
কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত কাকীজান চামপথাৰ বুৰা টেৰণ গাঁৱত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। গাঁওখনৰ প্ৰয়াত ৰামছিং টেৰণৰ পুত্ৰ সঞ্জীৱ টেৰণ নামৰ যুৱকজনক নিজৰ কনিষ্ঠ ভাতৃ আকাশ টেৰণে কুঠাৰেৰে ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, কালি সন্ধিয়া আকাশ টেৰণে জ্যেষ্ঠ ভাতৃ সঞ্জীৱ টেৰণ (২৮)ক কুঠাৰেৰে মূৰ আৰু মূখত ঘপিয়াই গুৰুতৰভাৱে আহত কৰে।
আহত যুৱকজনক লগে লগে বকলীয়াঘাট প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও আঘাত অতি গুৰুতৰ হোৱাৰ বাবে যুৱকজনক অতি সংকটজনক অৱস্থাত ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। অৱশেষত ডিফুত চিকিৎসাধীন অৱস্থাত আজি সঞ্জীৱ টেৰণৰ মৃত্যু হয়।

আনহাতে, ভাতৃহন্তা আকাশ টেৰণক আৰক্ষীয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে। পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটোৱে বকলীয়াঘাট অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।













