![]()
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিচালনাৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ। মুখ্য বন সংৰক্ষক ডঃ সোণালী ঘোষে (Dr. Sonali Ghosh) অহা মাহৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথমগৰাকী মহিলা ক্ষেত্ৰ সঞ্চালকৰ (first woman field director of Kaziranga National Park) ভূমিকা গ্ৰহণ কৰিব।
পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, অসম চৰকাৰৰ শেহতীয়া নিৰ্দেশত ইতিমধ্যে এই যুগান্তকাৰী পৰিৱৰ্তনৰ কথা কোৱা হৈছে। অহা ১ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব ডঃ সোণালী ঘোষে।

ভাৰতীয় বন সেৱাৰ বিশিষ্ট বিষয়া ডঃ ঘোষে ৩১ আগষ্টত অৱসৰ লʼবলগীয়া বৰ্তমানৰ ক্ষেত্ৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।
বৰ্তমান তেওঁ গুৱাহাটীৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনী মুৰব্বীৰ কাৰ্যালয়ত গৱেষণা শিক্ষা আৰু কৰ্ম পৰিকল্পনা বিভাগৰ মুখ্য বন সংৰক্ষকৰ পদত অধিষ্ঠিত হৈ আছে।













