
ড’নাল্ড ট্ৰাম্প প্ৰশাসনে সমগ্ৰ বিশ্বৰ আমেৰিকান (American Visa) দূতাবাস আৰু কনছুলেটসমূহক ভিছাৰ ইণ্টাৰভিউ বন্ধ (Visa interview closed) কৰিবলৈ নিৰ্দেশ দিছে। আমেৰিকালৈ যোৱা ভিছা আবেদনকাৰীৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত (Temporarily suspended) ৰখাৰ নিৰ্দেশ জাৰি কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে। এই নিৰ্দেশনা সকলো দেশৰ বাবে প্ৰযোজ্য। এই নিৰ্দেশনাৰ কাৰণো নিৰ্দেশনাত উল্লেখ কৰা হৈছে।
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ নিৰ্দেশনাত কোৱা হৈছে যে ট্ৰাম্প প্ৰশাসনে ভিছা পৰ্যালোচনাৰ সৈতে জড়িত বিষয়াসকলৰ বাবে বিশ্বজনীন প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। যেতিয়ালৈকে এই কাৰ্যসূচী চলি থাকিব তেতিয়ালৈকে ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া স্থগিত ৰখা হ’ব। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কয় যে এই প্ৰশিক্ষণৰ লগত সংগতি ৰাখি পৰৱৰ্তী সাক্ষাৎকাৰৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব। অৱশ্যে সাক্ষাৎকাৰৰ নতুন তাৰিখ কেতিয়া দিয়া হ’ব সেয়া ট্ৰাম্প প্ৰশাসনে স্পষ্ট কৰা নাই।

এই সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয়, “আমেৰিকা প্ৰশাসনে প্ৰতিটো ভিছা আবেদনৰ সম্যক মূল্যায়ন নিশ্চিত কৰিব বিচাৰে।” ভিছা পৰ্যালোচনাৰ সময়ত বুজিব লাগিব যে আমেৰিকালৈ যোৱাৰ আঁৰত আবেদনকাৰীৰ স্বাৰ্থ কি। যদিহে চৰকাৰৰ বোজা বা আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ প্ৰৱণতা বুজা যায় তেন্তে ভিছা বাতিল কৰা হ’ব। এই প্ৰশিক্ষণৰ জৰিয়তে দূতাবাস বা কনছুলেটত ভিছা পৰ্যালোচনা কৰা বা আবেদনকাৰীৰ সাক্ষাৎকাৰ লোৱাসকলে এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব পাৰে।
ইতিমধ্যে আমেৰিকাৰ দূতাবাস বা কনছুলেটে ভিছা আবেদনকাৰীলৈ ইমেইল প্ৰেৰণ কৰি সাক্ষাৎকাৰ পিছুৱাই দিয়াৰ কথা জনাইছে। অৱশ্যে সাক্ষাৎকাৰৰ কোনো নতুন তাৰিখ বৰ্তমান দিয়া হোৱা নাই। কোৱা হৈছে যে “কেতিয়া পুনৰ সাক্ষাৎকাৰ লোৱা হ’ব, পিছত ঘোষণা কৰা হ’ব।”
দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ট্ৰাম্পে আমেৰিকাৰ প্ৰব্ৰজন নীতিত পৰিৱৰ্তন আনিব বুলি ঘোষণা কৰিছিল। সেই মতে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপসমূহৰ ভিতৰত আবেদনকাৰীৰ ছ’চিয়েল মিডিয়াৰ ইতিহাসৰ অতিৰিক্ত পৰীক্ষণ, ব্যয়বহুল ভিছা বণ্ড প্ৰৱৰ্তন আৰু কিছুমান দেশৰ নাগৰিকক ভিছা প্ৰদানৰ ক্ষেত্ৰত বাধা আৰোপ কৰা আদি অন্তৰ্ভুক্ত আছে। ট্ৰাম্প প্ৰশাসনে বিগত সময়ত বহু ভিছা বাতিল কৰিছিল। ট্ৰাম্পে স্পষ্ট কৰি দিছে যে তেওঁৰ প্ৰশাসনে আমেৰিকাৰ স্বাৰ্থৰ ক্ষতি কৰা কোনো কথাত আপোচ নকৰে।












