ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC on Delhi protest I প্ৰতিবাদৰ নামত দিনৰ পিছত দিন দিল্লী অৱৰোধ কৰিব নোৱাৰিব, উচ্চতম ন্যায়ালয়ৰ স্পষ্ট বাৰ্তা

News Desk by News Desk
November 4, 2026
Reading Time: 1 min read
A A
0
Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

RELATED POSTS

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

New Logo Smal 1 | ASSAM TIMES POST

দেওবাৰে ৰামলীলা ময়দানত আহ্বান জনোৱা কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ৰেলী এতিয়াও পূৰ্ণগতিত চলি আছে। ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে আদালতৰ কক্ষতো এতিয়া এই বিষয়টো চৰ্চাত আছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ প্ৰক্ৰিয়া বাতিল আৰু নিৰ্বাচন আয়ুক্ত সংশোধনী আইন ২০২৩ বাতিলৰ দাবীত দিল্লীত চলি থকা প্ৰতিবাদৰ বাবে ব্যৱসায়ীসকলে ব্যৱসায় হেৰুওৱাৰ অভিযোগ সন্দৰ্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) শুনানি গ্ৰহণ কৰে। শুনানিত কোৱা হয় যে প্ৰতিবাদৰ নামত কোনো ঠাই দিনৰ পিছত দিন ধৰি দখল কৰি ৰাখিব নোৱাৰি। দিল্লীৰ ব্যৱসায়ীসকলে উৎসৱৰ বতৰৰ বাকী থকা দিনকেইটাত তেওঁলোকৰ ব্যৱসায়ত আৰু ‘বিঘিনি’ হোৱাটো নিবিচাৰে।

SC on Delhi protest I
প্ৰতিবাদৰ নামত দিনৰ পিছত দিন দিল্লী অৱৰোধ কৰিব নোৱাৰিব, উচ্চতম ন্যায়ালয়ৰ স্পষ্ট বাৰ্তা:

দিল্লীৰ গুৰুত্বপূৰ্ণ অঞ্চলত ১১ নৱেম্বৰলৈকে (নেপালীসকলৰ ভাইফোটা) সকলো ধৰণৰ সমাৱেশ, সমদল আৰু ধৰ্ণা নিষিদ্ধ কৰাৰ দাবী জনাইছে। চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়েও এই সন্দৰ্ভত দিল্লী আৰক্ষী আয়ুক্ত অনুৰাগ কুমাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ব্যৱসায়ী সন্থাই দাবী কৰিছে যে যোৱা এমাহত (১ অক্টোবৰ-১১ নৱেম্বৰ) ব্যৱসায়ীসকলৰ প্ৰায় ১৪ হাজাৰ কোটি টকা লোকচান হৈছে। ইয়াৰ মাজতে দেওবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৰামলীলা ময়দানৰ মঞ্চৰ পৰা অবিৰত আন্দোলনৰ সকীয়নি দিয়ে। একে সুৰতে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰক বিৰোধী নেত্ৰী তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেওঁৰ দলৰ সাংসদ অভিষেক বেনাৰ্জী, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, চিপিএমৰ সাধাৰণ সম্পাদক এম এ বেবী, আৰজেডিৰ তেজস্বী যাদৱে আক্ৰমণ কৰিছে।

মঙলবাৰে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয়, “প্ৰতিবাদ কৰাৰ অধিকাৰ আৰু ব্যৱসায় কৰাৰ অধিকাৰ দুয়োটাই গুৰুত্বপূৰ্ণ। আপুনি অনিৰ্দিষ্টকাললৈ ঠাই দখল কৰিব নোৱাৰে। আন প্ৰতিবাদকাৰীও আছে। কৃষক, ব্যৱসায়ী বা অধিবক্তা ক’লৈ যাব? প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে!” ২৩ ছেপ্টেম্বৰত ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন ওলোৱাৰ পিছত জ্ঞানেশ কুমাৰৰ ভূমিকা আৰু তেওঁক কেন্দ্ৰ কৰি নিৰ্বাচন আয়োগৰ ভিতৰত হোৱা আভ্যন্তৰীণ যুঁজৰ বিষয়টো চৰ্চালৈ আহে। প্ৰতিবেদনত দাবী কৰা হৈছে যে বিগত ১০ মাহত জ্ঞানেশ কুমাৰৰ বিভিন্ন সিদ্ধান্তৰ ওপৰত আন দুজন নিৰ্বাচন আয়ুক্ত বিবেক যোশী আৰু সুখবীৰ সিং সান্ধুৱে কমেও ১৪ বাৰ আপত্তি কৰিছিল। কিন্তু আপত্তিবোৰ মানি লোৱাৰ সলনি জ্ঞানেশ কুমাৰে নিজাববীয়াকৈ এটাৰ পিছত এটাকৈ সিদ্ধান্ত লৈছিল। এই প্ৰতিবেদনৰ আধাৰত বিৰোধী শিবিৰে কঁকালত টঙালি বান্ধিছে।

ককৰোচ জনতা পাৰ্টীকে ধৰি বিভিন্ন সংগঠনেও এই আন্দোলনত যোগদান কৰিছে। দিল্লীত অবিৰতভাৱে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। ইতিমধ্যে দিল্লীৰ ব্যৱসায়ীসকলে এই ধাৰাবাহিক প্ৰতিবাদক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁলোকে দাবী কৰে যে এই প্ৰতিবাদৰ বাবে উৎসৱৰ বতৰত তেওঁলোকৰ ব্যৱসায়ত প্ৰভাৱ পৰিছে। ব্যৱসায়ীসকলে অভিযোগ কৰে যে তেওঁলোকে দোকান বন্ধ কৰি ৰাখিবলগা হৈছে। এই সকলোবোৰ বিষয় মঙলবাৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ত উত্থাপন কৰা হয়। শুনানিৰ আৰম্ভণিতে দিল্লীৰ ব্যৱসায়ীক প্ৰতিনিধিত্ব কৰি অধিবক্তা মুকুল ৰোহতগীয়ে উদ্বেগ প্ৰকাশ কৰে।

তেওঁ আদালতত কয়, “উৎসৱৰ বতৰত যদি দিনৰ পিছত দিন দোকান বন্ধ থাকে তেন্তে ইয়াৰ ফলত ব্যৱসায়ৰ লোকচান হ’ব।” প্ৰতিবাদী কাৰ্যসূচীৰ বাবেই দিল্লী আৰক্ষীয়ে কিছু ঠাইত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰে। ইয়াৰ বাবে সেই অঞ্চলসমূহৰ দোকানসমূহ বন্ধ কৰিবলগা হৈছে। দিল্লীৰ ব্যৱসায়ীসকলৰ উদ্বেগ সন্দৰ্ভত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে যিসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিব তেওঁলোক দায়ী। শুনানিৰ সময়ত এই প্ৰশ্নটোও উত্থাপন হৈছে, “ব্যৱসায়ৰ ক্ষতি বা বিক্ৰীৰ নাটনিৰ বাবে কেৱল প্ৰতিবাদী কাৰ্যসূচীকহে দোষাৰোপ কৰিব পাৰিনে?” এই কথা শুনি মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে, “ব্যৱসায় আৰু প্ৰতিবাদ দুয়োটা অধিকাৰ গুৰুত্বপূৰ্ণ।”

তেওঁৰ পৰামৰ্শ আছিল, “ৰাজহুৱা প্ৰতিবাদৰ বাবে এনে এক ঠাই নিৰ্ধাৰণ কৰা উচিত, য’ত কোনো ব্যৱসায়ীৰ কেতিয়াও ক্ষতি নহয়।” অধিবক্তা মুকুলে দিল্লীৰ ব্যৱসায়ীসকলৰ উদ্বেগ বৰ্ণনা কৰি কয়, “মোৰ মতে অহা দুমাহলৈ কোনো ধৰণৰ প্ৰতিবাদ বা ধৰ্ণা অনুষ্ঠিত কৰা উচিত নহয়।” প্ৰতিবাদকাৰীসকলৰ প্ৰতি মুখ্য ন্যায়াধীশগৰাকীয়ে দিয়া মন্তব্য আছিল, “প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে। কিন্তু সেয়া এটা নিৰ্দিষ্ট সময়ৰ বাবে হোৱা উচিত।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উচ্চতম ন্যায়ালয়ৰ স্পষ্ট বাৰ্তাদিন দিল্লী অৱৰোধ কৰিব নোৱাৰিবপ্ৰতিবাদৰ নামত দিনৰ পিছত
Share4Tweet3Send

Related Posts

Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ
National-International

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

by News Desk
November 4, 2026
50
Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ
National-International

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

by News Desk
November 4, 2026
50
Dacoit killed in police encounter in Assam:
National-International

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

by Staff Reporter
November 4, 2026
50
Centre on Securities of Doctors : চিকিৎসকৰ সুৰক্ষাৰ আইন-শাস্তি স্পষ্টকৈ লিখিবলৈ সকলো চিকিৎসালয়ক কেন্দ্ৰৰ পৰামৰ্শ
National-International

Fraud Doctors arrested I গুজৰাটত আৰক্ষী-স্বাস্থ্য বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩৮ ভুৱা চিকিৎসক, ৩৫ জনৰ বিৰুদ্ধে গোচৰ

by News Desk
November 4, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangsuk I সোণম ৱাংচুকৰ বিদ্যালয় বন্ধ কৰাৰ জাননী লাডাখ প্ৰশাসনৰ

by News Desk
November 4, 2026
50
Ship attack : ভাৰতীয় পতাকাযুক্ত জাহাজত আক্ৰমণ, এজন ভাৰতীয় নাৱিক নিহত
National-International

Ship attack : ভাৰতীয় পতাকাযুক্ত জাহাজত আক্ৰমণ, এজন ভাৰতীয় নাৱিক নিহত

by News Desk
November 3, 2026
51
ADVERTISEMENT
Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ
National-International

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

November 4, 2026
50
Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ
National-International

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

November 4, 2026
50
Dacoit killed in police encounter in Assam:
National-International

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

November 4, 2026
50
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ
Assam

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ

November 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ration Card I আধাৰ কার্ড নাথাকিলেও পাব ৰেচন, নতুন নিয়ম কেন্দ্রীয় চৰকাৰৰ

Aadhar card I আধাৰ নহয়, এতিয়াৰে পৰা পঞ্চায়ত আঁচনিৰ ধনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বায়’মেট্ৰিকো

November 4, 2026
Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

Agniveer I অগ্নিবীৰৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কেন্দ্ৰৰ

November 4, 2026
Dacoit killed in police encounter in Assam:

Madhya Pardesh Encounter I এইবাৰ মধ্যপ্ৰদেশত এনকাউণ্টাৰ, আৰক্ষী বিষয়াক মহতিয়াই নিয়া ট্ৰাকৰ চালকসহ দুজনক গুলীচালনা

November 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d