ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

US India relations I ইৰাণৰ তেল টেংকাৰক অবৈধভাৱে ক্লিয়াৰেন্স দিয়াৰ অপৰাধত চাৰি ভাৰতীয়, দুটা কোম্পানীক নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ

News Desk by News Desk
November 5, 2026
Reading Time: 1 min read
A A
0
US India relations I ইৰাণৰ তেল টেংকাৰক অবৈধভাৱে ক্লিয়াৰেন্স দিয়াৰ অপৰাধত চাৰি ভাৰতীয়, দুটা কোম্পানীক নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ

RELATED POSTS

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

New Logo Smal 1 | ASSAM TIMES POST

অবৈধভাৱে ইৰাণক সহায় কৰাৰ অভিযোগত এহাল দম্পতীকে ধৰি ভাৰতৰ চাৰিজন নাগৰিকৰ ওপৰত আমেৰিকাই নিষেধাজ্ঞা আৰোপ (US India relations) কৰিছে। দম্পতীহালৰ কোম্পানীটোৰ উপৰি তুৰ্কীৰ এটা কোম্পানীৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বুধবাৰে আমেৰিকাৰ ৰাজহ বিভাগে এই সিদ্ধান্ত ঘোষণা কৰে। চণ্ডীগড়ৰ বাসিন্দা সুনীল কুমাৰ শৰ্মা আৰু যশপ্ৰীত শ্বাহিদ নামৰ দম্পতীহালে ইৰাণৰ তেল টেংকাৰক অবৈধভাৱে ক্লিয়াৰেন্স চাৰ্টিফিকেট প্ৰদান কৰিছিল বুলি আমেৰিকাই অভিযোগ উত্থাপন কৰিছে। আমেৰিকাৰ ৰাজহ বিভাগে দাবী কৰিছে যে ভাৰতীয় দম্পতীহালৰ কোম্পানীটোৱে ইৰাণৰ তেল টেংকাৰ অবৈধভাৱে পঞ্জীয়ন কৰিছিল। এই জাহাজসমূহৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা থাকিলেও তেওঁলোকে ভুৱা প্ৰমাণ পত্ৰ লাভ কৰে।

US India relations I
ইৰাণৰ তেল টেংকাৰক অবৈধভাৱে ক্লিয়াৰেন্স দিয়াৰ অপৰাধত চাৰি ভাৰতীয়, দুটা কোম্পানীক নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ:

এই ভুৱা কোম্পানীত কাম কৰা আন দুজন ভাৰতীয় অশ্বিনী কুমাৰ ধীমান আৰু ইশ্বিন্দৰ সিঙৰ ওপৰতো আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছে। সেয়া যিয়েই নহওক, ইৰাণে আমেৰিকাৰ বিৰুদ্ধে যুদ্ধত তেল বিক্ৰীৰ ধন বিনিয়োগ কৰাত বাধা দিবলৈ ট্ৰাম্পে ‘অপাৰেচন ইকন’মিক আউটকাষ্ট’ আৰম্ভ কৰিছে। এই অভিযানৰ অংশ হিচাপে ইৰাণলৈ যোৱা বা ইৰাণৰ ফালে যোৱা সকলো তেল টেংকাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৱাশ্বিংটনে ইৰাণৰ সৈতে ব্যৱসায় কৰিলে বা তেহৰানে অৰ্থনৈতিকভাৱে লাভৱান হ’লে সংশ্লিষ্ট ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণীও দিছে। বুধবাৰে আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে এই সন্দৰ্ভত কয়, “হয়তো আপোনালোক আমাৰ পক্ষত আছে, নহ’লে আমাৰ বিপক্ষত। আমি ইৰাণক সমৰ্থন কৰি থকাসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিম।”

আমেৰিকাৰ ট্ৰেজাৰীৰ সূত্ৰ অনুসৰি, চণ্ডীগড়ৰ দম্পতীটোৱে আগতে এটা কোম্পানী আৰু ৱেবছাইট খুলি জাহাজ পঞ্জীয়ন আৰু নাৱিকক প্ৰশিক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আগতে বিভিন্ন দেশৰ নামত বিভিন্ন জাহাজক প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল। ট্ৰাম্প প্ৰশাসনে দাবী কৰিছে যে এই জাহাজসমূহৰ বহুকেইখন ইৰাণৰ সেনাই পৰিচালনা কৰে। নিষেধাজ্ঞাৰ বাবে এই চাৰিজন ভাৰতীয় আৰু তেওঁলোকৰ কোম্পানীৰ সৈতে কোনো আমেৰিকান নাগৰিকে ব্যৱসায়িক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব। কোম্পানীটোৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰা হ’ব। যদি আন দেশৰ কোনো ব্যক্তি বা কোম্পানী এই কোম্পানীটোৰ সৈতে ব্যৱসায়িক সম্পৰ্ক ৰাখে তেন্তে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
ভাৰতীয় দম্পতীহালৰ কোম্পানীটোৰ লগতে আমেৰিকাই তুৰ্কীৰ কোম্পানী ‘ফুগো গ্ৰাউণ্ড ছাৰ্ভিচেছ’ৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। অভিযোগ অনুসৰি, আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰা ইৰাণৰ ছটা বিমান সংস্থাক তুৰ্কী কোম্পানীটোৱে বিভিন্ন সেৱা আগবঢ়াইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অপৰাধত চাৰি ভাৰতীয়অবৈধভাৱে ক্লিয়াৰেন্স দিয়াৰইৰাণৰ তেল টেংকাৰকদুটা কোম্পানীক নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ
Share4Tweet3Send

Related Posts

Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ
National-International

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

by News Desk
November 4, 2026
51
Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ
National-International

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

by News Desk
November 4, 2026
50
Dacoit killed in police encounter in Assam:
National-International

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

by Staff Reporter
November 4, 2026
51
Centre on Securities of Doctors : চিকিৎসকৰ সুৰক্ষাৰ আইন-শাস্তি স্পষ্টকৈ লিখিবলৈ সকলো চিকিৎসালয়ক কেন্দ্ৰৰ পৰামৰ্শ
National-International

Fraud Doctors arrested I গুজৰাটত আৰক্ষী-স্বাস্থ্য বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩৮ ভুৱা চিকিৎসক, ৩৫ জনৰ বিৰুদ্ধে গোচৰ

by News Desk
November 4, 2026
50
Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী
National-International

SC on Delhi protest I প্ৰতিবাদৰ নামত দিনৰ পিছত দিন দিল্লী অৱৰোধ কৰিব নোৱাৰিব, উচ্চতম ন্যায়ালয়ৰ স্পষ্ট বাৰ্তা

by News Desk
November 4, 2026
51
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangsuk I সোণম ৱাংচুকৰ বিদ্যালয় বন্ধ কৰাৰ জাননী লাডাখ প্ৰশাসনৰ

by News Desk
November 4, 2026
54
ADVERTISEMENT
US India relations I ইৰাণৰ তেল টেংকাৰক অবৈধভাৱে ক্লিয়াৰেন্স দিয়াৰ অপৰাধত চাৰি ভাৰতীয়, দুটা কোম্পানীক নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ
National-International

US India relations I ইৰাণৰ তেল টেংকাৰক অবৈধভাৱে ক্লিয়াৰেন্স দিয়াৰ অপৰাধত চাৰি ভাৰতীয়, দুটা কোম্পানীক নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ

November 5, 2026
50
Drugs Seized : কাৰ্বি আংলং জিলাৰ মাঞ্জাত হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ ২
Assam

বিশ্বনাথ আৰক্ষীৰ অভিযানত এজন কিশোৰ আৰু তিনি গৰাকী কিশোৰী উদ্ধাৰ, দুজনক আটক

November 5, 2026
50
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ৰাজ্যৰ পাঁচটা স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা । এজন নিহত, কেইবাজনো আহত

November 5, 2026
50
Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ
National-International

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

November 4, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US India relations I ইৰাণৰ তেল টেংকাৰক অবৈধভাৱে ক্লিয়াৰেন্স দিয়াৰ অপৰাধত চাৰি ভাৰতীয়, দুটা কোম্পানীক নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ

US India relations I ইৰাণৰ তেল টেংকাৰক অবৈধভাৱে ক্লিয়াৰেন্স দিয়াৰ অপৰাধত চাৰি ভাৰতীয়, দুটা কোম্পানীক নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ

November 5, 2026
Drugs Seized : কাৰ্বি আংলং জিলাৰ মাঞ্জাত হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ ২

বিশ্বনাথ আৰক্ষীৰ অভিযানত এজন কিশোৰ আৰু তিনি গৰাকী কিশোৰী উদ্ধাৰ, দুজনক আটক

November 5, 2026
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

ৰাজ্যৰ পাঁচটা স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা । এজন নিহত, কেইবাজনো আহত

November 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d