
ডিব্ৰুগড় জিলাৰ টেঙাখাতত ভাৰতীয় তেল নিগমৰ অধীনস্থ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত বিস্ফোৰণ (Dibrugarh Oil farm blast)। বিস্ফোৰণৰ পিছতে সংঘটিত অগ্নিকাণ্ডত এতিয়ালৈকে এজন লোকৰ মৃত্যু৷ আনহাতে, আন পাঁজন লোক আহত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, টেংক ফাৰ্মৰ ভাল্ভ এটা চলোৱাৰ সময়তে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত পিএছইউত নিয়োজিত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীৰ মৃত্যু হয়। আনহাতে, আন পাঁচজন লোক আহত হয়৷

অইল ইণ্ডিয়া লিমিটেডৰ এক বিবৃতি অনুসৰি, টেংক ফাৰ্মত ৰক্ষণাবেক্ষণৰ কাম কৰি থকাৰ সময়তে পুৱা প্ৰায় ৯.০৫ বজাত এই বিস্ফোৰণ সংঘটিত হৈ ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। এই ঘটনাত অগ্নিদগ্ধ লোককেইজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অইল ইণ্ডিয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। আনহাতে, চিকিৎসাধীন অৱস্থাতে ৰাজু দত্ত নামৰ কৰ্মচাৰীজনৰ মৃত্যু হয়।
নিহত ৰাজু দত্ত আৰু আহত আন পাঁচজন লোক অইল ইণ্ডিয়াত নিয়োজিত মুম্বাইস্থিত স্পেক্ট্ৰন ইঞ্জিনীয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী আছিল। অৱশ্যে অইল ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি, অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনিছে। ঘটনাটোত আহত কৰ্মচাৰীকেইজন হৈছে তাপস গগৈ, শৈলেন গগৈ, কুমুদ গগৈ, গোলাপ দত্ত আৰু ইন্দ্ৰ গগৈ৷












