
হামৰেন আৰক্ষী থানাৰ অন্তৰ্গত ৰংপংবং, ৰংছপি তিমুং গাঁৱত সোমবাৰে নিশা প্ৰায় ৯ বজাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। এজন নিষ্ঠুৰ পিতৃয়ে নিজৰ দুই নাবালক সন্তানক মূৰত লোৰ গধুৰ ৰডেৰে মৰিয়াই হত্যা কৰে। অভিযুক্ত পিতৃ হৈছে অনিলছন বে (৩৫)। তেওঁক ইতিমধ্যে হামৰেন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নিহত সন্তান দুটি হৈছে ৬ বছৰীয়া পুত্ৰ অংছং বে আৰু ৩ বছৰীয়া কন্যা জপভিৰ বেপী।
আনহাতে, ল’ৰা-ছোৱালীহালৰ মাতৃ ৰবীনা তিমুংপী আৰু অভিযুক্তৰ ককাক ৰেনছিং বে (৬৫) আহত হয়। দুয়োকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত হামৰেন অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ পিছতে অভিযুক্তক হামৰেন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।













