
পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিৰ গৰৈমাৰি গাঁৱত সংঘটিত হৈছে এক বোৱাৰী হত্যাৰ ঘটনা (Woman Killed)। এগৰাকী ৯ মহীয়া কন্যা সন্তানৰ মাতৃক হত্যাৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে, পূব কাৰ্বি আংলং জিলাৰ হাওৰাঘাট উত্তৰ বড়বিলৰ ঘনবস্তিৰ ৰুমি চৌহান নামৰ যুৱতীগৰাকী প্ৰায় দুবছৰ পূৰ্বে পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিৰ গৰৈমাৰি গাঁৱৰ হৰি বৰ্মন নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু যোৱা ২৪ মে’ত ৰুমি চৌহানক নিজ শহুৰেক ভোলা বৰ্মন আৰু শাহুৱেক মাজা ৰাণী বৰ্মনে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই অভিযোগ কৰিছে মৃত ৰুমি চৌহানৰ মাতৃয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰুমি চৌহানৰ পৰিয়ালে ডংকা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। ইয়াৰ পিছত আৰক্ষীয়ে ভোলা বৰ্মন আৰু মাজা ৰাণী বৰ্মনক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।
কিন্তু বৰ্তমানলৈকে ৰুমি চৌহানৰ স্বামী হৰি বৰ্মনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। যাৰ বাবে ৰুমি চৌহানৰ মাতৃয়ে শীঘ্ৰেই হৰি বৰ্মনক আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে।













