![]()
সোমবাৰে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাহাৰ ( ডিমা হাছাও ) স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণ৷ উল্লেখযোগ্য যে ৩০ জনীয়া স্বায়ত্ত্বশাসিত পৰিষদখনৰ ২৮ গৰাকী সদস্যক নিৰ্বাচিত কৰাৰ বিপৰীতে দুগৰাকীক মনোনীত কৰা হয়। অৱশ্যে এইবাৰ ৬ টা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী বিনা প্ৰতিদন্দিতাৰে নিৰ্বাচিত হোৱাত ২২ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷
এই নিৰ্বাচনত ১,৪১,১২৪ গৰকী ভোটাৰে ৮৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ ইয়াৰ বাবে মুঠ ২৩১ টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰে ভিতৰত ২২ টা অতি স্পৰ্শকাতৰ আৰু ৯২ টা স্পৰ্শকাতৰ বুলি জিলা প্ৰশাসনে চিনাক্ত কৰিছে৷
উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত প্ৰচাৰৰ সময়ত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয়। শনিবাৰে নিশা কালাচান্দ , চেমখৰ আৰু দলং সমষ্টিত বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট হয়।
ইফালে নিৰ্বাচনৰ পূৰ্বে হাতীখালী সমষ্টিত ধন বিতৰণ কৰিবলৈ যোৱাৰ সময়ত নগদ ধনসহ আটক হয় মাইবাং ইষ্ট সমষ্টিৰ পৰা বিনা প্ৰতিদন্দিতাৰে নিৰ্বাচিত হোৱা বিজেপি প্ৰাৰ্থী মনজয় লাংথাছা৷ লংকা আৰক্ষীয়ে আটক কৰে সদস্য গৰাকীক ৷
সদস্যজনৰ পৰা মুঠ ১১ লাখ টকা জব্দ কৰা হয়। ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা ২৮ নং চেমখৰ পৰিষদীয় সমষ্টিৰ জুইব্ৰা গাৱঁত গুলীচালনাৰ ঘটনা সংঘটিত হয়৷ গাঁওখনৰ এগৰাকী লোকৰ বিৰুদ্ধে থকা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁক ধৰিবলৈ যাওঁতে জুইব্ৰা গাঁৱৰ ৰাইজে বাধা দিয়াৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজ্জু কৰিছে ৷
আনহাতে, ৰাজ্যিক নিৰ্বাচন আয়োগে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ সময় দেওবাৰলৈকে বৃদ্ধি কৰাক লৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷
কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ভয়তে তিনিদিনকৈ ডিমা হাছাও জিলাত বাহৰ পাতিছে৷ আনহাতে, কংগ্ৰেছ প্ৰাৰ্থীক গাঁওবুঢ়াৰ দ্বাৰা প্ৰচাৰ কাৰ্যত চৰকাৰী পক্ষই বাধা আৰোপ কৰাৰো অভিযোগ কৰে।












