহি ইয়াৰ সংস্কৃতিৰ লগত খাপ খুৱাই লোৱাৰ ৰোমাঞ্চকৰ অভিজ্ঞতাক ছোনিয়াই আলোকপাত কৰিছে। তৰুণী ছোনিয়াই যেতিয়া প্ৰথমবাৰৰ বাবে ইটালীৰ পিডমণ্টত শৈশৱ কটোৱাৰ পিছত ভাৰতলৈ আহিছিল, তেতিয়া তেওঁৰ বাবে সংস্কৃতি আৰু খাদ্য সম্ভাৰ সম্পূৰ্ণ নতুন আছিল।
স্মৃতিগ্ৰন্থত তেওঁ লিখিছে যে ৰাজীৱ গান্ধীৰ সৈতে সম্পৰ্কত থকাৰ সময়তে প্ৰথমে গান্ধী পৰিয়ালৰ টেবুলত তন্দুৰী চিকেন খাইছিল। ব্যঞ্জনটোত বৰ জলকীয়া আছিল। উজ্জ্বল ৰঙা, সামান্য জ্বলি যোৱা তন্দুৰী চিকেন খোৱাৰ অভিজ্ঞতা তেওঁৰ এতিয়াও স্পষ্টকৈ মনত আছে। অৱশ্যে সেই প্ৰাৰম্ভিক জোকাৰণিৰ পৰা হোৱাৰ পিছত তেওঁ ক্ৰমান্বয়ে ভাৰতীয় খাদ্যৰ প্ৰেমত পৰে।
ভাত, ফুলকা ৰুটি, তৰকাৰী, লগতে খাছী বা কুকুৰা আৰু মাছ, মচুৰ দাইল বিশেষকৈ ৰহৰ দাইল তেওঁৰ দৈনন্দিন সংগী হৈ পৰিল। এই সৰু সৰু পৰিৱৰ্তনবোৰৰ মাজেৰে বিদেশী ছোনিয়াই ক্ৰমান্বয়ে এই দেশলৈ যোৱাৰ পথ বিচাৰি পাইছিল বুলিও কয়।
খাদ্যৰ বাহিৰেও ভাৰতৰ পৰম্পৰাগত সাজ-পোছাকৰ সৈতে তেওঁৰ পৰিচয়টোও কম ৰোমাঞ্চকৰ নাছিল। যদিও এই শাৰীখনক পৃথিৱীৰ অন্যতম মাৰ্জিত কাপোৰ বুলি গণ্য কৰা হয়, তথাপিও তেওঁ নিজেই ইয়াক পিন্ধিবলৈ কম চিন্তা কৰিবলগীয়া হোৱা নাছিল।
কিতাপখনত তেওঁ উল্লেখ কৰিছে যে এংগেজমেণ্টৰ দিনা পিন্ধা সেউজীয়া আৰু পাতল হালধীয়া ৰঙৰ শাৰীখন ধৰি ৰাখিবলৈ কেইবাটাও ছেফটি পিনৰ সহায় ল’বলগীয়া হৈছিল। আকৌ তেওঁৰ বিয়াৰ শাড়ীৰ লগত জড়িত আছিল এক ঐতিহাসিক আৱেগ। যি সূতাৰ পৰা শাৰী বোৱা হৈছিল সেই সূতা কাৰাবন্দী হৈ থাকোঁতে জৱাহৰলাল নেহৰুৱে নিজেই কাটিছিল। খাদ্যাভ্যাস, সাজ-পোছাক আৰু পাৰিবাৰিক স্মৃতিৰ বাহিৰেও এই আত্মজীৱনীত তেওঁৰ জীৱনৰ কঠিন সময়ৰ কথাও কোৱা হৈছে।
সঞ্জয় গান্ধীৰ হঠাৎ বিমান দুৰ্ঘটনা, ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ নৃশংস হত্যা আৰু ১৯৯১ চনত ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডলৈ পৰিয়ালৰ লগত সংঘটিত ইটোৰ পিছত সিটোকৈ ঘটনাই ছোনীয়া গান্ধীৰ জীৱন চিৰদিনৰ বাবে কেনেকৈ সলনি কৰি পেলালে সেই বিষয়েও গ্ৰন্থখনত বিতংভাৱে উল্লেখ কৰা হৈছে। গভীৰ ব্যক্তিগত শোক আৰু তীব্ৰ সংকটৰ সেই দিনবোৰে তেওঁক নিজৰ মাজৰ পৰা ওলাই আহি ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিবলৈ বাধ্য কৰাইছিল।
যদিও তেওঁ বহুদিন ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখিছিল, তথাপিও কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁৰ পৰৱৰ্তী দায়িত্ব, ইউপিএৰ অধ্যক্ষ হিচাপে তত্বাৱধান আৰু ২০০৪ চনত ঐতিহাসিক বিজয়ৰ পিছত নিজে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰাকৈ দল আৰু মিত্ৰজোঁটৰ পথ প্ৰদৰ্শনৰ যুগান্তকাৰী অধ্যায়টোও এই গ্ৰন্থখনৰ কেন্দ্ৰবিন্দু। ছোনিয়া গান্ধীৰ এই আত্মজীৱনীখন ব্যক্তিগত জীৱন, প্ৰেম, চৰম শোক, ৰাজনীতি আদিক সামৰি লোৱা এক অনন্য আৱেগিক নথি হ’বলৈ গৈ আছে।









