ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Man killed family । পত্নী, শাহুৱেক, খুলশালীসহ বাদ নপৰিল শহুৰেকৰ ঘৰৰ এজনো, বেংগালুৰুত নৃশংস হত্যাকাণ্ডত গ্ৰেপ্তাৰ নাবালিকা কন্যাসহ হত্যাকাৰী

News Desk by News Desk
November 7, 2026
Reading Time: 1 min read
A A
0
Mother Killed Son : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,  : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,   : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, হত্যা কৰি মৃতদেহ কৰিলে পাঁচ টুকুৰা

RELATED POSTS

E20 Petrol I ই-২০ পেট্ৰ’লত ৩১ শতাংশতকৈ অধিক ইথানল, নমুনা পৰীক্ষা কৰি কৰ্ণাটক চৰকাৰ ক্ষতিপূৰণ দাবী

Sonia Gandhi Biography I জুইত পোৰা তন্দুৰী চিকেনৰ পৰা আৰম্ভ কৰি ৰহৰ দাইললৈকে, ছোনিয়া গান্ধীয়ে ক’লে ভাৰতীয় হোৱাৰ কাহিনী

SIR controversy I বাদ পৰা ভোটাৰৰ বাবে বিশেষ সুযোগ, ৭ ৰাজ্যৰ বাবে নতুন অধিসূচনা

New Logo Smal | ASSAM TIMES POST

প্ৰথমে পত্নীক হত্যা। তাৰ পাছত বেংগালুৰু টেক্সিচালক ইন্দুশেখৰে এজন এজনকৈ শহুৰেকৰ ছয়জন সদস্যক হত্যা (Man killed Family) কৰে। তেওঁ নিজৰ টেক্সি ব্যৱহাৰ কৰি সাতজন লোকৰ মৃতদেহ মহানগৰীৰ বিভিন্ন প্ৰান্তত পেলাই দিয়ে। আনহাতে, ইন্দুশেখৰৰ নাবালিকা কন্যাই তেওঁক মৃতদেহ নিষ্কাশনত সহায় কৰিছিল। এই অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Man killed family ।
বেংগালুৰুত নৃশংস হত্যাকাণ্ডত গ্ৰেপ্তাৰ নাবালিকা কন্যাসহ হত্যাকাৰী:

তেওঁৰ লগতে ইন্দুশেখৰৰ কন্যাকো গ্ৰেপ্তাৰ কৰা হৈছে। হত্যাকাণ্ডৰ আঁৰৰ আচল কাৰণ, ইন্দুশেখৰে কেনেদৰে মৃতদেহ নিষ্কাশনৰ পৰিকল্পনা কৰিছিল সেইবোৰৰ উত্তৰ এতিয়া বেংগালুৰু আৰক্ষীয়ে বিচাৰি আছে। একে সময়তে ইন্দুশেখৰৰ শহুৰেকৰ ৬ জন সদস্যৰ মৃতদেহ উদ্ধাৰৰ বাবে তালাচী অভিযান অব্যাহত আছে। এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ কৰিছে ইন্দুশেখৰৰ পত্নীৰ মৃতদেহ।

বেংগালুৰুৰ ছেৰামপুৰাৰ বাসিন্দা ইন্দুশেখৰ। প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰে যে তেওঁৰ পত্নী সুনীতাৰ সৈতে দীৰ্ঘদিন ধৰি মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ আছিল। বিভিন্ন কাৰণত অহৰহ অশান্তিৰ সৃষ্টি হৈছিল। সুনীতাই বাৰে বাৰে দেউতাকৰ ঘৰত বৈবাহিক বিবাদৰ কথা অৱগত কৰিছিল।

যেতিয়াই অশান্তিৰ সৃষ্টি হৈছিল, তেতিয়াই তেওঁ শহুৰেকৰ ঘৰৰ পৰা ওলাই গৈছিল, যিটোত ইন্দুশেখৰ সুখী নাছিল। দেউতাকৰ ঘৰৰ মানুহে সুনীতাক ইন্ধন যোগাইছিল বুলি সন্দেহ কৰিছিল। সময়ৰ লগে লগে ইন্দুশেখৰৰ অসন্তুষ্টি বাঢ়ি আহে। আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান যে সেই খঙৰ পৰাই হয়তো ইন্দুশেখৰে হত্যাকাণ্ড সংঘটিত কৰিছে। যদিও হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

আৰক্ষীৰ দাবী, সোধা-পোছাৰ সময়ত ইন্দুশেখৰে স্বীকাৰোক্তি দিয়ে যে তেওঁ প্ৰথমে পত্নী সুনীতাক হত্যা কৰে। ইয়াৰ পিছত ইন্দুশেখৰৰ বিৰুদ্ধে শাহুৱেক ৰূপৱতী, দুজন ভায়েক, তেওঁলোকৰ পত্নী আৰু সাত বছৰীয়া ভতিজাকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

তদন্তকাৰীৰ সূত্ৰ মতে, জেৰাৰ সময়ত অভিযুক্তই ১৫-২০ দিনৰ ভিতৰত এই সাতজন লোকক হত্যা কৰা বুলি জানিবলৈ দিয়ে। প্ৰথমে পত্নীক হত্যা কৰিছিল আৰু তাৰ পিছত তেওঁৰ মৃতদেহ পেলাই দিছিল। ইয়াৰ পিছত সিন্ধুশেখৰে এজন এজনকৈ শহুৰেকৰ ঘৰৰ মানুহ নিজৰ ঘৰলৈ মাতি আনি হত্যা কৰে। ইয়াৰ পিছত তেওঁ তেওঁলোকৰ মৃতদেহ নিজৰ টেক্সিত ভৰাই চহৰৰ বিভিন্ন ঠাইলৈ লৈ যায়।

তদন্তকাৰীৰ মতে, আৰক্ষীয়ে নিৰুদ্দেশ হোৱা ব্যক্তিৰ গোচৰৰ ভিত্তিত হত্যাকাণ্ডৰ তথ্য লাভ কৰে। বেংগালুৰু আৰক্ষী আয়ুক্ত সীমান্ত কুমাৰ সিঙে জানিবলৈ দিয়া মতে, সুনীতাৰ ভনীয়েকৰ পৰিয়ালৰ এজন সদস্যই থানাত তেওঁলোক নিৰুদ্দেশ হোৱাৰ খবৰ দিয়ে। সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। ইয়াৰ পিছতে জানিব পৰা মতে, ছেৰামপুৰা অঞ্চলৰ এটা পৰিয়ালৰ ছয়জন সদস্য কেইবাদিনো ধৰি সন্ধানহীন হৈ আছিল।

ইয়াৰ পিছতে গম পোৱা যায় যে নিৰুদ্দিষ্ট ৬জনেই টেক্সিচালক ইন্দুশেখৰৰ ঘৰলৈ গৈছিল। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগে লগে গম পায় যে ছয়জনক বেলেগ বেলেগ দিনত বিভিন্ন সময়ত ঘৰলৈ অহা দেখা গৈছিল। কিন্তু তাৰ পিছত কাৰো কোনো ধাৰণা নাছিল যে তেওঁলোক ক’লৈ গ’ল।

সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে প্ৰথমে ইন্দুশেখৰক গ্ৰেপ্তাৰ কৰে। জেৰা আৰম্ভ হোৱাৰ লগে লগে পোহৰলৈ আহে হত্যাকাণ্ড। আৰক্ষীৰ সূত্ৰ অনুসৰি, ইন্দুশেখৰে জেৰাৰ সময়ত দাবী কৰে যে তেওঁ প্ৰথমে সুনীতাক হত্যা কৰি চিক্কাবল্লাপুৰৰ নন্দন পাহাৰৰ সমীপত মৃতদেহ পেলাই দিছিল।

ইয়াৰ পিছত এজন এজনকৈ শহুৰেকৰ ঘৰৰ মানুহক মাতি আনি হত্যা কৰে। ইন্দুশেখৰৰ পৰা তথ্য লাভ কৰাৰ পিছতে চিক্কাবল্লাপুৰৰ নন্দন পাহাৰৰ পৰা সুনীতাৰ মৃতদেহ উদ্ধাৰ কৰে। অৱশ্যে বাকী মৃতদেহকেইটা ক’ত পেলাই দিয়া হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ইন্দুশেখৰে জেৰাৰ সময়ত দাবী কৰে যে তেওঁ শহুৰেকৰ ঘৰৰ মানুহক এজন এজনকৈ ঘৰলৈ মাতি আনি তেওঁলোকৰ খাদ্যৰ লগত টোপনিৰ বড়ি মিহলাই দিছিল। খাদ্য খাই যেতিয়া তেওঁলোক অস্থিৰ হৈ পৰে, তেতিয়া তেওঁ সকলোকে শিলেৰে মূৰত থেতেলিয়াই মৰি পেলায়।

ইয়াৰ পিছত পত্নী আৰু তেওঁৰ পিতৃৰ পৰিয়ালৰ ছয়জন লোকৰ মৃতদেহ গাড়ীত ভৰাই চহৰৰ বিভিন্ন প্ৰান্তত পেলাই দিয়ে। ইন্দুশেখৰৰ নাবালিকা কন্যাই তেওঁক এই কামত সহায় কৰিছিল। সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। ইন্দুশেখৰৰ এই দাবীৰ সত্যতা পৰীক্ষা কৰিবলৈ আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: খুলশালীসহ বাদ নপৰিল শহুৰেকৰ ঘৰৰ এজনোপত্নীবেংগালুৰুত নৃশংস হত্যাকাণ্ডত গ্ৰেপ্তাৰ নাবালিকা কন্যাসহ হত্যাকাৰীশাহুৱেক
Share4Tweet3Send

Related Posts

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol I ই-২০ পেট্ৰ’লত ৩১ শতাংশতকৈ অধিক ইথানল, নমুনা পৰীক্ষা কৰি কৰ্ণাটক চৰকাৰ ক্ষতিপূৰণ দাবী

by News Desk
November 7, 2026
50
ত্ৰিপুৰাত ৰাষ্ট্ৰপতি শাসন দাবী কংগ্ৰেছৰ:
National-International

Sonia Gandhi Biography I জুইত পোৰা তন্দুৰী চিকেনৰ পৰা আৰম্ভ কৰি ৰহৰ দাইললৈকে, ছোনিয়া গান্ধীয়ে ক’লে ভাৰতীয় হোৱাৰ কাহিনী

by News Desk
November 7, 2026
50
Lok sabha election 2024 : ভোট দিয়ক আৰু লাভ কৰক হীৰাৰ আঙঠি, বাইক, ক’ত এই আকৰ্ষণীয় উপহাৰ?
National-International

SIR controversy I বাদ পৰা ভোটাৰৰ বাবে বিশেষ সুযোগ, ৭ ৰাজ্যৰ বাবে নতুন অধিসূচনা

by News Desk
November 7, 2026
50
Karmabhoomi Express fire I কৰ্মভূমি এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৪টা ডবা ভস্মীভূত
National-International

Karmabhoomi Express fire I কৰ্মভূমি এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৪টা ডবা ভস্মীভূত

by News Desk
November 6, 2026
50
Bihar encounter I এজন, দুজন নহয় তিনিজনক এনকাউণ্টাৰ; এইবাৰ বিহাৰত
National-International

Bihar encounter I এজন, দুজন নহয় তিনিজনক এনকাউণ্টাৰ; এইবাৰ বিহাৰত

by News Desk
November 6, 2026
51
SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ
National-International

SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ

by News Desk
November 6, 2026
50
ADVERTISEMENT
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol I ই-২০ পেট্ৰ’লত ৩১ শতাংশতকৈ অধিক ইথানল, নমুনা পৰীক্ষা কৰি কৰ্ণাটক চৰকাৰ ক্ষতিপূৰণ দাবী

November 7, 2026
50
ত্ৰিপুৰাত ৰাষ্ট্ৰপতি শাসন দাবী কংগ্ৰেছৰ:
National-International

Sonia Gandhi Biography I জুইত পোৰা তন্দুৰী চিকেনৰ পৰা আৰম্ভ কৰি ৰহৰ দাইললৈকে, ছোনিয়া গান্ধীয়ে ক’লে ভাৰতীয় হোৱাৰ কাহিনী

November 7, 2026
50
Lok sabha election 2024 : ভোট দিয়ক আৰু লাভ কৰক হীৰাৰ আঙঠি, বাইক, ক’ত এই আকৰ্ষণীয় উপহাৰ?
National-International

SIR controversy I বাদ পৰা ভোটাৰৰ বাবে বিশেষ সুযোগ, ৭ ৰাজ্যৰ বাবে নতুন অধিসূচনা

November 7, 2026
50
Mother Killed Son : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,  : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,   : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, হত্যা কৰি মৃতদেহ কৰিলে পাঁচ টুকুৰা
National-International

Man killed family । পত্নী, শাহুৱেক, খুলশালীসহ বাদ নপৰিল শহুৰেকৰ ঘৰৰ এজনো, বেংগালুৰুত নৃশংস হত্যাকাণ্ডত গ্ৰেপ্তাৰ নাবালিকা কন্যাসহ হত্যাকাৰী

November 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol I ই-২০ পেট্ৰ’লত ৩১ শতাংশতকৈ অধিক ইথানল, নমুনা পৰীক্ষা কৰি কৰ্ণাটক চৰকাৰ ক্ষতিপূৰণ দাবী

November 7, 2026
ত্ৰিপুৰাত ৰাষ্ট্ৰপতি শাসন দাবী কংগ্ৰেছৰ:

Sonia Gandhi Biography I জুইত পোৰা তন্দুৰী চিকেনৰ পৰা আৰম্ভ কৰি ৰহৰ দাইললৈকে, ছোনিয়া গান্ধীয়ে ক’লে ভাৰতীয় হোৱাৰ কাহিনী

November 7, 2026
Lok sabha election 2024 : ভোট দিয়ক আৰু লাভ কৰক হীৰাৰ আঙঠি, বাইক, ক’ত এই আকৰ্ষণীয় উপহাৰ?

SIR controversy I বাদ পৰা ভোটাৰৰ বাবে বিশেষ সুযোগ, ৭ ৰাজ্যৰ বাবে নতুন অধিসূচনা

November 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d