
হাইলাকান্দিত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত আৰক্ষীয়ে ১২ হাজাৰটা নিষিদ্ধ য়াবা টেবলেট জব্দ কৰাৰ লগতে শ্বাহা আলম নামৰ এজন ব্যক্তিক আটক কৰিছে।
এই অভিযানত চি আৰ পি এফৰ ১৪৭ নং বেটেলিয়নৰ চোৰাংচোৱা শাখায়ো আৰক্ষীক তথ্য যোগান ধৰি সহযোগিতা আগবঢ়ায়। ধৃত শ্বাহা আলমৰ ঘৰ হাইলাকান্দি জিলাৰ নিতাইনগৰ তৃতীয় খণ্ডত বুলি জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত প্ৰথমে অভিযান চলাই বৃহৎ পৰিমাণৰ য়াবা টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত আটকাধীন শ্বাহা আলমৰ নিতাইনগৰ তৃতীয় খণ্ডস্থিত বাসগৃহতো তালাচী চলোৱা হয়। আৰক্ষী আৰু চি আৰ পি এফৰ চোৰাংচোৱা শাখাৰ তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত সৰ্বমুঠ ১২ হাজাৰটা য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা নিচাযুক্ত টেবলেটসমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা বুলি অনুমান কৰা হৈছে।
আনহাতে, নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ কামত ব্যৱহাৰ কৰা এ এছ ২৪ এ ৩২১৩ নম্বৰৰ এখন আল্টো বাহনো আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ যায়।
এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ক’ৰ পৰা অনা হৈছিল আৰু ইয়াৰ সৰবৰাহৰ আঁৰত আন কোন কোন লোক জড়িত হৈ আছে, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আটকাধীন শ্বাহা আলমক কেন্দ্ৰ কৰি মাদক সৰবৰাহৰ বৃহৎ চক্ৰৰ সন্ধানত নামি পৰিছে আৰক্ষী।












