
মঙলবাৰে দিল্লীৰ ইন্দ্ৰপ্ৰস্থ ৰামলীলা ময়দানত (Indraprastha Ramlila Maidan in Delhi) অনুষ্ঠিত দশেৰা উদযাপনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অত্যাচাৰ আৰু সন্ত্ৰাসবাদৰ অন্ত পেলোৱা’ৰ বাৰ্তা প্ৰদান কৰে। প্ৰতীকী ৰাৱণ-বধ উৎসৱক ‘অসত্যৰ ওপৰত চিৰন্তন সত্যৰ জয়ৰ প্ৰতীক’ বুলি অভিহিত কৰি তেওঁ কয়, “আমি একেলগে দেশৰ শত্ৰুৰ বিৰুদ্ধে যুঁজিব লাগিব। ভাৰত বিভাজনৰ ষড়যন্ত্ৰ বিফল কৰিব লাগিব।”
মঙলবাৰে মোদীয়ে ৰামলীলা ময়দানত সামাজিক বিভাজনৰ তত্ত্বৰ কথাও কয়। তেওঁ কয়, “দেশৰ ক্ষতি কৰা শক্তি, সমাজত বিভাজনৰ সৃষ্টি কৰা আৰু আমাৰ সংস্কৃতিক ঘৃণা কৰা মানসিকতাই দেশৰ শত্ৰু। ভাৰত মাতৃৰ শত্ৰু চিনাক্ত কৰিব লাগিব। তেওঁলোকক পৰাজিত কৰিব লাগিব।” তেওঁ লগতে মন্তব্য কৰে, “ভগৱান ৰামৰ আদৰ্শ আৰু ৰামলীলাৰ পৰম্পৰাই আজিও সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। ভাৰতৰ প্ৰতিখন গাঁও-নগৰতে এই উৎসৱ পালন কৰা হৈছে।”
তেওঁ কয় যে শতিকাজুৰি আগ্ৰাসন আৰু লুণ্ঠনৰ পাছত ভাৰতে এতিয়া নিজৰ পৰিচয় আৰু ঐতিহ্য পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে বিগত ১২ বছৰত ৬০০ৰো অধিক প্ৰাচীন মূৰ্তি দেশলৈ ঘূৰাই অনা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, “ৰামৰাজ্য মানে বৈষম্যহীনতা, সকলোৰে বাবে ন্যায় আৰু জনসাধাৰণৰ কল্যাণৰ বাবে ক্ষমতাৰ ব্যৱহাৰ।”

আনহাতে, দিল্লীত মোদীৰ ভাষণৰ পূৰ্বে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতেও মঙলবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰত বিজয়া দশমীৰ ভাষণত দাবী কৰিছিল যে ভাৰতত চৰকাৰক ওফৰাই পেলাবলৈ ‘অশুভ শক্তি’য়ে চেষ্টা কৰিছে। লগতে তেওঁ কয়, “ভাৰতৰ প্ৰগতি ৰোধ কৰিব নোৱাৰি অশুভ শক্তিয়ে দেশ ভাঙিবলৈ চেষ্টা কৰিছে। এই সকলো অপশক্তিয়ে জানে যে যোৱা কেইটামান দশক ধৰি ভাৰতে যিদৰে গুৰুত্বপূৰ্ণ নীতিৰে আগবাঢ়ি আহিছে, সেইদৰে এই অগ্ৰগতি বিঘ্নিত কৰিব নোৱাৰিব। সেয়েহে ভাৰত আৰু সংঘক ভাঙি পেলাবলৈ চেষ্টা কৰিছে।”
ভাৰতত অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি ভাগৱতে আন দেশৰ উদাহৰণো উল্লেখ কৰে। তেওঁ দাবী কৰে যে বিশ্বৰ বহু শক্তিয়ে ভাৰতৰ পৰাজয় বিচাৰে। অৱশ্যে তেওঁ বিশেষভাৱে কাৰো নাম উল্লেখ কৰা নাই। শেহতীয়াকৈ ফ্ৰান্স, নেপাল আৰু বাংলাদেশত চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱা প্ৰতিবাদৰ উদ্ধৃতি দি আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয়, “পশ্চিমৰ পৰা এজাক ধুমুহা আহি আছে, যিয়ে সংস্কৃতি, গতানুগতিক ব্যৱস্থা আৰু নিৰাপত্তাক ঘৃণা কৰে। এই ধুমুহাই ধ্বংস বিচাৰে।” ভাগৱতে দাবী কৰে যে বিশ্বৰ বিভিন্ন দেশত একাংশ লোকে নিজৰ স্বাৰ্থ পূৰণৰ বাবে এনে ‘অৰাজকতা’ সৃষ্টি কৰিছে।
ভাগৱতে লগতে কয় যে আসুৰিক শক্তিয়ে ভাৰত, হিন্দু আৰু সংঘক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে। সেই অনুসৰি কাম কৰি আছে। সংঘৰ মুৰব্বীগৰাকীয়ে লগতে দাবী কৰে যে ক্ষমতা দখল কৰাৰ ইচ্ছা আৰু জ্ঞানৰ অভাৱত দুজনান অভিলাষী নেতা ইয়াৰ লগত জড়িত হৈ আছে। অৱশ্যে গণতন্ত্ৰত আন্দোলনৰ প্ৰয়োজনীয়তাও ভাগৱতে স্বীকাৰ কৰে। তেওঁ কয়, “সমস্যা হ’লে নিশ্চয় আন্দোলন হ’ব। গণতন্ত্ৰত আন্দোলন হ’ব। কিন্তু ইয়াৰ জৰিয়তে সমাধান বিচাৰিব লাগে। আন্দোলনৰ লক্ষ্য সমাধান বিচাৰি উলিওৱা।”












