
পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক (Punjab’s Chief Minister Bhagwant Mann) প্ৰায় তিনি ঘণ্টা ধৰি দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ‘আবদ্ধ’ কৰি ৰখা হৈছিল। এই দাবী তেওঁৰ দল আম আদমী পাৰ্টীৰ। বিৰোধী শিবিৰৰ নেতা হোৱাৰ বাবেই তেওঁক ইচ্ছাকৃতভাৱে হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰিছে আপৰ নেতাসকলে। সমগ্ৰ বিষয়টোত কেন্দ্ৰৰ শাসকীয় নৰেন্দ্ৰ মোদী চৰকাৰক দোষাৰোপ কৰিছে। আনহাতে, ভগৱন্ত মানৰ পৰা ৫০ হাজাৰ টকা জৰিমনা আদায় কৰা বুলিও অভিযোগ উত্থাপন হৈছে। কিন্তু জৰিমনা বিহাৰ কাৰণ স্পষ্ট হোৱা নাই।
শেহতীয়াকৈ পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফ্ৰান্স ভ্ৰমণলৈ গৈছিল। পেৰিছৰ পৰা উভতি অহাৰ পিছত দিল্লী বিমানবন্দৰত তেওঁক ৰখাই থোৱা বুলি অভিযোগ উঠিছে। আপৰ দাবী যে বিমানবন্দৰৰ বিষয়াসকলে স্বীকাৰ কৰিছে যে তেওঁলোকক ‘ওপৰ মহলৰ পৰা গুৰুতৰ হেঁচা’ৰ সন্মুখীন কৰা হৈছিল। সেইবাবেই তেওঁক ৰখাই দিয়া হয়। অৰবিন্দ কেজৰিৱালৰ দলৰ মতে, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতি এই আচৰণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।

কেন্দ্রই ভগৱন্ত মানক বহিঃৰাষ্ট্ৰলৈ যোৱাৰ অনুমতি দিবলৈ ইচ্ছুক নহয় বুলিও আপে পূর্বে উল্লেখ কৰিছিল৷ পঞ্জাবত দলটোৰ মিডিয়া ইনচাৰ্জ বালতেজ পান্নুৱে ছ’চিয়েল মিডিয়াত কয় যে পেৰিছৰ পৰা উভতি অহাৰ পিছত ভগৱান মানে দিল্লী বিমানবন্দৰত বহু সময় থিয় হৈ থাকিবলগীয়া হৈছিল। তেওঁৰ সামগ্ৰীও তেওঁক গতাই দিয়া হোৱা নাছিল। তেওঁক মাথোঁ কোৱা হৈছিল যে বেগটো পৰীক্ষা কৰা হৈছে। তিনি ঘণ্টাৰ পাছত মুখ্যমন্ত্রীগৰাকীয়ে বেগটো লৈ বিমানবন্দৰৰ পৰা ওলাই আহিবলৈ যায় যদিও অভিযোগ অনুসৰি বিষয়াসকলে পুনৰ তেওঁক আবদ্ধ কৰাৰ চেষ্টা কৰে। ৫০ হাজাৰ টকাৰ জৰিমনাও তেওঁক বিহা হয়।
পান্নুৱে দাবী কৰে যে উক্ত বিষয়াসকলে ভাগৱন্ত মানৰ আগত ওপৰ মহলৰ হেঁচাৰ কথা উল্লেখ কৰিছিল। অৱশ্যে এই জৰিমনা বিহাৰ কাৰণ উল্লেখ কৰা নাই আপে। কেন্দ্ৰৰ ওপৰত পান্নুৰ আক্ৰমণ, “দেশৰ কোনো বিমানবন্দৰত কেতিয়াবা কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীক এনেদৰে অপমান কৰা হৈছেনে? কোনোবা মুখ্যমন্ত্ৰীক কেতিয়াবা তিনি ঘণ্টা ধৰি আটক কৰা হৈছে নেকি? ৫০ হাজাৰ টকাৰ চালান গতাই দিয়া হৈছে নেকি?” তেওঁ এই বিষয়টোক পঞ্জাবক অপমান কৰা বুলি অভিহিত কৰে। অৱশ্যে আপৰ দাবী সন্দৰ্ভত এতিয়ালৈকে চৰকাৰ অথবা প্ৰশাসনৰ কোনো ধৰণৰ ব্যাখ্যা পোৱা নাই।












