
৩০ অক্টোবৰ। অসমৰ ইতিহাসৰ এটা ক’লা দিন। বিভীষিকাময় এই দিনটো বহু পৰিয়াল আৰু ব্যক্তিৰ বাবে আছিল এক বেদনাময় আৰু কোনো দিনে পাহৰিব নোৱাৰা দিন।
২০০৮ চনৰ এই দিনটোতে সংঘটিত হৈছিল ৰাজ্যত ভয়াৱহ ধাৰাবাহিক বোমা বিস্ফোৰণ। এই বিস্ফোৰণে সমগ্ৰ ৰাজ্যখনক কঁপাই তুলিছিল।
হয়, ‘অভিশপ্ত ৩০ অক্টোবৰ’। ২০০৮ চনৰ আজিৰ দিনটোতে বৰ্বৰ সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বোমা বিস্ফোৰণে ছাৰখাৰ কৰি দিছিল নিৰীহ অসমীয়াৰ হাঁহি-কান্দোনৰ সংসাৰ। দীপান্বিতাৰ আনন্দৰ উছাহ মাৰ নৌযাওঁতেই দিনৰ প্ৰায় ১১.৩০ বজাত ঘটা ধাৰাবাহিক বিস্ফোৰণৰ শব্দই স্তব্ধ কৰি তুলিছিল সমগ্ৰ অসমক। আজি এই ভয়াৱহ ঘটনাৰ ১৮ বছৰ সম্পূৰ্ণ হ’ল যদিও ইয়াৰ বেদনাৰ ছাঁ আজিও মচ খাই যোৱা নাই ৰাজ্যবাসীৰ মনৰ পৰা।
২০০৮ চনৰ ৩০ অক্টোবৰৰ সেই অভিশপ্ত দিনটোত গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটাৰোডকে ধৰি ৰাজ্যৰ প্ৰায় ৯টা ব্যস্ত স্থানত ধাৰাবাহিকভাৱে ১৮টাকৈ ভয়ংকৰ বোমা বিস্ফোৰণ ঘটিছিল।
মহানগৰীৰ আটাইতকৈ ব্যস্ত অঞ্চল গণেশগুৰি, পাণবজাৰ আৰু ফাঁচীবজাৰত কাৰ বোমাৰ জৰিয়তে উচ্চ প্ৰাবল্যৰ বিস্ফোৰণ ঘটোৱা হৈছিল। পলকতে এই অঞ্চলসমূহ জ্বলন্ত অগ্নিপিণ্ড আৰু মৃতদেহৰ স্তূপত পৰিণত হৈছিল।

এই বৰ্বৰ আক্ৰমণত থিতাতে আৰু চিকিৎসাধীন অৱস্থাত ৮১ গৰাকী নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। লগতে ৪৭০ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছিল। বহু লোক চিৰদিনৰ বাবে পংগু হৈ পৰিছিল।
পৰৱৰ্তী সময়ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ (CBI) তদন্তত পোহৰলৈ আহে যে এই সমগ্ৰ নৃশংস হত্যাকাণ্ডৰ নেপথ্যত আছিল বড়ো উগ্ৰপন্থী সংগঠন এনডিএফবিৰ ৰঞ্জন ডাইমাৰী গোট। আৰডিএক্স আৰু ৰাসায়নিক ব্যৱহাৰ কৰি অতি পৰিকল্পিতভাৱে এই আক্ৰমণ চলোৱা হৈছিল। ২০১৯ চনত চিবিআইৰ বিশেষ আদালতে মুখ্য অভিযুক্ত ৰঞ্জন ডাইমাৰীসহ ১৫ জন অভিযুক্তক দোষী সাব্যস্ত কৰে আৰু পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে।
আজি ১৮ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ অসমতে নিহতসকলৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলিৰ জনোৱা হৈছে। গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেতুৰ তলত থকা স্মৃতিসৌধৰ লগতে বিভিন্ন স্থানত নিহতসকলৰ পৰিয়াল আৰু সাধাৰণ ৰাইজে বন্তি প্ৰজ্বলন কৰি একাঁজলি অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাময়ো সামাজিক মাধ্যমৰ জৰিয়তে এই দিনটোক অসমৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায় বুলি অভিহিত কৰি ভুক্তভোগী পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে। লগতে অসমত পুনৰ যাতে কেতিয়াও এনে সন্ত্ৰাসবাদৰ ক’লা দিন ঘূৰি নাহে, তাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰে।












