
দুৰ্যোগৰ দুদিন পাৰ হৈ যোৱাৰ পিছত উত্তৰ নেপালৰ (North Nepal) ভোটে কোশী নদী (Bhote Koshi River)ৰ দুয়োপাৰৰ ধ্বংসলীলাৰ ছবি এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই। দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ আৰু নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধানত অব্যাহত আছে আৰক্ষী আৰু সেনাৰ অভিযান। নেপাল প্ৰশাসনে প্ৰায় ১৪ হাজাৰ আৰক্ষী আৰু সেনা জোৱানৰ যৌথ বাহিনী মোতায়েন কৰিছে। নেপাল আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে পুৱা ৭ বজালৈকে দেশত ৪৬৯ জন লোকৰ মৃত্যু হৈছে। শতাধিক লোক আহত হয়। নেপালৰ দৰে চীনৰ সীমা আৰু সীমান্তৱৰ্তী তিব্বততো আকস্মিক বানৰ প্ৰভাৱ পৰিছে। দুয়োখন দেশৰ মাজত এতিয়াও সন্ধানহীন হৈ আছে ১৪৭০ জন লোক। নিৰুদ্দেশ হোৱা লোকৰ ভিতৰত ৫১৭ জন বিভিন্ন দেশৰ (চীন আৰু নেপালৰ বাহিৰে) নাগৰিক। ইয়াৰে ২৯০ জন ভাৰতীয়, যাৰ কোনো এজনৰ সৈতে এতিয়ালৈকে যোগাযোগ হোৱা নাই।
ইফালে নেপালত পুনৰ (Again In Nepal) আকস্মিক বানৰ আশংকা (Fear of a sudden flood) আহিছে। এই সন্দৰ্ভত চীনে নিজৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালক সকীয়াই দিছে। চীনে জনাইছে যে হিমস্খলনৰ ফলত হোৱা দুৰ্যোগৰ পিছত পাহাৰীয়া নদীত বৰফ, শিল, বোকা জমা হৈছে। বহু ঠাইত শিল আৰু বোকা জমা হৈ নদীৰ স্বাভাৱিক প্ৰবাহ বন্ধ হৈ পৰিছে। অস্থায়ী মথাউৰিৰ কাম অব্যাহত আছে। ফলত বুধবাৰে পুৱা হিমস্খলনৰ পিছত ভোটে কোশী নদীত যি বিপৰ্যয় হৈছিল, ঠিক তেনেদৰে পানীৰ চাপত যদি মথাউৰিটো ভাঙি যায়, তেন্তে পুনৰ পাহাৰৰ নদীৰ তললৈ আৰু তলৰ অৱবাহিকালৈ শিল, বৰফ, বোকা বৈ যাব পাৰে। এই কাৰণে নদীৰ পাৰৰ অঞ্চলৰ সকলো বাসিন্দাক সুৰক্ষিত স্থানলৈ যাবলৈ কোৱা হৈছে। নেপাল প্ৰশাসনেও এই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।

চীনৰ জলসম্পদ বিভাগে (China’s water resources department) বৃহস্পতিবাৰে নিশা সতৰ্কবাণী জাৰি (issued a warning) কৰি কয় যে তিব্বতৰ দুখন নদী চ’কেন খোলা আৰু পুৰেপি চাংপোৰ সংযোগস্থলত শিল, বোকা, বৰফ জমা হোৱাৰ বাবে এটা কৃত্ৰিম হ্ৰদ গঠন হৈছে। এই দুয়োখন নদী তিব্বতৰ পৰা নেপালত প্ৰৱেশ কৰে। কৃত্ৰিম হ্ৰদটো ভাঙিলে চীনে আন এক দুৰ্যোগৰ সম্ভাৱনাৰ আশংকা কৰিছে। এই পৰ্যন্ত ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ১১৯৬ জন লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযানত ৭,২৫০ নেপাল আৰক্ষী জোৱান আৰু ৪,২০০ নেপাল সেনা জোৱান জড়িত হৈ আছে। তদুপৰি ১,৮৪৫ জন নেপালৰ সশস্ত্ৰ আৰক্ষী জোৱান এই উদ্ধাৰ অভিযানত জড়িত হৈ আছে। আকস্মিক বানৰ দুৰ্য্যোগৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা দুখন ৰসুৱা আৰু নুৱাকোটৰ বাবে ১ কোটি টকা আৰু চুবুৰীয়া ধাডিং জিলাৰ বাবে ৫০ লাখ টকাৰ (এই সকলোবোৰ নেপালী মুদ্ৰাত) আৰ্থিক সাহায্য ঘোষণা কৰিছে।
ইতিমধ্যে ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ কাষত থিয় দি দেশখনলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও নেপাললৈ সমৰ্থন আগবঢ়াইছে। নেপালৰ দুৰ্যোগ সন্দৰ্ভত তেওঁ কয়, “এয়া ভয়াৱহ। আমি নেপালৰ সৈতে কথা পাতিছোঁ। আমি যিকোনো প্ৰকাৰে সহায় কৰাৰ প্ৰস্তাৱ দিছোঁ। আমি সাহায্য পঠিয়াইছোঁ। আমি তেওঁলোকৰ (নেপাল) নেতৃত্বৰ সৈতে কথা পাতিছোঁ। মই কৈছোঁ যি প্ৰয়োজন হয় আপোনালোকে আমাক জনাব। আমি সেইখিনি যোগান ধৰিম।” ছ’চিয়েল মিডিয়াত ট্ৰাম্পৰ বাৰ্তা পোষ্ট কৰি ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰে কয় যে এই কঠিন সময়ত নেপালক সহায় কৰিবলৈ আমেৰিকা সম্পূৰ্ণৰূপে সাজু হৈ আছে।













