![]()
অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছত ভয়ংকৰ আকাৰ ধাৰণ কৰিছে বানপানীয়ে। অধিকাংশ ঘৰ-বাৰী জলমগ্ন। পানীৰ তলত ৰাস্তা-ঘাট। হাজাৰ হাজাৰ মানুহ নিজৰ ঘৰ-বাৰী এৰি অন্য ঠাইলৈ যাবলৈ বাধ্য হৈছে।
ৰাজ্যৰ প্রশাসনিক বিষয়াই কৈছে যে ছিডনিৰ পৰিস্থিতি বেয়া হোৱাত যোৱাৰাতি দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সেনা সদস্যসকলৰ সহযোগিতাত ২২ জনক উদ্ধাৰ কৰে।
পৰিস্থিতি বিবেচনা কৰি ছিডনিত ১০০ সেনা নিয়োগ কৰা হৈছে। নিউ ছাউথ ৱেলছ ৰাজ্যৰ জলস্তৰ ক্রমশ বাঢ়ি থকাত প্রায় ৫০ হাজাৰ মানুহক অন্য ঠাইলৈ যাবলৈ প্রস্তুতিৰ নির্দেশ দিয়া হৈছে। একেই নির্দেশ দিছে নিউ ছাউথ ৱেলছ ৰাজ্যৰ প্রধানমন্ত্রী ডোমেনিক পেৰোটেটে।
বিষয়াসকলে সকলে আৰু জনাই যে প্রবল বৃষ্টিপাত, বান আৰু প্রবল বতাহৰ কাৰণে ১৯ হাজাৰ ঘৰ-বাৰীৰ সংযোগ বিচ্ছিন্ন হৈছে। ফেডেৰাল চৰকাৰে নিউ ছাউথ ৱেলছ ৰাজ্যৰ ২৩টি প্লাবিত অংশত প্রাকৃতিক দুর্যোগ ঘোষণা কৰিছে লগতে ক্ষতিগ্রস্ত বাসিন্দাসকলক সাহায্য দিয়াৰ উদ্যোগ লৈছে।












