ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Fraud Doctors arrested I গুজৰাটত আৰক্ষী-স্বাস্থ্য বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩৮ ভুৱা চিকিৎসক, ৩৫ জনৰ বিৰুদ্ধে গোচৰ

News Desk by News Desk
November 4, 2026
Reading Time: 1 min read
A A
0
Centre on Securities of Doctors : চিকিৎসকৰ সুৰক্ষাৰ আইন-শাস্তি স্পষ্টকৈ লিখিবলৈ সকলো চিকিৎসালয়ক কেন্দ্ৰৰ পৰামৰ্শ

RELATED POSTS

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

New Logo Smal 1 | ASSAM TIMES POST

গুজৰাটত (Fraud Doctors arrested) এইবাৰ ‘মুন্নাভাই এমবিবিএছ’। ১৫ দিনীয়া অভিযানত ৰাজ্যখনৰ পৰা ৩৮ জন ভুৱা চিকিৎসক চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আৰক্ষীয়ে ৩৫ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এই অভিযানৰ মূল লক্ষ্য আছিল মেডিকেল ডিগ্ৰী বা শৈক্ষিক অৰ্হতা অবিহনে চিকিৎসা বিজ্ঞানৰ চৰ্চা কৰাসকলক কৰায়ত্ত কৰা। সৰ্বাধিক ভুৱা চিকিৎসকৰ পৰিসংখ্যা ৰাজকোটৰ পৰা উদ্ধাৰ। ৰাজকোটৰ পৰা ১৭ জনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ উপৰি চুৰাটৰ পৰা ৯ জন, গীৰ সোমনাথৰ পৰা ৩ জন আৰু সুৰেন্দ্ৰনগৰৰ পৰা ২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আন ৭ খন জিলাৰ পৰা এজনকৈ ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰা হৈছে।

Fraud Doctors arrested I
গুজৰাটত আৰক্ষী-স্বাস্থ্য বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩৮ ভুৱা চিকিৎসক, ৩৫ জনৰ বিৰুদ্ধে গোচৰ;

তালাচী অভিযানত স্থানীয় আৰক্ষী, অপৰাধ দমন শাখা, বিশেষ অভিযান গোট (এছঅ’জি) আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলে প্ৰমাণৰ সৈতে সহায় কৰিছিল। এই অভিযান সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী প্ৰফুল্ল পানশ্বেৰিয়াই কয়, “স্বাস্থ্য বিভাগৰ নেতৃত্বত ২৯৮টা দল গঠন কৰা হৈছিল। ১৫ দিন ধৰি প্ৰতিখন জিলাতে পুংখানুপুংখ তালাচী চলাই ৩৮ জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। ইয়াৰে ৩৫ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।” স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ভুৱা চিকিৎসকৰ দপদপনি বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ পৰামৰ্শমতে প্ৰতিখন জিলাতে দল গঠন কৰিছিল।

এই দলসমূহৰ ভিতৰত আছিল বিভিন্ন তালুকৰ স্বাস্থ্য বিষয়া, স্থানীয় আৰক্ষী, স্বাস্থ্য পৰিদৰ্শক আৰু গ্ৰাম্য পৰ্যায়ৰ দায়িত্বপ্ৰাপ্ত বিষয়াসকল। তেওঁলোকৰ কাম আছিল ভুৱা ডিগ্ৰী থকা বা ডিগ্ৰী নথকা মেডিকেল প্ৰেকটিছ কৰা মানুহক চিনাক্ত কৰি তেওঁলোকৰ ওপৰত চকু ৰখা। কিন্তু অভিযানৰ সময়ত এই তথ্য লাভ কৰি ইতিমধ্যে কেইবাজনো অভিযুক্তই ক্লিনিক বন্ধ কৰি পলায়ন কৰা বুলি জানিব পৰা গৈছে। আৰক্ষী আৰু স্বাস্থ্য বিভাগে তেওঁলোকক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

‘উৎসৱৰ বতৰ’ শেষ হোৱাৰ পাছত এই অভিযান অধিক জোৰদাৰভাৱে চলোৱা হ’ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ দাবী কৰে যে ৰাজ্যৰ সকলো ভুৱা চিকিৎসকক ভুল চিকিৎসা প্ৰদান কৰি ‘নাগৰিকৰ স্বাস্থ্য আৰু জীৱন বিপন্ন’ কৰাৰ আগতেই ধৰা পেলাব। সেই অনুসৰি স্বাস্থ্য বিভাগে স্থানীয় বাসিন্দা, স্বেচ্ছাসেৱী সংগঠন আৰু সাধাৰণ ৰাইজক কোনো ভুৱা চিকিৎসকৰ খবৰ পালে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (পিএইচচি) বা স্থানীয় আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অভিযানত গ্ৰেপ্তাৰ ৩৮ ভুৱা চিকিৎসকগুজৰাটত আৰক্ষী-স্বাস্থ্য বিভাগৰ৩৫ জনৰ বিৰুদ্ধে গোচৰ
Share4Tweet3Send

Related Posts

Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ
National-International

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

by News Desk
November 4, 2026
50
Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ
National-International

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

by News Desk
November 4, 2026
50
Dacoit killed in police encounter in Assam:
National-International

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

by Staff Reporter
November 4, 2026
50
Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী
National-International

SC on Delhi protest I প্ৰতিবাদৰ নামত দিনৰ পিছত দিন দিল্লী অৱৰোধ কৰিব নোৱাৰিব, উচ্চতম ন্যায়ালয়ৰ স্পষ্ট বাৰ্তা

by News Desk
November 4, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangsuk I সোণম ৱাংচুকৰ বিদ্যালয় বন্ধ কৰাৰ জাননী লাডাখ প্ৰশাসনৰ

by News Desk
November 4, 2026
50
Ship attack : ভাৰতীয় পতাকাযুক্ত জাহাজত আক্ৰমণ, এজন ভাৰতীয় নাৱিক নিহত
National-International

Ship attack : ভাৰতীয় পতাকাযুক্ত জাহাজত আক্ৰমণ, এজন ভাৰতীয় নাৱিক নিহত

by News Desk
November 3, 2026
51
ADVERTISEMENT
Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ
National-International

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

November 4, 2026
50
Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ
National-International

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

November 4, 2026
50
Dacoit killed in police encounter in Assam:
National-International

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

November 4, 2026
50
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ
Assam

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ

November 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

November 4, 2026
Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

November 4, 2026
Dacoit killed in police encounter in Assam:

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

November 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d