
নগা-কুকিৰ সংঘৰ্ষত (Naga-Kuku conflect) পুনৰ ৰক্তাক্ত হৈ পৰিছে মণিপুৰ (Manipur is bloodied)। কাংপকপি জিলাত (Kangkapi District) বৃহস্পতিবাৰে দুটা গোটৰ মাজত হোৱা সংঘৰ্ষত চাৰিজন লোক নিহত (Four people killed in the clash) হয়। আনহাতে, দুজন আহত আৰু এজন নিৰুদ্দেশ হৈ আছে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মাকুই আছাং আৰু থানম্বা নগা অঞ্চলৰ মাজৰ আই টি পথত মাকুই গাঁৱৰ পৰা সেনাপতিলৈ যোৱা নগাসকলৰ এখন বাহনত আক্ৰমণ কৰে সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে। এই আক্ৰমণত মিছনেৰী স্কুলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ টাডছংবৌ ৰিংকাংমাইৰ থিতাতে মৃত্যু হয়। মাকুই যুৱ ক্লাবৰ দুজন বিষয়া আৰু সামাজিক সংগঠন নগা ছাত্ৰ নেতা এজনকো হত্যা কৰা হয়। গুৰুতৰভাৱে আহত হয় দুগৰাকী নগা সমাজকৰ্মী। ইয়াৰ বাহিৰেও আক্ৰমণৰ পিছৰে পৰা কোনো সন্ধান পোৱা নাই স্থানীয় গাঁও কৰ্তৃপক্ষৰ অধ্যক্ষ তথা গাড়ীখনৰ চালকজনৰ।
এন আৰ চি আৰু লোকপিয়লৰ পূৰ্বে অবৈধ কুকি নাগৰিক চিনাক্তকৰণৰ দাবীত মেইটেই আৰু নগাসকল একত্ৰিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দৰ আমন্ত্ৰণত অক্টোবৰত মণিপুৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এনে পৰিপ্ৰেক্ষিতত গুৰুত্বপূৰ্ণ আৰু জনবহুল ৰাজ্যিক ঘাইপথ আই টি ৰোডত সংঘটিত উগ্ৰবাদীৰ আক্ৰমণে বিজেপিশাসিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতিক লৈ নতুনকৈ প্ৰশ্নৰ উত্থাপন কৰিছে।

মে’-জুন মাহত নগা-কুকী সংঘৰ্ষৰ পিছত মণিপুৰ চৰকাৰে কিছুদিনৰ পৰা দুয়োটা সম্প্ৰদায়ৰ মাজত চৰকাৰী বাছ সেৱা বন্ধ কৰি দিছিল। শেহতীয়াকৈ পুনৰ আৰম্ভ কৰা হৈছিল। বৰ্তমান সেয়া পুনৰ স্থগিত ৰখা হৈছে।
উগ্ৰপন্থী আক্ৰমণৰ পিছতে বৃহস্পতিবাৰে সন্ধিয়া ৰাজধানী ইম্ফলত এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত হয়। ইয়াৰ সভাপতিত্ব কৰে মুখ্যমন্ত্ৰী খেমচান্দে। এই আক্ৰমণৰ লগত জড়িত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰাপত্তাৰক্ষী বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। বৈঠকত সিদ্ধান্ত লোৱা হয় যে কোনোবাৰ পৰা অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হ’লে সম্প্ৰদায় নিৰ্বিশেষে যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
তদুপৰি যুদ্ধবিৰতি চুক্তিৰ অধীনত সশস্ত্ৰ সংগঠনৰ সদস্য বা চৰকাৰৰ সৈতে শান্তি আলোচনাত জড়িত সদস্যসকলে যদি নিৰ্দিষ্ট শিবিৰৰ বাহিৰত অস্ত্ৰ লৈ আন্দোলন কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লোৱা হ’ব। এই বৈঠকত মণিপুৰৰ গৃহমন্ত্ৰী গোবিন্দস কন্থাউজাম, মুখ্য সচিব পুনীত কুমাৰ গোৱেল, নিৰাপত্তা উপদেষ্টা কুলদীপ সিং, ৰাজ্যিক আৰক্ষীৰ জি পি মুকেশ সিং আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব আৰু উত্তৰ-পূৰ্বাঞ্চল পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব আৰু মণিপুৰত নিয়োজিত কেন্দ্ৰীয় বাহিনীৰ দায়িত্বত থকা বিষয়াসকল উপস্থিত থাকে।













