
সকলো পঞ্চায়ত আঁচনিৰ ধন পাবলৈ এতিয়া আৰু পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰা নহ’ব আধাৰ কাৰ্ড (Adhar Card)। কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লল্লন সিঙে মঙলবাৰে এই কথা ঘোষণা কৰে। তেওঁ কয়, “মই এটা কথা ক’ব বিচাৰোঁ যে যিসকলে ইমান দিনে আধাৰৰ ভিত্তিত পঞ্চায়ত আঁচনিৰ সুফল উপভোগ কৰি আছিল, সেয়া আৰু নহ’ব।”

একে সময়তে মন্ত্ৰীগৰাকীয়ে এই কথাও সোঁৱৰাই দিয়ে যে এতিয়া প্ৰতিটো স্থানতে আধাৰ কাৰ্ড সৃষ্টি কেন্দ্ৰ আছে। ৫ মিনিটত প্ৰস্তুত হৈ যায়। কিন্তু পঞ্চায়ত আঁচনিৰ সুবিধাৰ বাবে আধাৰ কাৰ্ড আৰু গ্ৰহণ কৰা নহ’ব। উক্ত আঁচনিৰ বাবে ধন লাভ কৰিবলৈ আধাৰৰ সলনি হিতাধিকাৰীৰ ভোটাৰ কাৰ্ড আৰু বায়’মেট্ৰিক প্ৰমাণ নথি হিচাপে গ্ৰহণ কৰা হ’ব।
শীঘ্ৰে এই নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ইংগিত দিয়ে। এই নতুন ব্যৱস্থাই জনকল্যাণমূলক আঁচনিসমূহত ভুৱা হিতাধিকাৰী চিনাক্তকৰণত সহায় কৰিব বুলি দাবী কৰিছে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে একেজন ব্যক্তিৰ নাম দুবাৰকৈ পঞ্জীয়ন হোৱা বহু গোচৰ আছে। কিছুমান মানুহে হয়তো পুনৰ ভুৱা নামৰ এই সুবিধা লাভ কৰিবলৈ চেষ্টা কৰিব। কিন্তু এই নতুন ব্যৱস্থাটো প্ৰৱৰ্তন হ’লে সেইসকল লোকক চিনাক্ত কৰাটো সহজ হ’ব।
উল্লেখ্য যে আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছিল যে এছআইআৰ প্ৰক্ৰিয়াত নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, সামাজিক আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হোৱাও নহয়। যেতিয়া বিৰোধীয়ে এছআইআৰত ভোটাৰৰ নাম বাদ দিয়াক লৈ সৰৱ হৈ পৰে, তেনে পৰিপ্ৰেক্ষিতত বহুতে অনুভৱ কৰে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ঘোষণাই হয়তো বিতৰ্কৰ নতুন পথ মুকলি কৰিব পাৰে।









