ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
June 9, 2026
Reading Time: 1 min read
A A
0
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

ফিফা বিশ্বকাপ ২০২৬ আৰম্ভ হ’বলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ইতিমধ্যে ডিফু চহৰক ফুটবল জ্বৰে আগুৰি ধৰিছে।সমগ্ৰ চহৰখনৰ ফুটবল অনুৰাগীসকলে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰৰ পতাকাৰে দোকান, বাহন আৰু বাসগৃহ সজাই বিশ্বৰ আটাইতকৈ ডাঙৰ ফুটবল এক্সট্ৰাভাগেঞ্জা উদযাপন কৰিবলৈ আৰম্ভ কৰিছে।
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক

দোকান, হোটেল আৰু ঘৰৰ ওপৰত বিভিন্ন দেশৰ পতাকা উৰি ফুৰা দেখা গৈছে, আনহাতে গাড়ী-মটৰ চাইকেলত সমৰ্থকৰ প্ৰিয় দলৰ ৰঙেৰে সজাই তোলা হৈছে। সমগ্ৰ চহৰখনৰ দেৱাল আৰু ষ্ট’ৰফ্ৰন্টত জাৰ্চি, ল’গ’ আৰু ফিফা থিমৰ সজ্জাও প্রত্যক্ষ কৰা গৈছে।

১১ জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ সর্ববৃহৎ এই প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখনৰ বাবে ফুটবল অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে।ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম (আই এছ টি) অনুসৰি ১২ জুনত পুৱা ১২.৩০ বজাত খেলখনৰ আৰম্ভণি হ’ব।

সমগ্র বিশ্বৰ লগত ফেৰ মাৰি বিশ্বকাপ ফুটবলক আদৰিবলৈ সাজু হোয়া ডিফু চহৰত আটাইতকৈ চকু কপালত তুলিব পৰা প্ৰদৰ্শনীৰ ভিতৰত এটা দেখা যায় ৰংগনিহাঙৰ চাৰ্চ ৰোডৰ এল বিছ বেকাৰী এণ্ড কনফেকচনেৰীত। কেৱল ডিফুতে নহয়, সমগ্ৰ কাৰ্বি আংলং আৰু চুবুৰীয়া জিলাসমূহতো ঘৰুৱা নাম হিচাপে পৰিগণিত হোৱা বেকাৰীখনে অংশগ্ৰহণকাৰী জাতিৰ পতাকাৰে চৌহদ সজাই তুলিছে। দোকানৰ সন্মুখত বিশ্বকাপ ফুটবলত অংশগ্রহণকারী দেশসমূহৰ সৰু সৰু পতাকাও বিক্ৰী কৰা হৈছে।

এই সংবাদদাতাৰ সৈতে হোৱা বার্তালাপত ফুটবলৰ প্ৰতি আকৰ্ষিত এল ভিছৰ স্বত্তাধিকাৰী ৰোহিলা ইংতিপিয়ে কয় যে ফিফা বিশ্বকাপ হৈছে চাৰি বছৰৰ মূৰে মূৰে এবাৰ অহা এক বিশেষ অনুষ্ঠান। চাৰি বছৰত এবাৰহে এই সুযোগ আহে, আৰু আমি বিশ্বৰ এই সৰ্বশ্ৰেষ্ঠ ফুটবল কাৰ্নিভালটো উদযাপন কৰা উচিত বুলিও মন্তব্য কৰে। নিজৰ প্ৰিয় দলৰ বিষয়ে সোধাত ইংতিপিয়ে কয় যে তেওঁ এই বছৰ ফ্ৰান্সক সমৰ্থন কৰিব।

‘সকলোৰে নিজৰ নিজৰ নিজৰ পছন্দ আছে, কিন্তু এইবাৰ মই ফ্ৰান্সক সমৰ্থন কৰিছো।২০২২ চনৰ বিশ্বকাপৰ সময়ত কাইলিয়ান এমবাপেৰ শৈলী আৰু প্ৰতিভাই মোক আপ্লুত কৰিছিল, আৰু মই আশা কৰিছো যে ফ্ৰান্সে পুনৰ ভাল প্ৰদৰ্শন কৰিব।’ ইয়াৰ উপৰিও জাৰ্মানী, ক্ৰ’ৱেচিয়া, জাপান আৰু দক্ষিণ কোৰিয়াক তেওঁৰ প্ৰিয় দলৰ ভিতৰত স্থান দিয়ে।

প্ৰতিযোগিতাখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা আন এগৰাকী ফুটবল অনুৰাগী হৈছে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক তথা কাছাৰ পৰিচালক হৰেণ ইংতি কাথাৰ। কেইবাখনো প্ৰতিযোগিতাত জিলা আৰু ৰাজ্য দুয়োখনকে প্ৰতিনিধিত্ব কৰা এজন প্ৰাক্তন ফুটবলাৰ ইংতিয়ে ফিফা বিশ্বকাপৰ পরা নিজক কেতিয়াও আতরাই ৰখা নাই। তেওঁ কয় যে এইবাৰ মই জাপানক সমৰ্থন কৰিছো।এইটো এছিয়াৰ অন্যতম শক্তিশালী দল আৰু বছৰ বছৰ ধৰি ধাৰাবাহিকভাৱে উন্নতি সাধন কৰি আহিছে।

তেওঁ লগতে কয় যে জাপান মোৰ প্ৰিয় দল, আৰু মোৰ বিশ্বাস তেওঁলোকে গোটেই পথটো অতিক্রম করি বিশ্বকাপ জয় কৰিব পাৰে। ২০২৫-২৬ ছিজনত ইণ্ডিয়ান ফুটবল লীগ-২ত চতুৰ্থ স্থান দখল কৰা কাৰ্বি আংলং মৰ্নিং ষ্টাৰ এফ চিৰ মেনেজাৰ তথা প্ৰশিক্ষক ৱাইছং বেও এই প্ৰতিযোগিতাখনৰ বাবে আগ্ৰহেৰে বাট চাই আছে। নিজেই এজন ফুটবলাৰ বেই নিজৰ ক্লাবৰ সদস্যসকলৰ সৈতে বিশ্বকাপ উপভোগ কৰাৰ পৰিকল্পনা কৰিছে।”ফুটবল হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ খেল, আৰু সকলোৱে বিশ্বকাপ উপভোগ কৰিব বিচাৰে। এইবাৰ মই ফ্ৰান্স আৰু পৰ্তুগালক সমৰ্থন কৰিছো কাৰণ দুয়োটা দলতে বহু প্ৰতিভাৱান আৰু বিশ্বমানৰ খেলুৱৈ আছে” বুলি মন্তব্য কৰি বে’ই ভৱিষ্যদ্বাণী কৰে যে দুয়োটা দল ফাইনেলত স্থান লাভৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হ’ব পাৰে।

চহৰখনৰ আবেগিক ফুটবল সমৰ্থকৰ ভিতৰত আছে পুলিচ ৰিজাৰ্ভৰ সমীপৰ ৰংপিৰবিৰ পুতুল বৰা। জাৰ্মানীৰ আজীৱন সমৰ্থক বৰা বিশ্বকাপ উদযাপনৰ বাবে বহু বছৰৰে পৰা  স্থানীয়ভাৱে সুপৰিচিত হৈছে। প্ৰতিবাৰ ফিফা বিশ্বকাপ আহিলেই তেওঁৰ বাসগৃহত অংশগ্ৰহণকাৰী দেশসমূহৰ ৰাষ্ট্ৰৰ পতাকা, কিংবদন্তি ফুটবলাৰৰ ফটো, ফিফাৰ মাস্কট আৰু অনুৰাগীৰ স্মৃতিচিহ্নৰে সজাই তোলা হয়।

পূৰ্বৰ সংস্কৰণসমূহৰ সময়ত তেওঁৰ বাসগৃহত শ শ স্থানীয় বাসিন্দা, ফুটবল অনুৰাগী আৰু বন্ধু-বান্ধৱীয়ে একেলগে মেচ চাবলৈ গোট খাইছিল।

ইতিমধ্যে এইবাৰো তেঁওৰ প্ৰস্তুতি পূর্ণগতিত চলি আছে। বৰাই প্রতিবছৰৰ দৰেই নিজৰ বাসগৃহৰ চোতালখন বিশ্বকাপৰ স্টেডিয়াম সদৃশ সজাই তুলিছে। য’ত প্ৰদৰ্শিত হৈছে বিশ্বকাপত অংশগ্রহণকাৰী দলর হ’ৰ্ডিং, বেনাৰ আৰু ৰাষ্ট্ৰীয় পতাকা। বৰাই কয় যে প্ৰজেক্টৰৰ সৈতে এটা বিশাল পৰ্দা স্থাপন কৰা হ’ব যাতে ফুটবল অনুৰাগীয়ে একেলগে লাইভ মেচ উপভোগ কৰিব পাৰে।

ফিফা বিশ্বকাপ ২০২৬ৰ কাউণ্টডাউন অব্যাহত থকাৰ সময়তে সমগ্ৰ ডিফুত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাই ফুটবলৰ প্ৰতি থকা গভীৰ আবেগক প্ৰতিফলিত কৰিছে যিয়ে সমগ্ৰ কাৰ্বি আংলং আৰু ইয়াৰ বাহিৰৰ অনুৰাগীসকলক একত্ৰিত কৰে।

Tags: ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
Share4Tweet3Send

Related Posts

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

June 11, 2026
50
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১
National-International

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

June 11, 2026
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx