
অসম আৰক্ষীৰ অবৈধ গৰুৰ বেহা (Illegal cow trade) আৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। বিশেষকৈ অসম চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা অসম গোধন সুৰক্ষা আইন (Assam cattle preservation act)ৰ অধীনত গৰুৰ অবৈধ সৰবৰাহ, ব্যৱসায় আৰু নিৰ্দিষ্ট নিয়মৰ বাহিৰত গোধন বধ নিষিদ্ধ (Cattle slaughter is prohibited outside) কৰিছে। ইয়াৰে অংশ হিচাপে অসম আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই আছে।
তেনে এক অভিযানত বিশ্বনাথ জিলা আৰক্ষীয়ে শতাধিক গৰু কঢ়িয়াই নিয়া ১০খনকৈ বাহন জব্দ (About 10 vehicles seized) কৰে। আনহাতে, এই গৰু সৰবৰাহৰ অভিযোগত ৩৬ জন লোকক গ্ৰেপ্তাৰ (36 people arrested) কৰাৰ লগতে ১০৬ টা গৰু উদ্ধাৰ (Rescued 106 cows) কৰে। এই কথা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
ফেচবুক পোষ্টটোত তেওঁ লিখিছে, ‘‘১০০ গৰু হৰিলে ৩৬ৰ মৰণ! গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত অপৰাধীৰ বিৰুদ্ধে আমাৰ কঠোৰ অভিযান অব্যাহত আছে। বিশ্বনাথ আৰক্ষীয়ে এক বৃহৎ অভিযান চলাই ১০খন বাহনত অমানৱীয় পৰিস্থিতিত কঢ়িয়াই নিয়া ১০৬টা পশুধন উদ্ধাৰ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত ৩৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গো-সুৰক্ষা আৰু আমাৰ জনসাধাৰণ তথা খেতিয়কসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমাৰ সংকল্প অটুট আৰু দৃঢ়।’’

উল্লেখযোগ্য যে বিশ্বনাথৰ উপৰি ধুবুৰীতো গোপনে এটা চক্ৰই গৰু সৰবৰাহ অব্যাহত ৰখাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আন এটা পোষ্টত উল্লেখ কৰিছে যে ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত চহৰাঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত অভিযান চলাই ৭৯টা গৰু উদ্ধাৰ কৰা হৈছে।
নদীপথেৰে বিদেশলৈ চালান দিবলৈ ওলোৱা সময়তে গৰুকেইটা আৰক্ষীয়ে জব্দ কৰা বুলি উল্লেখ কৰি পোষ্টটোত লিখিছে, ‘‘ভবা কথা নহয় সিদ্ধি, অসম আৰক্ষী আছে বাটত ৰখি! অসমত আইভিএফৰ জৰিয়তে লখিমী মাইকী গৰু পোৱালি জন্ম দিয়াৰ ইতিবাচক বার্তাটো কালি আপোনালোকক দিছিলোঁ। কিন্তু আমাৰ গোধন সংৰক্ষণ আৰু দুগ্ধ খণ্ডৰ উন্নয়নৰ প্ৰচেষ্টাৰ বিপৰীতে এটি চক্ৰই গোধনৰ চোৰাং সৰবৰাহ কৰি অবৈধ ধন ঘটিবলৈ উঠি-পৰি লাগিছে। এনে অবৈধ বেহা ৰোধ কৰিবলৈ আমাৰ অসম আৰক্ষী সতর্ক, সজাগ আৰু সদায় তৎপৰ। ইয়াৰে ফল স্বৰূপে ধুবুৰী আৰু ফকিৰগঞ্জ থানাৰ অন্তৰ্গত চৰাঞ্চল তথা আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাত একাধিক অভিযান চলাই ৭৯ টা গৰু অসম আৰক্ষীয়ে উদ্ধাৰ কৰিছে। নদীপথেৰে বিদেশলৈ নিয়াৰ যোজা চলাওঁতেই এই গৰুসমূহ উদ্ধাৰ কৰা হয়। অসম আৰক্ষীৰ সতর্ক-সক্ৰিয় পদক্ষেপৰ আন্তৰিকতাৰে শলাগ ল’লোঁ।’’













