
লামডিঙৰ পাথৰখোলা ৰে’ল ষ্টেচনত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Lumding rail station)। বিহাৰৰ পৰা আগৰতলা অভিমুখে গৈ থকা হামছফৰ এক্সপ্ৰেছ পাথৰখোলা ষ্টেচনত ৰখাৰ সময়তে ৰে’লৰ পৰা নামি আহি এজন যুৱকে আত্মহত্যাৰ চেষ্টা চলায়। ৰে’ল ষ্টেচনত থকা হাই ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰত ধৰি আত্মহত্যাৰ চেষ্টা চলায় ২৬ বছৰীয়া দিলখুছ কুমাৰ নামৰ বিহাৰৰ এজন যুৱকে। লগে লগে বিদ্যুৎস্পৃষ্ট হৈ ঢলি পৰে।

ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে লামডিং আৰপিএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি লামডিং ৰে’লৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, যুৱকজনৰ ঘৰ বিহাৰৰ বেগুছৰাইত। তেওঁ পাৰিবাৰিক কাজিয়াৰ বাবে ঘৰ এৰি অসমলৈ আহিছিল।
আনহাতে, যুৱকজনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। যুৱকজনৰ অৱস্থা বৰ্তমানো সংকটজনক বুলি জানিব পৰা গৈছে।












